ৰাতিবোৰ গভীৰ হয়
যেতিয়া কথাবোৰো গভীৰ হয়
হাবাথুৰি খাই ফুৰোঁ সেই কথাবোৰৰ অৰ্থ বিচাৰি৷
শব্দবোৰত আউল লাগিলে
যতন কৰাৰ হাবিয়াসত
অযুত চিন্তাৰ মালাধাৰি
বুকুত সাবটি বহি থাকিলো
জীৱনৰ তুলনা জীৱনৰ লগত কৰিলো৷
পোৱা-নোপোৱাৰ সন্দেহতো
আপ্ৰাণ চেষ্টা,
সমাজত মইজনী হেৰাই যোৱাৰ ভয়ত
অথবা সমাজখন মোৰ মাজত হেৰাই যোৱাৰ ভয়ত৷
তাকেই, জোনাকেও কয়
তৰাবোৰেও বুজায়—
ৰাতিবোৰ গভীৰ হয়
যেতিয়া কথাবোৰো গভীৰ হয়!
❧ | আৰু পঢ়ক: