সৌ চোৱা আকাশত
জোন উঠিছে,
উছৱৰ বতৰ ঈদৰ খবৰ
মনবোৰ ভৰিছে।

মিঠাই, স্বেমাই, পোলাও, নাস্তা
মায়ে ৰান্ধিব,
নতুন কাপোৰ পিন্ধি অকণিহঁতে
উদৰ পূৰাই খাব।

ঈদ মানে আনন্দৰ উৎসৱ
মুক্ত হস্তে দান কৰা,
ঈদ মানে শত্ৰুতা পাহৰি
মিলা-প্ৰীতিৰে হাতে হাত ধৰা।

ঈদ মানে আত্মাৰ পৰিশুদ্ধি
সৌহার্দ্য-সংহতি প্রকাশ কৰা,
ধনী-দুখীয়া, উচ্চ-নিচ
ভেদাভেদ পাহৰা।

বছৰ ঘূৰিল ঈদ আহিল
সকলোকে শুভেচ্ছা জনালো,
সম্প্ৰীতিৰ এনাজৰীডাল অধিক
মজবুত হোৱাৰ কামনা কৰিলো।

❧ | অধিক কবিতা:

ঈদ মোবাৰক | এহিয়া আহমেদ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: