গন্ধৰ্বৰ উদ্যোগত গুৱাহাটীত ভূপেন্দ্ৰ সংগীত, চিত্ৰাংকন প্ৰতিযোগিতা আৰু নাট মহোৎসৱ
অ ভিনয় আৰু সংগীত শিক্ষাৰ প্ৰতিষ্ঠান ‘গন্ধৰ্ব’ৰ বিংশতিতম বৰ্ষপূৰ্তি উপলক্ষে অহা ৬ আৰু ৭ ডিচেম্বৰ, ২০২৪ তাৰিখে দুদিনীয়াকৈ দ্বিতীয় বাৰ্ষিক গন্ধৰ্ব নাট মহোৎসৱ মালিগাঁৱৰ বৰিপাৰাস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত আয়োজন কৰিছে বুলি অনুষ্ঠানটিৰ সভাপতি গৌতম কুমাৰ আৰু সম্পাদক ধ্ৰুৱজ্যোতি কুমাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে। প্ৰথম নিশাৰ নাট্য সন্ধিয়াত প্ৰয়াত শিল্পী সুদক্ষিণা শৰ্মাৰ সোঁৱৰণত গন্ধৰ্বৰ স্ব-প্ৰযোজনাত হিমজ্যোতি বৈশ্যৰ ৰচনা আৰু ধ্ৰুৱজ্যোতি কুমাৰৰ পৰিচালনাত নাটক ‘দৃষ্টান্ত’ আৰু বিশিষ্ট নাট্যকাৰ নৰেন পাটগিৰিৰ ৰচনা আৰু পৰিচালনাত ভাৰতীয় গণনাট্য সংঘৰ প্ৰযোজনাত নাটক ‘প্ৰিয়বন্ধু’ সন্ধিয়া ৬.৩০ বজাৰ পৰা মঞ্চস্থ কৰা হ’ব। দ্বিতীয় নিশাৰ নাট্য সন্ধিয়াত অভিনেতা জয়ন্ত দাসৰ সোঁৱৰণত নটসূৰ্য, গুৱাহাটীৰ প্ৰযোজনাত নাট্যকাৰ অভিজিৎ ৰঞ্জন ভট্টাচাৰ্যৰ ৰচনা আৰু মন্মথ বৰুৱাৰ পৰিচালনাত নাটক ‘হালধীয়া মানুহ’ সন্ধিয়া ৬.৩০ বজাত মঞ্চস্থ কৰা হ’ব।

নাট মহোৎসৱৰ লগত সংগতি ৰাখি গন্ধৰ্বই প্ৰকাশ কৰি উলিওৱা বিশিষ্ট সাংস্কৃতিক সাংবাদিক তথা লেখক অতুল মজুমদাৰৰ ‘নাট্য প্ৰৱাহ’ নামৰ গ্ৰন্থখনি প্ৰথম নিশাৰ নাট্য সন্ধিয়াটিত উন্মোচন কৰিব নাট্যকাৰ নৰেন পাটগিৰিয়ে। দ্বিতীয় নিশা অৰ্থাৎ ৭ ডিচেম্বৰ তাৰিখে বিচমিল্লা খাঁ বঁটা প্ৰাপক ডিম্পী বৈশ্যৰ সত্ৰীয়া নৃত্যৰে সেইদিনাৰ সন্ধিয়াটিৰ শুভাৰম্ভণি কৰা হ’ব।
৭ ডিচেম্বৰ, আবেলি ৩.০০ বজাৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ জীৱন শিল্পী আদ্য শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৮ ডিচেম্বৰ তাৰিখে ৰাতিপুৱা ১০.০০ বজাৰ পৰা চতুৰ্দশ বাৰ্ষিক সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ’ব (‘ক’ শাখা ১৫ বছৰৰ তলৰ আৰু ‘খ’ শাখা ১৫ বছৰ ওপৰৰ প্ৰতিযোগীৰ বাবে)। প্ৰতিযোগীয়ে বয়সৰ প্ৰমাণ পত্ৰ জমা দিয়াটো বাধ্যতামূলক। প্ৰতিযোগিতাত বাদ্যযন্ত্ৰী উদ্যোক্তাৰ তৰফৰ পৰা যোগান ধৰা হ’ব। প্ৰতিযোগিতাত প্ৰতিযোগীৰ সাজপাৰ মাৰ্জিত হোৱাটো বাঞ্ছনীয়। যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত সমিতিৰ সিদ্ধান্ত চূড়ান্ত বুলি বিবেচিত হ’ব। ৮ ডিচেম্বৰৰ সন্ধিয়া ৭.০০ বজাত বঁটা বিতৰণী আৰু সাংস্কৃতিক কাৰ্যক্ৰমণিকাৰে গন্ধৰ্বৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ সামৰণি ঘটিব। সবিশেষ জানিবৰ বাবে ৯৮৬৪১-৩০৫৭২, ৯৩৬৫৩-৪৩১৯৫, ৭০০২৮-৪৭২৪০— এই নম্বৰসমূহত যোগাযোগ কৰিব পাৰিব বুলি গন্ধৰ্বই জনাইছে।
❧ | আৰু পঢ়ক:
- ‘কবিতা কবিতা লগা গান’ গীতৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ উন্মোচন
- উন্মোচিত হ’ল অনলাইন শিশু আলোচনী কাণখোৱা
- এশ নিযুত ভাৰতীয় মধুমেহ ৰোগত আক্ৰান্ত
- ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জনাই গুগলৰ গুগল-ডুডল
- গৰীয়সীৰ প্রচ্ছদ কাহিনী— ই-জোনাকী যুগ
Follow Nilacharai on Facebook
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।