সৌৱা— শৰাইঘাট; প্ৰশস্ত নিমাত।

ৰামসিংহ বীৰ বিজয়ৰ গৰৱেৰে উন্নত শিৰ,
পিন্ধি জয়োজ্জ্বল শিৰস্ত্ৰাণ
লৈ আহে দম্ভালি দম্ভালি ভাৰতবিজয়ী অভিযান।

অলৰ-অচৰ মোৰ বজ্ৰপাথৰ অস্থিত
আহি আহি হানিছে আঘাত
প্ৰতিঘাত পাই হতবীৰ্য সিংহ সম যায়
শতমুখে অসমীয়া যুঁজাৰুৰ গৌৰৱ গায়।

সৌৱা— মোৰ নীলাচল সম বুকুৰ পটাত
অস্ত্ৰাঘাত ব্যৰ্থ হ’ল,
সাম্ৰাজ্যৰ দম্ভ ধূলিসাৎ
বিজয়ীবাহিনী উৎখাৎ।

সৌৱা— শৰাইঘাট, প্ৰশস্ত নিমাত।

নিমাত! নিমাত?
নহয় নিমাত,
দেশ ৰাখ, দেশ ৰাখ বুলি উঠে শুন অৰ্বুদ মাত।
প্ৰতিধ্বনি উঠে তাৰ অসমীয়া নবীনৰ তপত হিয়াত,
সিৰাই সিৰাই অগ্নিপাত।

আসুৰীয় বিজ্ঞানৰ ঘৰ্ষণ-গৰ্জন ভেদি আহে
শুন সৌ শৰাইঘাটৰ বজ্ৰভাষী সিংহনাদ,
শতাব্দী সুপ্তিৰ ছিঙ্‌ ভাঙ্‌ লোহাৰ শৃঙ্খল
এদিনলে’ হ উশৃঙ্খল।
লুইততে জহি যাওক জড়-অৱসাদ,
সিংহৰ পোৱালি তই নবীন অসমীয়া
সুঘোষিত কৰ তোৰ অধিকাৰবাদ,
বিপ্লৱী তূৰ্য-নিনাদ।

সৌৱা— শৰাইঘাট, প্ৰশস্ত নিমাত।

লক্ষ লক্ষ অসমীয়া নবীনৰ
বক্ষ ঝৰি ঝৰি ৰঙা তেজ কলিজাৰ নিজৰি নিগৰি
অসমীৰ চৰণ ধুৱাই
শৰাইঘাটৰ সৌ বালি-মাটিতে আছে মিল খাই।

নবীনৰ তেজ-পানী পাই
গজালি সঁজালি আহে
ন-যুঁজাৰুৱে হাঁহে
জীৱন-যুঁজৰ বাৰ্তা পাই শকতিৰ শঙ্খ বজায়।

বুৰঞ্জী বিদাৰি তই মোক চা,
নিজকে চা বান্ধি লৈ সাহ,
যন্ত্ৰযুগৰ নৱ মন্ত্ৰ ফোকাৰি
তই শঙ্কা পেলাই দি আগবাঢ়ি আহ।

নতুন দিনৰ অসমীয়া
যুগে যুগে হবি তই শৰাইঘটীয়া,
তোৰ দেশ ৰাখিবলে’
গঢ়ি গঢ়ি লবি তই নতুন হিলৈ
চিৰজয়ী হবি তই মাভৈ মাভৈ।

মোমাই দুখণ্ড কৰা তৰোৱাল এতিয়াও লই
তহঁতৰ কাষে কাষে ঘূৰি ফুৰি বিৰাজিছোঁ
শকতিৰ সূৰ্য সম মই
নাই ভয়, হ’ব তোৰ জয়।

কোন তই? কোন তই দাসত্বৰ পিন্ধি
স্বৰ্ণময় মোহমণিবন্ধ অৱসাদক্লিষ্ট,
নিৰাশাৰে বুকু ধুনি কুতৰ্কমুগ্ধ,
দেখিও নেদেখি একো হই আছ অন্ধ?
দৈন্য-বিপদ পৰান্মুখ কৰ্মবিমুখ
কোন তই কাপুৰুষ মূৰ্খ দুৰ্মুখ?

শৰাইঘটীয়া সৈন্যদল!
নাই তেন্তে কিয় তোৰ আপোনাৰ বিশ্বাস অটল?
সাৰ কৰি মাথোঁ ভোগ-সুখ
কৰ্তব্যৰ নহলি সন্মুখ,
মোমাইতামুলী গড়ে প্ৰত্যক্ষ কৰিলে
যি জননী ৰক্ষাৰ বাবে ভৈৰৱ শক্তি,
জনা নাই তই জানো
আকৌ তাৰেই হ’ব পুনৰাবৃত্তি?

তেজপিয়া তৰোৱালে
ৰাম তৰোৱালে
একেই তেজকে পিব
ঝলসি শক্তি দিব যুগে কালে কালে,
সন্মুখত থিয় দিব আহি হাঁহি ভালে ভালে।

কোনে ক’লে নাই?
কোনে ক’লে নাই, গদাপাণি নাই?
তই দেখা নাই, সৌৱা তোৰ গদাপাণি
ঘোষিছে বজ্ৰবাণী ভৈয়ামে ভৈয়ামে ফুৰি অনাই বনাই
কৰ্তব্যৰ যজ্ঞ জ্বালি
ত্যাগৰ মহাযোগী ল’ৰা-তিৰোতা সঁপি শক্তিমন্ত্ৰ জপি,
আছে বাট চাই পৰ্বতৰ গুহাত সোমাই,
দেশৰ কল্যাণৰূপী আশা-কল্পনাই
মনৰ ডালিমী হৈ নিৰাশাৰ বন ভেদি
ভৈয়ামলে’ বৈ অহা মন-জুৰিটিৰ পাৰে পাৰে
নাচি নাচি সঞ্জীৱনী গায়ত্ৰী শুনায়।

ৰুদ্ধ-বীৰ্য গদাপাণি হ’ব অনিৰুদ্ধ
জয়াৰ শকতিৰে দেশ হ’ব উদ্বুদ্ধ
অত্যাচাৰী লালুকৰ সপোন চূৰ্ণ কৰি
জয় কৰি দিবহি অসমীয়া জীৱনৰ নৱযুগ যুদ্ধ
নবীন জোৱান এক উজলিব অসমত
ৰুদ্ৰসিংহ ৰূপে নিৰ্মল শুদ্ধ
পূৰ্বভাৰত জ্ঞানবৃদ্ধ।

❧ | আৰু পঢ়ক:

লাচিতৰ আহ্বান | জ্যোতিপ্ৰসাদ আগৰৱালা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক