কবিতা গুচ্ছ

কবিতা গুচ্ছ
  • 28 Mar, 2023

১.
কাৰো প্ৰতি মোৰ কোনো অভিযোগ নাই
উতনুৱা মনটোৱেহে মাথোঁ কিয় বুজা নাই!

২.
ইমান বেছি বেয়া বুলিও নাভাবোঁ নিজকে
তথাপি ভাল বুলিনো মোক ভাবে কিমানে?

৩.
মূৰ দোৱাম, কিন্তু কাৰ চৰণত
যদিহে নাই মোৰেই প্ৰতিমূৰ্তি সমুখত।

৪.
দিয়া আদেশ শাস্তিৰ, ৰৈ আছোঁ অভাজন
কৰিছাই থিৰ যদি কাৰাবাস যাৱজ্জীৱন।

৫.
প্ৰকৃত বন্ধু কোন মই চিনি পোৱা হৈছোঁ
শতৰুক এতিয়া মই বন্ধু মানিবলৈ লৈছোঁ।

❧ | অধিক কবিতা:

কবিতা গুচ্ছ | মমতাজ আনচাৰি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক