কাৰবি জনগোষ্ঠীৰ অনন্য সাংস্কৃতিক সম্পদ: কৰ্মবিষয়ক গীত ‘ৰেতকিনং আলুন’

কাৰবি জনগোষ্ঠীৰ অনন্য সাংস্কৃতিক সম্পদ: কৰ্মবিষয়ক গীত ‘ৰেতকিনং আলুন’

কা ৰবি জনগোষ্ঠীৰ কৰ্মবিষয়ক গীত ‘ৰেতকিনং আলুন’ (জুমতলিৰ গীত)ৰ মাজেৰে জনগোষ্ঠীটোৰ ঐতিহ্য, জাতীয় সত্তা উজ্জ্বল ৰূপত প্ৰকাশি উঠিছে। বিভিন্ন গীত পদৰ মাজেৰে প্ৰকাশিত হৈ উঠিছে জনগোষ্ঠীটোৰ মৌলিক কৃষি পদ্ধতি জুম খেতি, কাৰবি সমাজৰ পৰম্পৰাগত কৃষি-কৰ্ম, আচাৰ-অনুষ্ঠান আৰু লোকজীৱনৰ নানান দিশ।

ৰেতকিনং আলুনসমূহ কাৰবি লোকসকলৰ কৰ্ম জীৱনৰ অপৰিহাৰ্য অংগ। কৰ্মবিষয়ক গীত হিচাপে কাৰবি সমাজৰ মাজত ৰেতকিনং আলুনৰ ভূমিকা তাৎপৰ্যপূৰ্ণ। এই গীতসমূহৰ মাজেৰে জনগোষ্ঠীটোৰ সাহিত্য তথা সাংস্কৃতিক দিশটোও ফুটি ওলাইছে। সৰলতাৰে পৰিপূৰ্ণ, প্ৰেম-প্ৰীতি, আবেগ-অনুভূতি সিক্ত বৰ্ণনা, ভাবৰ অকৃত্ৰিম প্ৰকাশ, প্ৰকৃতিক তথা নৈসৰ্গিক ৰূপ আদিৰ প্ৰতিফলন ঘটা এই গীতসমূহ লোকসাহিত্যৰ অমূল্য সম্পদ। জুমতলিৰ কঠোৰ শ্ৰম আৰু অভিজ্ঞতা পৰিস্ফুট হোৱা হৃদয়গ্ৰাহী, মৰ্মস্পৰ্শী বিভিন্ন গীতৰ সুৰে কাৰবি গীতি-সাহিত্যৰ ভঁ‌ৰাল সমৃদ্ধ কৰি তুলিছে। ৰেতকিনং আলুনত জনগোষ্ঠীটোৰ সামাজিক পটভূমিৰ উজ্জ্বল ছবিখন ফুটি উঠিছে।

বিভিন্ন উৎসৱ-পাৰ্বণ, নৃত্য-গীতৰ লগতে বিভিন্ন শ্ৰেণীৰ লোকগীতে কাৰবি জনগোষ্ঠীক সংস্কৃতিপ্ৰাণ জনগোষ্ঠী হিচাপে পৰিচয় দিয়াত বিশেষ ভূমিকা পালন কৰিছে। তেনে লোকগীত, যেনে— কেপ্লাং আলুন (সৃষ্টিমূলক আখ্যান গীত), চাবিন আলুন (ৰামায়ণৰ গীত), আছ’কাপাজাল (ওমলা গীত), লুনফাৰাৱ (বনগীত), খোকখ্ৰে আলুন (গৰখীয়া গীত), বংআই আলুন (প্ৰেম-প্ৰীতিমূলক গীত) আদিৰ ভিতৰত ছালকাতিক আলুন অৰ্থাৎ শ্ৰম বিষয়ক বা কাৰ্য বিষয়ক গীতৰ স্থান অতি গুৰুত্বপূৰ্ণ। দৰাচলতে কাৰবিসকলৰ গীতসমূহ কৰ্মময় জীৱনৰ কথাৰে পৰিপূৰ্ণ। তেওঁলোকৰ প্ৰায়বোৰ লোকগীতৰ উৎপত্তি হৈছে কৰ্মস্থলীত। জনগোষ্ঠীটোৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ অহা শ্ৰম বিষয়ক গীত, যেনে— মিচংক্ৰেং আলুন(খৰি লুৰা গীত), চাককিতক আলুন (ধান বনা গীত), ফালকিআপ আলুন (কপাহ ধুনা গীত), বিথাৰ কিতাক আলুন (পথাৰ কোদালিবলৈ যোৱা গীত), ৰেতকিনং আলুন (জুম খেতিৰ গীত বা আৰকুৰা গীত) আদিৰ মাজেৰে বৈচিত্ৰপূৰ্ণ কৰ্ম জীৱনৰ উজ্জ্বল দিশ প্ৰকাশিত হৈ উঠিছে। কাৰবি সমাজৰ লোকগীতৰ (থেলোলংছ)ৰ এটা দিশ এই শ্ৰম বিষয়ক গীতসমূহে প্ৰতিনিধিত্ব কৰিছে। এই গীতসমূহৰ লগত সহজ সৰল চহা লোকসকলৰ সম্পৰ্ক অতি নিবিড়।

ভৌগোলিক পৰিৱেশৰ বাবে কাৰবিসকলে জুম খেতি কৰিবলৈ আৰম্ভ কৰে। পাছলৈ তেওঁ‌লোক জুম খেতিৰ ওপৰতেই সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰে। জুম খেতিয়েই তেওঁ‌লোকৰ জীয়াই থকাৰো মূল অধাৰ। কাৰবি সমাজত ৰেতকিনং আলুনসমূহ যিকোনো সময়ত গাব নোৱাৰি। গাঁৱৰ বৰ বাংঠেৰ ঘৰত ৰেতকিং আৰ্নামটি(জুম খেতিৰ বাবে ভগৱানক কৰা পূজা) কৰি উঠাৰ পাছতহে কাৰবি ৰাইজে জুমতলিত ধান সিঁচিব পাৰে। লগতে আৰ কুৰা গীতসমূহ গাব পাৰে। কাৰবি সমাজৰ মুখিয়াল স্বৰূপ বৰ বাংঠেজনে বৰঘৰত পূজা কৰি উঠাৰ পাছত বৰঘৰৰ মূধৰ বাৰান্দাত সংস্থাপন কৰি ৰখা ঢোল (চেং), বাঁহী (পংচি), কাঁহ (সান) আদি বাদ্য সংগত কৰে। কৃষিজীৱী জনগোষ্ঠীটোৱে শস্যৰ তলিত হাল-কোৰ জোৰাৰ আগতে আন্তৰিকতাৰে প্ৰাৰ্থনা কৰে। আলুন আপে অৰ্থাৎ গায়কজনে কৃষি দেৱতাৰ সন্তুষ্টিৰ কাৰণে গীত জোৰে। এয়া হৈছে ৰেতকিং আলুনৰ আৰম্ভণি গীত—

“জালদি ৰালদাম নাং অ’
জালদি ৰাল দমাকে অ’
জালদি ৰাল ৱ’হে অ’
দাংকুৰি চিচুম নাং অ’
মাপে আদাংকুৰ অ’
…ঐ জালদি কাৱৰপে।”

(ভাৱাৰ্থ: আমি আৰতলিখন (জালদি) চাবলৈ গ’লো, তাৰ গছৰ ডাল ফালি গছৰ পাত আৰু কেঁচুমতা মাটি দি চিন থ’লো, সপোন (ফাৰ্ল) দেখিলো, সপোনত বন দেৱতাই তাত আৰ ল’ব পাৰিম বুলি কৈছে।)

চ’ত-ব’হাগ মাহত পাহাৰৰ বুকুত হাবি-বন কাটি, মোকলাই চাফ-চিকুণ কৰি এই খেতি কৰা হয়। হাবি-বন কটাৰ পাছত তাত জুই লগাই গৃহস্থই আৰ কুৰিবলৈ ৰাইজক আৰতলিলৈ এটা নিৰ্দিষ্ট দিনত আমন্ত্ৰণ কৰে। আৰতলিখন তলৰ পৰা ওপৰলৈ কোৰেৰে কুৰি কুৰি যায়। বীজ চটিওৱা ব্যক্তি (চকচিৰিক)জনে বিধান লোৱা পাত্ৰ (চাকছিলি)টোৰ পৰা ধানবোৰ (ছ’ক) আৰখনত ছটিয়াই যায়। কোদালেৰে কুৰি কুৰি যোৱা দলটিয়ে (চেংৱে)ঢুলীয়াজনৰ ঢোলৰ চেৱে চেৱে তিনি চাবকৈ কোৰ মাৰি ওপৰলৈ যায়। ঢুলীয়াই ঢোল আৰু অন্যান্য বিষয়ববীয়াসকলে বাঁহী, কাঁহ আদি বজোৱাৰ লগে লগে গায়কজনে বসুমতীক হাল-কোৰ বাই অনেক কষ্ট দিয়াৰ বাবে দায়-দোষ নধৰিবলৈ আন্তৰিকতাৰে প্ৰাৰ্থনা কৰে এইদৰে—

“কুৰলে ইয়া অ’ হ-ই
লাংহে ইয়া অ’ হ-ই
এ উলাংহে ইয়া হে হায়
কুৰলে ইয়া হ-ই হ-ই
…উলাংহে ইয়া অ’ হায় দেই…।”

(ভাৱাৰ্থ: আমি জুম খেতি কৰিবলৈ লৈছোঁ হে শস্যৰ অধিষ্ঠাতা দেৱতা। আমাক আশীৰ্বাদ কৰক যাতে ভালদৰে খেতি কৰিব পাৰোঁ আৰু আমৰ শস্যতলি নদন-বদন হৈ উঠে। আহাঁ ভাইহঁ‌ত, আমি সকলোৱে উলাহেৰে খেতি কৰোঁ।)

চহা কবিৰ প্ৰাণৰ সুকোমল প্ৰকাশ ঘটা ৰেতকিনং আলুনত একো একোটা কাহিনী বিৰাজমান। গতিকে এই গীতবোৰ একো একোটা মালিতা বা কাহিনী গীতৰ সমষ্টি। কাহিনী গীতৰ সমষ্টি হিচাপে ইয়াৰ মাজেৰে জনগোষ্ঠীটোৰ ঐতিহাসিক কাহিনী, যুদ্ধৰ বৰ্ণনা, প্ৰেম- বিৰহৰ কাহিনী, পহু চিকাৰলৈ যোৱা কাহিনী, ঘাট-মাউৰাৰ কৰুণ কাহিনী, নৱ-প্ৰজন্মক কৰ্তব্যৰ প্ৰতি আহ্বান ইত্যাদি প্ৰকাশ পাইছে। এই কাহিনীবোৰত সেই অঞ্চলটোৰ কাহিনীৰ লগতে পৰ্বত-পাহাৰ, নৈ-নিজৰা আদি প্ৰাকৃতিক তথা নৈসৰ্গিক পটভূমিৰ উল্লেখো পোৱা যায়। ৰেতকিনং আলুনসমূহৰ বিষয়বস্ত অনুসৰি পৰিৱেশন কৰা সময়ো ভিন ভিন। অৰ্থাৎ ৰাতিপুৱা আৰতলিত গোৱা আৰু আবেলি গোৱা আৰু সামৰণী গীতৰ মাজত পাৰ্থক্য আছে।

Karbi Folk Dance

কাৰ্বি লোকনৃত্য

জনগোষ্ঠীটোৰ ঐতিহাসিক কৰুণ কাহিনী উদ্ভাসিত হৈ উঠিছে ‘ইংলং মেকাৰ পে লংজন’ শীৰ্ষক আলুনটিত। এটা সময়ত বিভিন্ন ৰাজ্যৰ ৰজাৰ অধীনত বসবাস কৰি অহা কাৰবিসকল ধনশিৰি, কলং, কপিলী, লুইত পাৰ হৈ অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ পৰে। অসমত কাৰবি বসতি প্ৰধান অঞ্চলৰ লোককথাৰ পৰা গম পোৱা যায় যে কপিলীৰ পাৰত ঘটনাক্ৰমে কাৰবি সকল দুভাগ হয়; এভাগে কাৰ্বি আংলঙত আৰু আনটো ভাগে কপিলী পাৰ হৈ আহি ঢৌমাৰা পৰ্বতত প্ৰৱেশ কৰি পাছত কেং চাং ৰং (বৰ্তমান গুৱাহাটী)ত প্ৰৱেশ কৰেহি। কেং চাং ৰঙতেই ভোকত থাকিব নোৱাৰি ডিমৰু গুটি খাই প্ৰাণ ৰক্ষা কৰাৰ কাৰণে ৰাজ্যখনৰ নাম ডিমৰুৱা হোৱা বুলি কয়। এই ডিমৰুৱাই পৰৱৰ্তী কালত ডিমৰীয়া হোৱা বুলি বিভিন্ন জনে মত পোষণ কৰে। কছাৰী ৰাজ্য ডিমাপুৰৰ ‘লুমজাং লংবি’ৰ পৰা কাৰবিসকলে কছাৰী ৰজাৰ অত্যাচাৰ সহিব নোৱাৰি অনেক বিপদ-বিঘিনীৰ মাজেৰে কিদৰে কপিলী পাৰ হৈ আহি বৰ্তমান ডিমৰীয়াৰ ‘ইংলং মেকাৰ’ (জুই শিখা পৰ্বত)ত থিতাপি লৈছিলহি, সেই মৰ্মান্তিক বৰ্ণনা এই ৰেতকিং আলুনটিত এনেদৰে পাওঁ—

“ইংলং মেকাৰ পেলংজং আচান আকুৰি আফ্ৰাং
পিৰ্থে আকিমে পাচিপে
ডুমুৰা আডাক কিছাং
… … …
আচান লাছি নাংকি পাম।”

ৰেতকিনং আলুনত যুদ্ধৰ বৰ্ণনা থকা গীতো পোৱা যায়। ডিমৰুৱা (ডিমৰীয়া) ৰজা মাৰ্মে বাংঠাই আৰু খ্ৰীম (খাচিয়া) ৰজা থেলুলংফ্লাঙৰ মাজত হোৱা যুদ্ধৰ ৰাজনৈতিক পটভূমি দেখিবলৈ পোৱা গৈছে ‘থেলুলংফ্লাং’ নামৰ ৰেতকিনং আলুনটিত। গীতটিত কিদৰে চলনা কৰি খ্ৰীম ৰজাৰ প্ৰজাসকলক প্ৰলোভন দেখুৱাই মাণিকপুৰ নামৰ পূজা স্থলীলৈ মাতি নি ডিমৰীয়া ৰজাই নৃশংসভাৱে হত্যা কৰিলে সেই কাহিনী পোৱা যায়—

“ডুমুৰা লুংলেপাৰা গহন চকৰা
হেল লকাই
লাছি বৰ বৰ চিনে কিলাং মেতাং
মাৰ্মে বাচৰাংকে দাম আংতা হেংহে অং…
লাছি মাণিকপুৰ লংক্লাম লং।”

কাৰবিসকলৰ প্ৰাণৰ আপোন জুমতলিৰ মাটিতেই নিহিত হৈ আছে তেওঁলোকৰ জীৱন আৰু আৰ্থিক অৱস্থা। সেইবাবে কাৰবি সমাজৰ নাৰী আৰু পুৰুষ উভয়ে শ্ৰম কৰে। কৃষিজীৱী কাৰবিসকলৰ ভাই-ভনী সকলোৱে কৰ্ম ব্যস্ততাৰ মাজেৰে দৈনিক জীৱন পাৰ কৰে। কৰ্মক্ষেত্ৰত তেওঁ‌লোকৰ মাজত থকা সম্প্ৰীতিও চিত্তাকৰ্ষক। সেই সম্প্ৰীতিৰে ককায়েক আৰু ভনীজনীয়ে জুমতলিৰ খেতি কৰিবলৈ আগবঢ়া এখন সুন্দৰ প্ৰতিচ্ছবি ভাহি উঠিছে এই ৰেতকিনং আলুনটিত—

“হুৰ লৌয়াক হাইলো য়াক ৱাঃ ৱাঃ কৌই
লাছি টাৰ্মেলিবেংজাং পুমান লাছি চেংকানপৈ
ৱাংহে লকাই মুৱে পাজিল’
… … …
অ লাছি মাঠেনে লংজন পুমান ছি ফাৰকানে লংজান…
পুবেনাচি জালদি পানদাম’ হে।”

(ভাৱাৰ্থ:
ভনীজনী: ফাৰকং আলংজন পাহাৰটিয়ে আৰ খেতিৰ বাবে উপযুক্ত হ’ব, তাত আৰ খেতি কৰিলে ভাল হ’ব বুলি বনদেৱতাই সপোনাইছেহি।
ককাইদেউ: আৰ খেতি বাৰু কৰিলিয়ে, দা-কুঠাৰ পাবি ক’ত?
ভনীজনী: চিন্তা নকৰিবি, গাঁৱৰ মাজত থকা কমাৰজনে দা-কুঠাৰ গঢ়াই দিম বুলি কৈছে। আমি কমাৰ জনক এঙাৰ যোগান ধৰিলেই হ’ব।)

কাৰবিসকলৰ জীৱনৰ ৰং-হাঁহি-কান্দোন বিজড়িত হৈ আছে তেওঁলোকৰ অতি আপোন প্ৰাণৰ জুমতলিৰ গীতত। এইবোৰৰ মাজেৰে তেওঁলোকৰ সমাজ ব্যৱস্থাৰ ছবিও ফুটি উঠা দেখা গৈছে। কাৰবি সমাজ ব্যৱস্থাৰ আভাস থকা এটি জুমতলিৰ গীতত কংকাট বাংঠেই মাৰ্মে বাংঠেক বাঘৰ ছাল ছেলাই ‘টিকেকিকান’ উৎসৱ পাতিব নোৱৰাৰ অপমান মাৰ্মে বাংঠে সহ্য কৰিব নোৱাৰিলে কংকেট বাংঠেক খেদি পঠিয়ালে। তেঘেৰিয়া ৰজাই বিবস্ত্ৰ হৈ থকা দেখি গাৰ ফালিখনকে কংকাট বাংঠেক পিন্ধিবলৈ দি বেলগুৰিলৈ পঠিয়াই দিলে। গীতটিত পাওঁ—

“লাছি লাংহে ৱাদে অহৈ হৈ লাংহে ৱাদে লাং হাই হাই
ছেফং ৰং কংকাট বাংঠেপ’ লকাই মাপে আৰাজক
পুমান লাছি কামাই চানচে ব’ হে।…
পুমান লাছি বেলগুৰি নাংথন কুকঙ।”

কাৰ্বি লোকবাদ্য

কাৰ্বি লোকবাদ্য

চহা কবিৰ প্ৰাণৰ সুকোমল প্ৰকাশ ঘটা ৰেতকিনং আলুনবোৰত কাৰবি লোকজীৱনৰ ৰং-ৰহস্য থকাৰ লগতে হা-হুমুনিয়াহো দেখা যায়। ‘ফাক্’কৰ দেবেৰা’ (ঘাটমাউৰা) নামৰ ৰেতকিনং আলুনটি সেই কৰুণতাই ফুটি ওলাইছে। গীতটিত ঘাটমাউৰা ডেকাজনক মোমায়েকে জোঁৱাই কৰিম বুলি ঘৰত আনি ঘৰৰ কাম-বন কৰোৱালে, কিন্তু শেষত মোমায়েকৰ আটাইকেইজনী ছোৱালী এজনী এজনীকৈ আনলৈহে পলাই বিয়া হ’ল। তেনে স্থলত ডেকাজন অত্যন্ত দুঃখিত-লজ্জিত-অপমানিত হয়। তাৰ মাত্ৰ ঘৰজোঁৱাই নামটোহে থাকিল, সঁ‌চা জোঁৱাই হ’বলৈ নাপালে। এদিন সি আৰ কুৰিবলৈ যাওঁ‌তে নিজৰ জীৱনৰ কৰুণ কাহিনীক নিজে ঢোল বজাই গীত গাই গাই বৰ্ণনা কৰি অৱশেষত জুমতলিতে ঢলি পৰিল। জুমতলি কাঁহ পৰি জীন গ’ল। কাৰুণ্যৰে ভৰা গীতটি—

“অ’ নাং ৰিপে এজাং নাংৰপ’ হানজাং
ইংথান বাদী হৌ বুতু বাদী হৌ
নাং পাংডাক দাম’ নাং পাফ্ৰিদাম’ তেমানাং
… … …
ফাক্কৰ দেবেৰা হেম আছ’ তেমানাং…।“

বেলি বহিবৰ সময়ত জুমতলিৰ সামৰণিৰ গীত ‘ম’কিৰপে আলুন’ গীতটি জোৰে। চাংৱে (ঢুলীয়া)জনে গীতটো গোৱাৰ লগে লগে সকলোৱে সিদিনাৰ জুমতলিৰ কামৰ সামৰণি মাৰে। আনন্দ আৰু উদ্যমেৰে ভৰা গীতটি হ’ল—

“লাংহেৱাক অহৈ ৱাদে এহেৱা এ হাই হাই
থেৰে আকামেম্ মাৰ লকাই চাংপুম আকুৰি মাৰ…
অ’ চাংপুম আকুৰি চমাৰ অ’থেৰে আকামেম মাৰ
… … …
আৰতিপেন হাৰমল তাং।”

(ভাৱাৰ্থ: ডেকা-গাভৰুসকল, সোনকালে কোৰ মাৰ। তহঁ‌তৰ কাৰণে গৃহস্থই মদ (হৰ) বনাই খুৱাইছে। কচু (হেনজাক), বাঁহৰ গাজ (হমওক) আৰু আমলখিৰ (আৰতি) আঞ্জা ৰান্ধি থৈছে। সেয়েহে ডেকা-গাভৰুসকল, খৰকৈ কোৰ মাৰ।)

❧ | আৰু পঢ়ক: ভৈয়ামৰ কাৰ্বি সমাজৰ দেহাল পূজা

শ্ৰম বিষয়ক গীত হিচাপে কাৰবি সমাজ-সংস্কৃতিৰ সুকীয়া স্থানত অন্তৰ্ভুক্ত থকা ৰেতকিনং আলুনসমূহ সংৰক্ষণ কৰি ৰখাটো বৰ্তমান সময়ত অতি প্ৰয়োজন হৈ পৰিছে। আজিৰ দিনত গছ-বন কাটি জুম খেতি কৰাটো সুচল ব্যৱস্থা নহয়। তদুপৰি পহাৰৰ গছ-বন কাটি জুম খেতি কৰাটো দোষণীয়, প্ৰকৃতি বিৰোধী কাৰ্য। গতিকে জনগোষ্ঠীটোৰ মাজৰ পৰা জুম খেতিৰ প্ৰভাৱ নাইকিয়া হ’ব ধৰিছে। তাৰ লগে লগে ৰেতকিনং আলুন অৰ্থাৎ জুম খেতিৰ গীতৰ ধাৰাবাহিকতাও কমি অহা পৰিলক্ষিত হৈছে। এনে পৰিপ্ৰেক্ষিতত সাংস্কৃতিক সম্পদ হিচাপে ৰেতকিনং আলুনসমূহ সঠিক ৰূপত সংৰক্ষণ কৰাটো নিশ্চিতভাৱে সময়ৰ দাবী।

সহায়ক গ্ৰন্থপঞ্জী:
১. ভৈয়াম কাৰবি লোক-সংস্কৃতিত এভুমুকি, মুৰুলীধৰ দাস, প্ৰথম প্ৰকাশ, ২০০১
২. তিৱা আৰু কাৰ্বি লোক-সংস্কৃতিৰ লেছেৰি বুটলি, মুৰুলীধৰ দাস, প্ৰথম প্ৰকাশ, ২০১১
৩. দেচ্ ডুমুৰা, বিমল ডেকা (সম্পাদনা), ডিমৰীয়া জনগোষ্ঠীয় সমাৰোহ, প্ৰথম প্ৰকাশ, ২০১৩

ছবি: মুৰুলী বৰা

Follow Nilacharai on Facebook
কাৰবি জনগোষ্ঠীৰ অনন্য সাংস্কৃতিক সম্পদ: কৰ্মবিষয়ক গীত ‘ৰেতকিনং আলুন’ | উৰ্বশী টুমুং

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক