এই বাটেদিয়েই
আহিব নামি সূৰ্য,
সপোন দেখোঁ মই
সেউজ ভৱিষ্যতৰ।
তোমাৰ দুচকুত দেখোঁ মই
তীব্ৰ প্ৰতিশ্ৰুতিৰ উজ্জ্বল পোহৰ
তুমিতো অগ্নিকন্যা
তীব্ৰৰ পৰা তীব্ৰতৰ হয়
মোৰ প্ৰেমৰ শলিতা।
মোৰ বিশ্বাস—
আহিব নামি সূৰ্য এই বাটেদিয়েই
তোমাৰ মোৰ জীয়া প্ৰেমৰ জীয়া ধল
ৰ’ব বৈ প্ৰেমৰ অলকানন্দা হৈ।
❧ | আৰু পঢ়ক:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...