পুৱাৰ পৰা দুপৰলৈ
দুপৰৰ পৰা নিশালৈ
পোৱাৰ পৰা নোপোৱালৈ
নোপোৱাৰ পৰা প্ৰাপ্তিৰ গভীৰতালৈ
আমি কঢ়িয়াই লৈ ফুৰোঁ
একোটা নতুন খবৰ প্রাত্যহিক…
প্ৰতিটো খবৰৰ বুকুত
হেজাৰ সপোন
হেজাৰ দিঠক
পোৱা-নোপোৱা অথবা পাই হেৰুওৱা
সেউজীয়া-হালধীয়া-তেজোদীপ্ত ৰঙা…
এই যে আমাৰ যাত্ৰা
পুনৰপি অহা আৰু যোৱা
খবৰ একোটাৰ বাবে—
অবিৰাম অবাধ্য আৰূঢ়,
শেষ খবৰটো কিন্তু সেই একেই,
ছপা নহয় যিটো বৰ হৰফত—
‘ভোকত চটফটাই মৰে খবৰৰ নগৰ’।
❧ | অধিক কবিতা:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক