জীয়া প্ৰেমৰ জীয়া ধল

জীয়া প্ৰেমৰ জীয়া ধল
  • 09 Nov, 2022

এই বাটেদিয়েই
আহিব নামি সূৰ্য,
সপোন দেখোঁ মই
সেউজ ভৱিষ্যতৰ।

তোমাৰ দুচকুত দেখোঁ মই
তীব্ৰ প্ৰতিশ্ৰুতিৰ উজ্জ্বল পোহৰ
তুমিতো অগ্নিকন্যা
তীব্ৰৰ পৰা তীব্ৰতৰ হয়
মোৰ প্ৰেমৰ শলিতা।

মোৰ বিশ্বাস—
আহিব নামি সূৰ্য এই বাটেদিয়েই
তোমাৰ মোৰ জীয়া প্ৰেমৰ জীয়া ধল
ৰ’ব বৈ প্ৰেমৰ অলকানন্দা হৈ।

❧ | আৰু পঢ়ক:

জীয়া প্ৰেমৰ জীয়া ধল | হিৰেন কুমাৰ দেৱ শৰ্মা
Follow Nilacharai on Facebook