নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

সকলোবোৰ বাঢ়ে—

কাৰোবাৰ উচ্চতা,
কাৰোবাৰ ঘনত্ব,
কাৰোবাৰ আয়তন;

টাবত প্ৰিট’ৰিয়া,
বংশানুক্ৰমিক স্তন কেন্সাৰ,
মদে-মাংসই যকৃত,
নিৰক্ষৰৰ সন্তানৰ সংখ্যা;

খজুৱতিত খৰ,
কথাত কথা,
বিদ্যালয়ৰ মাচুল,
ঔষধৰ দাম,
পানীৰ মাচুল,
শাক-পাচলিৰ দাম,
বিদ্যুতৰ মাচুল,
বাছ-ৰেলৰ ভাৰা,
ফোনৰ মাচুল,
ইন্ধনৰ দাম;

নেতাৰ চৌখিনতা,
ঈশ্বৰলৈ ভক্তি,
দুখীয়ালৈ পুতৌ।

সকলোবোৰ বাঢ়ে—

চকুৰ আগতে বাঢ়ে,
নিয়মে-অনিয়মে।

নাবাঢ়ে কেৱল
মানৱতাৰ
আয়তন,
ওজন,
ঘনত্ব
আৰু উচ্চতা।

মানৱতা কি বাওনা!

❧ | অধিক কবিতা:

এই লেখকৰ সকলো লেখা চাওক →
মানৱতা কি বাওনা | প্ৰকল্প ৰঞ্জন ভাগৱতী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...