আৰু হয় প্ৰাৰম্ভ
ক্ষৰণ— অনাদি অক্ষৰ অস্তিত্বৰ
হাত মেলিলেই চুব পাৰি আকাশ
বিচাৰিলেই পৃথিৱীয়ে ল’ব খোজে আঁকোৱালি
অবিন্যস্ত ভাৱনাৰ অশান্ত ঢৌবোৰে
আজি মোক জোকাৰি যাব খুজিছে
আন্ধাৰ গহ্বৰ এটাৰ পৰা
উক দি উঠিব বিচৰা এটা বিদ্ৰোহী সুৰক
সুৰ সমলয়ৰ তালে
বোকোচাত তুলি—
আকৌ আন্ধাৰৰ দেশলৈ নি
কাৰাবন্দী কৰি থ’ব খুজিছে
এনেকৈ জন্ম হয় ক্ষণ, মুহূৰ্ত,
প্ৰহৰ, দণ্ড, যুগ, কল্প
আমাৰ প্ৰত্যেকৰে বাবে নিজৰ নিজৰ
মই হ’লে ৰৈ আছোঁ ক্ষণ গণি—
আৰু এক মহা বিস্ফোৰণৰ
❧ | অধিক কবিতা:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...