আজিকালি কোনেও কাৰো কথা নুশুনে
আজিকালি কথা শুনিবলৈ কাৰো সময় নাথাকে
এনেকুৱা নহয় যে সকলো মানুহেই ভাল কথক
সকলো মানুহেই ভাল শ্ৰোতা
সকলো মানুহেই ভালদৰে কথা ক’ব নাজানে
নাজানে শ্বাসাঘাত, শব্দৰ লহৰ, উঠা-নমা
ক’ত, কেনেকৈ উশাহ ল’ব লাগে
কেনেকৈ নিশাহ এৰে
‘কথাত বঁটা পায়
কথাত কটা যায়’
ক’ত কেনেকৈ কথা ক’ব লাগে
এই কথা সকলোৱে নাজানে
কথা কোৱা এটা কলা
কথা শুনা এটা কলা
কলা অনুশীলনৰ
কঠিন অভ্যাসৰ
কোনো কাকো দাবী কৰিব নোৱাৰে
কোনো কাকো টানি ক’ব নোৱাৰে
আপুনি মোৰ কথা শুনক
আপুনি মোক কথা কওক
আপুনি কথা কওক
সময় বৰ নিৰ্দয়
কোনে কাক ধৰি ৰাখে বুকুৰ মাজত
আলফুলে
শ্ৰোতাই
দৰ্শকে
কথকে
নে বুকুৰ মানুহে!
❧ | অধিক কবিতা:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।