আজীৱন লিখিলে তেওঁ
জীৱনৰ টোকাবহী
অবিশ্ৰান্ত
সংবাদ দিলে পাঠকক
এখন নতুন পৃথিৱীৰ
য’ত নাই কোনো বান্ধোন
আপোন বা পৰৰ
আছে মাথোঁ সূক্ষ্ম দৃষ্টিৰ
নিৰ্মোহ
আপোচহীন
অবিমিশ্ৰ
অবিৰোধ
বিশ্লেষণ
কত যে বিলালে
দুহাত খুলি
সাত সাগৰৰ মাণিক
বুটলি আনি
বহু হৃদয়ৰ গৰাকী মানুহজনে
হৃদয় এখন নিজৰ
জীয়ন দি থৈছিল
বোকা-পানীৰে ভৰা
গাঁৱৰ পথাৰৰ মাজত
আৰু
সেই পথাৰৰ জীপে
কাপেৰে নিগৰি নিগৰি
নদন বদন কৰিছিল
তেখেতৰ বুকুৰ
বাছকবনীয়া শইচ
নিজ ঘৰখনৰ
সকলো দুৱাৰ খিৰিকী
সদায় খোলা ৰাখিছিল তেওঁ
ইয়াৰ মাজেৰে
অবাধ চলাচল আছিল
কুৰুৱা-পছোৱা
শিল্পী-হজুৱা
বিপ্লৱী-বুৰ্জোৱা
নানাৰঙী বতাহৰ
আৰু এখন দুৱাৰ
খুলি থৈছিল তেওঁ
চহৰৰ আন্ধাৰ গলিটোৰ
ফালেও
ইয়াৰে প্ৰৱেশ কৰিছিলো
তেখেতৰ অন্তৰৰ ভিতৰ চ’ৰালৈ
আপুনি
মই
সুবালা
আৰু
ইস্মাইল ছেখহঁতে
কৰ্মিষ্ঠ
কুতূহলী
আত্মানুসন্ধানী
চিৰ বিদ্ৰোহী
তেওঁৰ অক্লান্ত কলমৰ খোঁচত
স্ফুটিত স্ফুলিঙ্গই
পোহৰাই থাকিব
আমাক বেৰি ধৰিব খোজা
তিমিৰ জাল ফালি
সন্মুখৰ দিকচৌ পথ!
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক