অন্যায়ৰ ষড়যন্ত্ৰ ফালি
ন্যায়ৰ ধূসৰ বাটেদি
আগবাঢ়ি যাওঁতে
তোমাৰ হাতৰেই সিঁচিছিলা
মুঠি মুঠি সৃষ্টিৰ শইচ।
যি বাটেৰে শোষণৰ বতাহ বলিছিল
তাতো থিয় দিছিলা বাধা হৈ
যি বাটেৰ ৰণুৱা বনুৱা হালোৱা হজুৱাৰ
তেজ নিগৰিছিল
তাকো ধুইছিলা আশ্বাসৰ নদী হৈ।
ধনী মহাজন, ৰজা মহাৰজা, জমিদাৰৰ
নিৰ্মম হাতিয়াৰবোৰ
দুৰ্বল কৰিবলৈ কিমানবাৰ চিঞৰিছিলা
ভাং ভাং ভাং লোহাৰ শিকলি ভাং
খোল খোল খোল কাৰাৰ কপাট খোল!
কবিতাৰ ছন্দত প্ৰেমৰ লয়লাস
গীতৰ তালত কল্যাণ খৰমান
দেশৰ প্ৰজাৰ বাবে হাতত ষ্টেনগান
জনতাৰ নিভাঁজ চোতালত গজি উঠা
বঞ্চনাৰ বননি মোহাৰি
ৰাজনীতিৰো দিলা শ্লʼগান।
বিপ্লৱ পথৰে যাত্ৰা কৰি
বিশ্ব বিজয়ী নজোৱান হৈ
অগ্নি বৃষ্টি বজ্ৰপাত শিলাবৃষ্টি
মূৰত লৈ প্ৰজা জনতাৰ হকে
তোমাৰ দুৰ্বাৰ গতি।
দলিত পতিত নিৰ্যাতিত নিপীড়িত কৃষকৰ
কামিহাড় পোনাবলৈ
হেজাৰ বাহুৰ বলৰে অসমীয়া ডেকাদলক
আগুৱাই যোৱাৰ আহ্বানে
আজিও জগাই তোলে বিপ্লৱী সত্তা।
সঁচানো কি পালা!
হাতে গলে শিকলি লগাই
ঐতিহাসিক চহৰখনৰ মাজেৰে
চৈৰাচাৰী প্ৰশাসনে চোঁচোৰাই নিছিল
ৰাজদ্ৰোহী বুলি ভবা তোমাৰ শতৰুবোৰ আৰু
বিপ্লৱৰ প্ৰকৃত সত্তা নিচিনা শিয়ালবোৰে
গাঁতত সোমাই হাঁহিছিল সেইদিনা।
বিপৰীতে আকাশৰ মেঘে চকুলোৰ
বৰষুণ দিছিল
কান্দোনত উথলি উঠিছিল
তোমাক ভালপোৱা হৃদয়বোৰ
কাৰাগাৰৰ বেৰত প্ৰতিধ্বনিত হৈছিল
তোমাৰ বিপ্লৱী কণ্ঠ।
আজিও ভাবোঁ আহিবনে এদিন
কমৰেড ৰাভা,
গীত নাট কবিতাৰে
বিপ্লৱৰ অগনি জ্বলাই কʼব—
‘হেৰʼ বিপ্লৱী বিদ্ৰোহী বীৰ
তোল তোৰ অৱনত শিৰ…’
আহিবনে বিষ্ণু ককাইদেউ
উত্তৰণৰ বসন পিন্ধি
শান্তিৰে গাবলৈ
জীৱন নাটৰ শেষ ৰাগিনী?
❧ | আৰু পঢ়ক:
- সমীৰ তাঁতীৰ কবিতা: সেই দিনটোলৈ মনত পৰিছে, বিষ্ণু ৰাভা
- বিৰিঞ্চি ভট্টাচাৰ্যৰ কবিতা: বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত
- বিষ্ণুপ্ৰসাদ ৰাভাৰ আবৃত্তি উপযোগী কবিতা
- বিষ্ণুপ্ৰসাদ ৰাভাৰ এমুঠি গীত
- বিষ্ণু ৰাভাৰ একাঁজলি গীত
অংকন: কেশৱ পাঁচনী