১.
মূৰ্তিটো মাৰ্বলৰ আছিল—
কোনোবা প্রখ্যাত শিল্পীৰ শৈল্পিক তাড়নাৰ শীৰ্ষত
একলা-দুকলাকৈ গঢ় লৈ উঠা,
চিৰকাল মানুহৰ প্ৰশংসাই ধুৱাই ধুৱাই
দেহটোক মসৃণ কৰি ৰখা।

মূৰ্তিটোৰ প্ৰতিটো অংগৰ পৰা পোহৰ পিছলি পৰে
মূৰ্তিটো ঠিক মানুহৰ দৰে।

২.
মূৰ্তিটো তিলতিলকৈ মৃত্যু মুখত পৰিছিল
সময়ে খুন্দিয়াই খুন্দিয়াই
অংগবোৰ লাহে লাহে এৰুৱাই পেলাইছিল

দুখ পাইছিল কিজানি মূর্তিটোৱে।

পোহৰেও স্পৰ্শ কৰা বাদ দিছিল
মূৰ্তিটো লাহে লাহে নেদেখা হৈ আহিছিল।

৩.
মাৰ্বলৰ টুকুৰাবোৰ এতিয়া অ’ত-ত’ত পৰি আছে

কিছুমান বতাহে উৰুৱাই যেনি-তেনি পেলাই দিছে

আধা ভগা মুখখনৰ এটা চকুত
এটুপি চকুপানী এতিয়াও সজীৱ হৈ আছে।

ওচৰতে থিয় হৈ কোনোবাই
মাৰ্বলৰ ভগা টুকুৰাকেইটাৰ ফালে ৰ লাগি চাই ৰৈছে।

❧ | অধিক কবিতা:

মূৰ্তি | নিশান্ত গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: