হোমেন বৰগোহাঞিৰ কবিতা: স্মৃতি

হোমেন বৰগোহাঞিৰ কবিতা: স্মৃতি
  • 06 Dec, 2021

স্মৃতি

হঠাৎ নিৰৱ হয় পৰিচিত পখীৰ ক্ৰন্দন,
পকা ফল সৰি পৰে ইমান নিৰৱে যে
গছে তাৰ গমকে নেপায়;
পথাৰ উৰুঙা হয় সাপৰ এন্ধাৰ জঠৰত।

মৌন এই মৃত্যু-লীলা প্রকৃতিৰ প্রাচীন নিয়ম,
কেৱল মইহে তাৰ কঠিন উদ্ধত ব্যতিক্রম।
মৃত্যুৰ অমোঘ হাতে স্পর্শ মোক কৰেহি যেতিয়া,
ক্রুদ্ধ এটি প্রতিবাদ ফাটি পৰে হৃদয়ত মোৰ
বাৰে বাৰে ঘূৰি চাওঁ, কি এক ৰক্তাক্ত হাহাকাৰ
দীর্ণ কৰি কণ্ঠ মোৰ অনন্তৰ হিমল বতাহ—
কৰি তোলে ভাবাতুৰ; প্রতিধ্বনি বাজে অবিৰাম।

কাৰণ সত্তাত মোৰ আছে এক স্মৃতি অনির্বাণ
অনাদি অতীত আৰু অমাপিত দূৰ ভবিষ্যৰ,
প্রিয় এক মুখচ্ছবি বুকুত গভীৰ স্পর্শ যাৰ
চিৰন্তন বিৰহৰ বেদনাত অনন্ত অম্লান।

স্মৃতি নাই প্রকৃতিৰ নিৰুৎসুক অন্ধ হৃদয়ত;
সেয়ে মই সৃষ্টি কৰোঁ প্ৰকৃতিৰ অতীত প্রতীক
মৃত্যুৰ তমিস্রা ভেদি শব্দৰ উজ্জ্বল দীপশিখা—
প্রকৃতিক তুচ্ছ কৰি যাতে মোৰ অমৰ বিষাদ
পূর্ণ কৰে অন্য এক ভুৱনৰ শূন্য অধিকাৰ,
মই য’ত মৃত্যুহীন, সৃষ্টিৰ শাশ্বত অঙ্গীকাৰ।

❧ | আৰু পঢ়ক: হোমেন বৰগোহাঞি স্মৰণ: শ্ৰদ্ধা-সুমন এপাহি

হোমেন বৰগোহাঞিৰ কবিতা: স্মৃতি | হোমেন বৰগোহাঞি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক