নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

সাউৎকৈ বতাহজাক গুচি গ’ল
চুলি মেলি
উদং পথাৰৰ বুকুৱেদি উলাহত

এমুঠি শুকান ধূলি সিঁচি দিছিলো বাটত
ধূলিবোৰ উলটি আহি সাবটি ধৰিলে মোক
জনা নাছিলো
ফাগুন হেনো আহিল

গছবোৰৰ চকুত এতিয়া নিৰাশাৰ ঘন আন্ধাৰ
চিনাকি বাট ঢাকি সৰি আছে
জাপে-জাপে শুকান পাত

সৌ পাহাৰৰ বুকুত এই ডুবুঁ এই ডুবুঁ ৰঙা সূৰ্য
কোমল তাৰ ৰঙা পোহৰ
ফাগুন মৰুময় ধৰাৰ
এটা জীয়া সপোন

ফাগুনে পুৰণি ওৰণি আঁতৰাই
বুকুত সঁপি দিয়ে নতুন দিনৰ গান
সৃষ্টিৰ নৱ উন্মিলন

জাৰৰ নিহালি আঁতৰাই
পদূলিৰ নঙলা খুলি
ফাগুনে সিঁচি দিয়ে চোতালত ৰঙা মদাৰৰ ৰং

❧ | আৰু পঢ়ক:

এই লেখকৰ সকলো লেখা চাওক →
ফাগুন | উৎপল বৰকটকী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: