কৃষ্ণ আৰু কংস

কৃষ্ণ আৰু কংস
  • 19 Aug, 2022

যুগে যুগে কৃষ্ণ
যুগে যুগে কংস
প্ৰতিজন মানুহৰ ভিতৰত
সুৰ অসুৰৰ যুদ্ধ

পাঁচ হাজাৰ বছৰৰ
পুৰণা বুৰঞ্জী
আমি লালন কৰোঁ
পালন কৰোঁ
সংস্কৃতিৰ লগত দুস্কৃতিকো
জীয়াই ৰাখোঁ

সময় সলনি হয়
চৰিত্ৰ কিন্তু সলনি নহয়
এতিয়াও মগজুত একোটা কংস
মনত একোখন কাৰাগাৰ

ধূপ দীপ নৈবেদ্যৰে
যুগে যুগে কৃষ্ণ বন্দনা
মঞ্চত কংস বধৰ ভাওনা

কিন্তু ভিতৰৰ কংস নমৰে
মনৰ ভিতৰত কংসৰ দপদপনি
কমে আৰু বাঢ়ে

যেতিয়ালৈকে মানুহ থাকিব
কৃষ্ণ থাকিব
যেতিয়ালৈকে মানুহ থাকিব
কংস‌ও থাকিব

কৃষ্ণ আৰু কংস
একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি
আমাৰ জীৱনৰ
দিন আৰু ৰাতি।

❧ | আৰু পঢ়ক:

কৃষ্ণ আৰু কংস | ডাঃ হেমন্ত কুমাৰ গোস্বামী
Follow Nilacharai on Facebook