ক্ষমা কৰিব লাচিত

ক্ষমা কৰিব লাচিত
  • 24 Nov, 2022

ক্ষমা কৰিব লাচিত,
আপোনাৰ খংটো বৰ বেছি
কথাই প্ৰতি আপোনাৰ চিকমিক বিজুলী
খাপত লুকাই নাথাকে ধাৰাল হেংদান
ক্ষমা কৰিব লাচিত,
বাপুক লগ নাপালে আপুনি

ক্ষমা কৰিব লাচিত,
ম’-মাই তামুলীয়ে আপোনাক নিশিকালে
আলফুল গাদীৰ অবাধ্য বিলাস
আপুনি নিশিকিলে ৰাজনৈতিক উচ্চাকাংক্ষা বদনৰ
অথবা নিশিকিলে কামত ফাঁকি দি উদঙাবলে’ ৰাজকোষ
আপুনি নিশিকিলে দৈবজ্ঞৰ বিধানত
আঙুলি ভৰাই পিন্ধিবলৈ ৰত্ন বলয়
আৰু সেইবাবেই আপোনাৰ বাবে অৰ্থহীন অপেক্ষাৰ ক্ষণ
তাতকৈ জৰুৰী ৰণ
আপোনাৰ নো কি…
স্বজনক কিয় দিব গৰীৱৰ ধন
ক্ষমা কৰিব লাচিত, আপোনাৰ অলপো ধৈৰ্য নাই
ৰ’বই যদি লাগে
আপোনাৰ খাপৰ তৰোৱালক মুণ্ড দিব লাগে।

ক্ষমা কৰিব লাচিত,
আপুনি নাজানিলে লেং মৰাৰ খেল
অন্যথা বগুৱা বাব নালাগিলহেঁতেন ঘোঁৰা
কঢ়িয়াব নালাগিলহেঁতেন বৰ বৰ মানহৰ দোলা
আপুনি নাজানিলে পদলেহন
অন্যথা এদিনতে হ’লহেতেন ফু-কন-লুং।

ক্ষমা কৰিব লাচিত,
আপোনাৰ খংটো বৰ বেছি
মুহূৰ্ততে খাপৰ পৰা ওলায় আপোনাৰ হেংদান
হাত দিওঁতে শিৰৰ পাগত কোনো লগুৱাই
দুঃসময়ৰ ক্ষণ গণনাৰে ৰণলৈ বাধা দিলে কোনো বিধাতাই
অথবা টোপনি গ’লে মোমাই

ক্ষমা কৰিব লাচিত,
আপুনি বৰ অধৈৰ্য
‘বঙালনো কি, চাওফাৰ ৰাজ্যত নাই নেকি
মানুহ খেদিবলৈ…’ বুলি আকৌ ক’বলৈ
আপুনি দি থৈ নগ’ল আপোনৰ খংটো।

❧ | আৰু পঢ়ক:

ক্ষমা কৰিব লাচিত | তপন শইকীয়া

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক