আবেগৰ ঢৌত
শীতৰ সুগন্ধ
জোনাক ঘঁহা পানীত
এৰি থৈ আহিলো
পুৰণি বাস্তৱ

আশাৰ আঁচল
সন্ধিয়াৰ সুৱাসে
ৰাতিটো শেষ নোহোৱালৈকে
কবিতাৰ সৈতে কথা পাতে
হৃদয় জুৰাই

পুৱাৰ পোহৰত নাঙঠ সপোনবোৰে
কলিজাৰ সৈতে মিতিৰালি কৰে

দুপৰ বেলাৰ অজান পৰত
নদীৰ সোঁতত ভাহি আহে
আবেগৰ তিৰবিৰণি

অ’ জোনাক
তোৰ প্ৰেমত পৰোঁ৷

❧ | আৰু পঢ়ক:

Follow Nilacharai on Facebook
জোনাক | আশা বৰা মন

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক