বেৰত লিপিত খাই পৰিছিল কেঁচা তেজ

বেৰত লিপিত খাই পৰিছিল কেঁচা তেজ
  • 19 Jul, 2022

“গৰমত দেওপৰা মাছৰ জীৱন আমাৰ
বুটজোতাৰ গোৰত চেঙালুটি খোৱা যৌৱন আমাৰ”
(বিকাশজ্যোতি শইকীয়া)

এটা সময় আছিল
খুব ওচৰৰ পৰা আমি দিনবোৰ পাইছিলো
খুব ওচৰৰ পৰা আমি দিনবোৰ দেখিছিলো

কেনেকৈ কৃষকৰ বুকুত আহি লাগি ধৰিছিল
ভৰিৰ তলৰ মাটিৰ চেকা
কেনেকৈ বেৰত আহি লিপিত খাই পৰিছিল
কেঁচা তেজ
তপত তেজ

তাৰ উত্তৰ বুকুত গজালি মেলা এটা ভয়
তাৰ উত্তৰ লাহে লাহে বিদ্ৰোহী হৈ উঠা এজাক মানুহ
তাৰ উত্তৰ হাতৰ কাঁচি ডিঙিত থৈ ৰেপ দিয়া এজাক দাৱনী
তাৰ উত্তৰ ৰাতি ৰাতি জোঁৰ লৈ উৰুলি খেদা এজাক মানুহ
তাৰ উত্তৰ ৰাতি ৰাতি চিঞৰ খেদি মৰিচীকা বিচৰা এজাক মানুহ

খুব ওচৰৰ পৰা পাইছিলো
খুব ওচৰৰ পৰা দেখিছিলো

ৰাতি শুবলৈ নোপোৱা এটা সময়
দিনত ঘৰত থাকিবলৈ নোপোৱা এটা সময়
দিনে পোহৰেও আলহী আহিবলৈ ভয় কৰা এটা সময়

চকুৰ আগতে যাতনা কঢ়িয়াই সময় গৰকা এজাক যৌৱন
দেশৰ নামত
মাটিৰ নামত
স্বাধীনতাৰ নামত
হতাশা-আশা-বাস্তৱ সপোন সমাধিস্থ কৰা এজাক যৌৱন
ঘৰ এৰি অঘৰী হোৱা
লগ এৰি অকলশৰীয়া হোৱা এজাক যৌৱন

বুকুত চেপি ৰখা এটা কান্দোন
মুখত থাহ খাই থকা এটা প্ৰতিবাদ
এ কে ফৰ্টি চেভেন
জুই-ধোঁৱা-সমাৱেশ-পথবন্ধ-প্ৰতিবাদ-শ্লোগান

এটা সময় আছিল
খুব ওচৰৰ পৰা আমি দিনবোৰ পাইছিলো
খুব ওচৰৰ পৰা আমি দিনবোৰ দেখিছিলো

বুটজোতাৰ গোৰত চেঙালুটি খাই পৰিছিল বহুতো যৌৱন
গৰমত দেওপৰা মাছৰ দৰে হৈ পৰিছিল বহুতৰে জীৱন…

❧ | আৰু পঢ়ক:

বেৰত লিপিত খাই পৰিছিল কেঁচা তেজ | মণ্টু মৰাণ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক