নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

কথা: বৰষুণৰ দৰে

কথা: বৰষুণৰ দৰে

তুমি নদীৰ পৰা আহিছা? 
বৰষুণৰ দৰে গোন্ধাইছে তোমাৰ গা 
গুটিমালিৰ দৰে ফুলিছে 
তোমাৰ থুপি থুপি কথা 

কথাই নে সেয়া? 
নে বৰষুণৰ কোমল চিনাকি আশা। 

কথাৰ কেঁচা বাটত
মুঠি মুঠি মেঘ সানিছা
ভীষণ নিবিড় হৈ তুমি নামি আহিছা
ওঁঠত বৈ আনিছা ভিজা মাটিৰ সুহুৰি
গান এটা হৈ সি বাগৰি ফুৰিছে
পথাৰে পথাৰে
গছে গছে
বুকুৱে বুকুৱে…

আমৰ ডালে ডালে আকৌ ফুলিছে
তোমাৰ বৰষুণ যেন কথা
সঁচাই কোৱাচোন,
ক’ৰ পৰা আহিছা?
আজি যে আকৌ বৰষুণৰ দৰে গোন্ধাইছা…

এই লেখকৰ সকলো লেখা চাওক →
কথা: বৰষুণৰ দৰে | মৈত্ৰেয়ী পাটৰ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: