নলাটোৰ পৰা ওলাই আহিছিল এটা কেঁচুৱা
তাৰ ফুলা পেট আৰু ক্ষীণ মজ্জা
বোকাৰে চহকী নলাটোৰ গভীৰৰ পৰা
সি ওলাই আহিছিল
তাৰ হাতৰ মুঠিত আছিল এটুকুৰা পাতল ৰুটি
তাক দেখি এটাৰ পাছত এটাকৈ
সকলোৱে সহায় কৰিবলৈ আহিল
শেলুৱৈ পৰা দেহত তাৰ লৰচৰ কিন্তু নাই
তাৰ চকু শেঁতা আৰু শুকাই পৰা ওঁঠ
তাৰেই অন্তৰালত
নলাটোৰ পৰা ওলাই আহিছিল আন এটা কেঁচুৱা
ফুলা পেট আৰু ক্ষীণ মজ্জা
❧ | আৰু পঢ়ক:
- ইতিহাস
- জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ কবিতা
- হোমেন বৰগোহাঞিৰ কবিতা: স্মৃতি
- দেৱকান্ত বৰুৱাৰ কবিতা: লাচিত ফুকন
- নিৰ্মলপ্ৰভা বৰদলৈৰ ৮টি কবিতা
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...