নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

যাওঁ বুলিও হাজাৰবাৰ

যাওঁ বুলিও হাজাৰবাৰ

তুমি হাজাৰ হাজাৰবাৰ আঁতৰি যোৱা
তুমি হাজাৰবাৰ ঘূৰি আহাঁ

যাওঁ বুলিও গুচি যাব নোৱাৰি
একেবাৰে

প্ৰেম কি বিহৰ গুটি
জীৱন অমৃত
কল্পতৰু

কেতিয়াবা গোটেই পৃথিৱী নিজৰ যেন লাগে
কেতিয়াবা গোটেই পৃথিৱী প্ৰতিদ্বন্দ্বী শত্ৰু

মাউখে উটা থাউনি নোপোৱা সময়
গাৰ ছাঁটোও কাষত নাথাকে

তেতিয়াই
হয়তো তেতিয়াই
যাওঁ বুলিও গুচি যাব নোৱাৰি।

❧ | অধিক কবিতা:

এই লেখকৰ সকলো লেখা চাওক →
যাওঁ বুলিও হাজাৰবাৰ | মণ্টু মৰাণ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: