এনেদৰে জন্ম হয় ক্ষণ এটাৰ

এনেদৰে জন্ম হয় ক্ষণ এটাৰ

আৰু হয় প্ৰাৰম্ভ
ক্ষৰণ— অনাদি অক্ষৰ অস্তিত্বৰ

হাত মেলিলেই চুব পাৰি আকাশ
বিচাৰিলেই পৃথিৱীয়ে ল’ব খোজে আঁকোৱালি

অবিন্যস্ত ভাৱনাৰ অশান্ত ঢৌবোৰে
আজি মোক জোকাৰি যাব খুজিছে

আন্ধাৰ গহ্বৰ এটাৰ পৰা
উক দি উঠিব বিচৰা এটা বিদ্ৰোহী সুৰক
সুৰ সমলয়ৰ তালে
বোকোচাত তুলি—
আকৌ আন্ধাৰৰ দেশলৈ নি
কাৰাবন্দী কৰি থ’ব খুজিছে

এনেকৈ জন্ম হয় ক্ষণ, মুহূৰ্ত,
প্ৰহৰ, দণ্ড, যুগ, কল্প

আমাৰ প্ৰত্যেকৰে বাবে নিজৰ নিজৰ

মই হ’লে ৰৈ আছোঁ ক্ষণ গণি—
আৰু এক মহা বিস্ফোৰণৰ

❧ | অধিক কবিতা:

এনেদৰে জন্ম হয় ক্ষণ এটাৰ | মমতাজ আনচাৰি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: