দেৱকান্ত বৰুৱাৰ কবিতা: লাচিত ফুকন

দেৱকান্ত বৰুৱাৰ কবিতা: লাচিত ফুকন
  • 23 Nov, 2021

লাচিত ফুকন! লাচিত ফুকন! মোৰ স্বদেশৰ বীৰ!
দেশৰ কাৰণে তাহানি এদিন যাঁচিলা নিজৰ শিৰ।
দেশৰ কাৰণে, মুক্তিৰ হকে, অন্যায় ৰোধি বীৰ!
নৰ-শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ।
দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আৱাহন,
জাতিৰ বুকুত জগাই তুলিলা, দুৰ্মদ যৌৱন।

পছোৱা বিনাই যায়,
তাৰ আঁৰে আঁৰে কৰুণ সুৰেৰে কোনে যেন কয় ‘হায়
এয়ে সি বিৰাট গড়,
যি ঠাই এদিন বলিশাল হ’ল অপৰাধী মাতুলৰ।’

শুনিছোঁ বন্ধু! ইব্ৰাহিমৰ কাহিনী বীৰত্বৰ,
দেৱতাৰ হকে পুত্ৰবুকুত হানিছিল খঞ্জৰ।
সিদিনা আহিল দেৱদূত নামি দূৰ সৰগৰ পৰা,
পুত্ৰহন্তাৰ নামতে আজিও গৌৰৱময়ী ধৰা।
হে অসমৰ ত্যাগৰ মূৰ্তি! মাতুল-ঘাতক নবী!
তোমাৰ আৰতি কৰিলে সিদিনা অসম-ভাগ্য-ৰবি।

দেশৰ বাতৰি শুনিবানে বীৰ? নিদিওঁ তোমাক ফাঁকি,
তোমাৰ অসম নাই আৰু আজি জঁকাটোহে তাৰ বাকী।
লুইতৰ এই বিশাল পাৰত নাই আৰু অসমীয়া,
মৰি হাজি ঢুকাল সকলো চিনচাব নাইকিয়া।
‘অসমৰ এই কাম্যভূমি’ত চৰিছে গাধৰ পাল,
বোজা বই বই পৰিল কঁকাল পিঠিৰ ছিগিল ছাল।
তেওতো অকণো কাণসাৰ নাই, কত যে ৰঙেৰে চৰে,
এমুঠি দানৰ কাৰণে সকলো প্ৰভুৰ পিছত লৰে।
প্ৰভুৰ কাষত কামৰ মূল্য চৰ, ভুকু, কিল পায়,
তাতো যে সবেও পায় আনন্দ, নিৰুপায়! নিৰুপায়!
হায়! সময়ৰ সোঁত,
সিংহৰ হ’ল সন্তান গাধ, অদ্ভুত! অদ্ভুত!

আনফালে সউ আপোন অন্ধ নকলনবীছ দল,
মুক্তি ৰণৰ মক্ ফাইট কৰি ফাঁকিৰ আনিছে ঢল।

পিয়ানো বজাই পূজাৰ আৰতি, বেদীত মমৰ বাতি
জ্বলাই আনিব দেশৰ মুক্তি পুৱাব দুখৰ ৰাতি!
দেশ-জননীয়ে বিনায় শোকত শুনি এই আৱাহন
মুক্তি পলাল দেখিয়ে পূজাৰ অদ্ভুত আয়োজন।

স্বদেশ প্ৰেমৰ কোৱাল সোঁতত দেশ আজি টলমল,
স্বদেশৰ গছ, স্বদেশৰ শিল, স্বদেশৰ বাঁহতল,
সকলোতে আজি স্বদেশী-কবিৰ কবি-অন্তৰ জাগে,
দেশৰ মানুহ নেখাই মৰিছে সন্ধান কোনে ৰাখে?
বাহিৰত সউ ঘটে বিপ্লৱ; অশেষ যত্ন কৰি
আমি নিৰূপিলো কানিৰ মূল্য, কিমানত কেইভৰি!
শাস্ত্ৰৰ তলি উদি হৈ গ’ল, নেলাগিল মাথোঁ থিত
মৰ-আঁউসীত হাল বালে লাগে কেই ধেনু পৰাচিত।
ত্ৰিশ দিন আৰু এঘাৰ দিনৰ গছকত হায় পৰি,
দুখুনী অসম জননীৰ দেহি কোঙা হ’ল হাত ভৰি।
বক্তৃতা দি আকাশ কঁপাই, চিঞৰত টেঁটু ফালি,
বাঁহৰ কামীত চূণ সানি লৈ ধৰোঁ আমি ৰণছালি।
বছৰি বছৰি স্মৃতি-সভা পাতি বীৰপূজা কৰি বীৰ তোমাৰ
হাবাথুৰি খাওঁ বিচাৰি চাকৰি আবগাৰী দাৰোগাৰ।
এয়ে সি অসম দেশ,
দুখৰ কাহিনী কিমান শুনিবা? নপৰিব তাৰ শেষ।
দেশৰ মানুহ! তুমিতো বুজিছা স্বদেশৰ এই গ্লানি,
তুমিতো দেখিছা মৰণৰ ছাঁ অসম আকাশ ছানি।

স্বদেশ পূজাৰ মন্দিৰ যাৰ কেৱল লোকেলব’ৰ্ড,
জ্ঞান সাগৰৰ দুইপাৰ যাৰ চিভিল-পিনাল-ক’ড,
মন্ত্ৰীত্ব যাৰ শেষ কল্পনা, এচেমব্লী যাৰ আশা,
সিনো কি বুজিব হে বীৰ! তোমাৰ ৰণ-দুৰ্মদ ভাষা?

❧ | আৰু পঢ়ক: লাচিত বৰফুকন বৰসেনাপতি

দেশৰ কাৰণে আজিও বিনায় হেজাৰ ডেকাৰ হিয়া,
দেশৰ সেনানী! আকৌ মাথোন এবাৰ হুকুম দিয়া,
আকউ এবাৰ শুনোৱা তোমাৰ ৰণ-আহ্বান-বাণী
আকউ এবাৰ ৰঙা কৰি মৰোঁ লুইতৰ বগাপানী।

দেৱকান্ত বৰুৱাৰ কবিতা: লাচিত ফুকন | দেৱকান্ত বৰুৱা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক