কু টীৰ শিল্প ভাৰতীয় অৰ্থনীতিৰ ধৰণী স্বৰূপ। সেয়ে ভাৰতবৰ্ষৰ দৰে কৃষিপ্ৰধান দেশত আজিৰ এই যান্ত্ৰিক যুগতো কুটীৰ শিল্পৰ আৱশ্যকতা আৰু প্ৰভাৱ অস্বীকাৰ কৰিব নোৱাৰি। আমাৰ দেশত অনেক সৰু-বৰ যান্ত্ৰিক শিল্পানুষ্ঠান গঢ়ি উঠিছে। যন্ত্ৰৰ সহায়ত কম খৰচতে বহুতো বস্তু তৈয়াৰ কৰিব পাৰি। তথাপি হাতেৰে সজা বস্তুৰ আদৰ বেলেগ। সেয়া মজবুত আৰু স্থায়ীও হয়। তদুপৰি এই ঘৰুৱা শিল্পই দেশৰ দুখীয়া জনসাধাৰণৰ জীৱিকাৰ পথো সুগম কৰে। অতি প্ৰাচীন কালৰে পৰাই অসমত নানা ধৰণৰ কুটীৰ শিল্প চলি আহিছে। আজিৰ এই বৈজ্ঞানিক যুগতো এই কুটীৰ শিল্পৰ যোগেদি এচাম অসমীয়া মানুহ এতিয়াও পোহ গৈ আছে। গতিকে কুটীৰ শিল্পৰ সৰ্বাংগীন উন্নতিৰ লগত অসমৰ উন্নতিৰ কথাও সাঙোৰ খাই আছে।
ইতিহাসে ঢুকি পোৱা দিনৰ পৰাই অসমৰ কুটীৰ শিল্পৰ সু-সমৃদ্ধ ঐতিহ্যৰ কথা পোৱা যায়। বাণভট্টৰ ‘হৰ্ষচৰিত’ নামৰ পুথিত কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্দ্ধনলৈ হাতীদাঁতৰ বস্তু, বাঁহ-বেতৰ আহিলা-পাতি উপহাৰ হিচাপে দিয়াৰ কথা পোৱা যায়। আহোম ৰজাসকলৰ দিনত কুটীৰ শিল্পৰ বিশেষ প্ৰসাৰ ঘটিছিল। সেই সময়ত অসমৰ প্ৰতিখন গাঁৱেই স্বাৱলম্বী আছিল। কঁহাৰ, কুমাৰ, খনিকৰ, শিলাকুটি আদি সকলো একেখন গাঁৱতে থাকি প্ৰয়োজনীয় সকলো বস্তু তৈয়াৰ কৰি লৈছিল। কঁহাৰ আৰু কুমাৰে কাঁহৰ বাচন-বৰ্তন আৰু মাটিৰ বাচন গঢ়িছিল। কমাৰে লোহাৰ কাম কৰিছিল। খনিকৰে হেঙুল-হাইতাল বোলাই চালপীৰা, সাতখলপীয়া সিংহাসন আদি সাজিছিল। শিলৰ মূৰ্তিৰ উপৰি শিলেৰে সাঁকো নিৰ্মাণ কৰি বাঢ়ৈসকলে পটুতা প্ৰদৰ্শন কৰিছিল। ৰাতিটোৰ ভিতৰতে কৱচ-কাপোৰ বৈছিল অসমীয়া মহিলাই। এই গাঁওসমূহেই আছিল শিল্প আৰু সভ্যতাৰ প্ৰাণকেন্দ্ৰ। যান্ত্ৰিক সভ্যতাৰ অবৰ্তমানত জীৱন-যাত্ৰাও সৰল আছিল। কুটীৰ শিল্পৰ দ্বাৰাই সকলো অভাৱ পূৰণ হৈছিল আৰু আৰ্থিক সমস্যাৰো সমাধান হৈছিল।
যদিও আমাৰ অসমত শতকৰা আশীভাগ লোকেই কৃষিজীৱী, তথাপি কেৱল কৃষিৰ ওপৰত নিৰ্ভৰ কৰিলে তেওঁলোকৰ অন্ন-বস্ত্ৰৰ সমাধান নহয়। বৃটিছৰ আগমনৰ আগলৈকে অসমীয়া মানুহে এই কুটীৰ শিল্পৰ দ্বাৰা জীৱিকাৰ পথ সুগম কৰি লৈছিল। কিন্তু বৃটিছ অহাৰ লগে লগে অসমত যান্ত্ৰিক সভ্যতাই খোপনি পুতি ল’লে। অসমীয়া মানুহৰ অতীতৰ যি কৰ্মোদ্যম, সেয়া দিনে দিনে কমি আহিল। তাৰ ফলত কুটীৰ শিল্পৰ ক্ষেত্ৰতো অনগ্ৰসৰতা পৰিলক্ষিত হ’ল। তদুপৰি বিলাতী বস্তুৰ আমদানিয়ে দেশীয় শিল্প-সম্পদৰ প্ৰতি জনসাধাৰণক অমনোযোগী কৰি তুলিলে। বিদেশৰ পৰা অনা যন্ত্ৰজাত নানা ধৰণৰ বস্তুৰে অসম ভৰি পৰিল। তদুপৰি শিল্পৰ বাবে প্ৰয়োজনীয় কেঁচামালবোৰ বৃটিছে অতি কম দামতে অসমৰ পৰা লৈ গৈ বৃহৎ বৃহৎ উদ্যোগবোৰত লগাবলৈ ধৰিলে। সিবোৰৰ লগত প্ৰতিযোগিতাত ফেৰ মাৰিব নোৱাৰি অসমৰ কুটীৰ শিল্প ক্ৰমাৎ অৱনতিৰ ফালে গতি কৰিলে।
এনে দুৰৱস্থাৰ মাজতো অসমৰ কেইপদমান কুটীৰ শিল্প এতিয়াও বাচি আছে। তাৰ ভিতৰত উল্লেখযোগ্য হ’ল— পাট-মুগা আৰু এৰী বস্ত্ৰশিল্প। অসমীয়া সংস্কৃতিৰ লগত ওতপ্ৰোতভাৱে জড়িত এই পাট-মুগা বস্ত্ৰশিল্প সমগ্ৰ দেশ তথা বিশ্বৰ ভিতৰতে এক জাকতজিলিকা শিল্প। অসমীয়া প্ৰতিগৰাকী নাৰীৰ অতি আদৰৰ-হেঁপাহৰ এই পাট-মুগা বস্ত্ৰৰ শিল্পানুষ্ঠান শুৱালকুছি-পলাশবাৰী আদি ঠাইত আছে। বিশেষকৈ শুৱালকুছিৰ বস্ত্ৰশিল্প ভাৰত বিখ্যাত। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে অসমলৈ আহি এই শিল্পৰ কাৰুকাৰ্য দেখি মোহিত হৈ মন্তব্য কৰিছিল— ‘অসমীয়া শিপিনীয়ে তাঁতশালত সৰগ ৰচে’।
তাঁতশালৰে অসমীয়া নাৰীৰ গভীৰ সম্পৰ্ক। অসমীয়া তিৰোতাই ‘ছাঁতে শুকোৱা, মুঠিতে লুকুৱা’ কাপোৰত সপোনৰ ফুল বাছে। জীয়াৰী-বোৱাৰীহঁতে পেৰা ভৰাই বিভিন্ন কাপোৰ, গামোচা, চেলেং,চোলা-চুৰীয়া, হাঁচতি, টঙালী আদি সাঁচি থৈছিল। অসমীয়া গ্ৰাম্য নাৰী জীৱনত তাঁত-সূতাৰ সম্পৰ্ক ইমানেই নিবিড় যে বিয়া দি উলিয়াই দিয়া ছোৱালীজনী মাকৰ ঘৰলৈ আহোঁতে শুদা হাতে নাহে। মৰমৰ দীঘ, চেনেহৰ বাণী আৰু হেঁপাহৰ আঁচুৰে বোৱা অতিকৈ চেনেহৰ বিহুৱানখনিৰ মাজেৰে প্ৰকাশ পায় হৃদয়ৰ গভীৰ ভালপোৱা, শ্ৰদ্ধা-ভক্তি, আৱেগৰ তীব্ৰতা, জীৱন-যৌৱনৰ উন্মাদনা।
তাঁতশাল
এসময়ত অসমীয়া মানুহৰ ঘৰে ঘৰে তাঁতশাল আছিল। আহোম ৰাজত্বৰ সময়ত তাঁতশিল্পৰ বিশেষ গুৰুত্ব আছিল। বৰৰজা আইকুঁৱৰীৰ দিনত হেনো ৰাজ-কাৰেঙতো তাঁতৰ শাল আছিল। ৰজাঘৰ-প্ৰজাঘৰ সকলোতে তাঁতশিল্প বা বয়নশিল্পই বিশেষ প্ৰাধান্য লাভ কৰিছিল। অসমীয়া নাৰীয়ে নিজে বোৱা কাপোৰ পিন্ধি গৌৰৱবোধ কৰাৰ লগতে আনকো পিন্ধাই পৰম তৃপ্তি লাভ কৰে। এটা সময়ত তাঁত ব’ব-কাটিব নজনা ছোৱালীক এলাইজাবৰী, ভাকৰী আদি শব্দৰে ঠাট্টা-মস্কৰা কৰিছিল আৰু তেনে ছোৱালীক কোনেও বিয়া কৰিব নুখুজিছিল।
বৰ্তমান মানুহবোৰ নগৰমুখী হ’বলৈ আৰম্ভ কৰাৰ লগে লগে তাঁতশিল্পৰ প্ৰতি শিপিনীসকলৰ একাংশৰ অনীহা ভাৱ পৰিলক্ষিত হৈছে। এসময়ত অসমৰ গাঁওসমূহৰ চৌপাশ তাঁতশালৰ খিতিপ্-খিতিপ্ শব্দই ৰজনজনাই আছিল। বৰ্তমান কিন্তু প্ৰায়ভাগ পৰিয়ালতে এই শিল্পৰ চৰম অৱনতি ঘটিছে। তৎসত্বেও নিজৰ ব্যৱহাৰৰ বাবে বিবিধ সামগ্ৰী অসমীয়া শিপিনীয়ে নিজ হাতেৰে গঢ়ি লোৱাৰ পৰম্পৰা কম-বেছি পৰিমাণে চলিয়েই আছে। এই শিল্পৰ দ্বাৰা অসমীয়া নাৰী মনৰ অনুভূতি আৰু সৌন্দৰ্য চেতনা প্ৰকাশ পায়। অসমীয়া জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ এই শিল্প ঠাই বিশেষে লুপ্ত হ’বলৈ আৰম্ভ কৰাটো শুভ লক্ষণ নহয়। দেখা গৈছে, পশ্চিমীয়া অত্যাধুনিক ডিজাইনৰ ৰং-বিৰঙৰ বিভিন্ন সাজ-পোচাকৰ মাজত অসমৰ এনে প্ৰাচীন ঐতিহ্যময় সাজ-পাৰৰ পৰম্পৰা যেন হেৰাই যাব খুজিছে। এই ক্ষেত্ৰত বিশেষকৈ অসমৰ নাৰী সমাজ সচেতন হ’বৰ সময় সমাগত। কাৰণ আমি ৰাজ্যখনৰ চহকী এই শিল্পকলাৰ প্ৰতি আওকণীয়া মনোভাৱ ল’লে অতি কম দিনতে এই শিল্প কালৰ গৰ্ভত পতিত হ’ব।
অসমৰ আন এবিধ চহকী কুটীৰ শিল্প হৈছে হাতীদাঁতৰ শিল্প। বৰপেটাত এই শিল্পই গঢ় লৈ উঠিছিল যদিও সম্প্ৰতি এই শিল্পও দুখ লগাকৈহে বাচি আছে। অসমৰ বাঁহ-বেতৰ শিল্পও বিশেষ জাতক-জিলিকা। বাঁহৰ জাপি, বেতৰ আচবাব আদি এই শিল্পৰ দ্বাৰাই উৎপাদিত হয়। জাপি শিল্প আন এটি অন্যতম শিল্প। সৰু-বৰ বিভিন্ন জাপি নিৰ্মাণ কৰি এচাম মানুহ এতিয়াও পোহপাল গৈ আছে। অসমৰ আন এক প্ৰধান শিল্প হৈছে কাঁহ শিল্প। কাঁহৰ শিল্পৰ বাবে সৰ্থেবাৰী জগত-বিখ্যাত। অতি পুৰণি কালৰে পৰা অসমত কাঁহৰ সামগ্ৰীৰ বহুল আদৰ আছে। কাঁহৰ থাল, বাটি, বানবাটি, বটা আদি কাঁহৰ প্ৰতিটো সামগ্ৰীৰে অসমৰ লোক-জীৱনত বিশেষ আদৰ আছে। কাঁহৰ এনেবোৰ সামগ্ৰীক অসমীয়া প্ৰতিটো পৰিয়ালতে সন্মান আৰু মান-মৰ্যাদাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। কিন্তু অতি সম্প্ৰতি যান্ত্ৰিকতাৰ পৰিপ্ৰেক্ষিতত এই শিল্পও দুৰ্বল হৈ পৰিছে। সেইদৰে হাজোৰ বিখ্যাত পিতলৰ শিল্পইও লাহে লাহে মৃত্যুৰ ফালে গতি কৰিছে। কমাৰ, কুমাৰ আদি শিল্পৰ লগতে খনিকৰৰ মূৰ্তিশিল্পও দিনক-দিনে অৱলুপ্তিৰ পথলৈ গতি কৰিছে।
অসমৰ প্ৰায়ভাগ কুটীৰ শিল্পই বৰ্তমান মৃত্যুমুখত। ইয়াৰ প্ৰধান কাৰণ হ’ল যান্ত্ৰিক সভ্যতাৰ খোপনি। যন্ত্ৰত তৈয়াৰী বস্তুবোৰ কুটীৰ শিল্পত তৈয়াৰী বস্তুতকৈ বহু সস্তাতে পোৱা যায় বাবে মানুহ সেই বস্তুবোৰৰ প্ৰতি সহজতে আকৰ্ষিত হয়। আকৌ কুটীৰ শিল্পৰ বাবে প্ৰয়োজনীয় কেঁচামালৰ অভাৱো এই শিল্পৰ অনগ্ৰসৰতাৰ অন্য এক কাৰণ। কুটীৰ শিল্পত সম্প্ৰতি প্ৰয়োজন হয় কিছুমান সৰু-সুৰা যন্ত্ৰ-পাতি, যিবোৰ টকা-পইছাৰ অভাৱৰ বাবে অসমীয়া শিল্পীয়ে সংগ্ৰহ কৰিব নোৱাৰে। আকৌ বিভিন্ন শিল্পৰ প্ৰয়োজনীয় কেচাঁমাল অসমত প্ৰচুৰ পৰিমাণে পোৱাই নাযায়। সুদক্ষ শিল্পীৰ অভাৱো এনে শিল্পৰ অৱনতিৰ অন্যতম কাৰক। অৰ্থনৈতিক সমস্যা, শিক্ষা-দীক্ষা বা কাৰিকৰী জ্ঞানৰ অভাৱৰ কাৰণেও বহু শিল্পীয়ে এই দিশত যিমান মনোযোগ দিব লাগিছিল, সিমান মনোযোগ দিব পৰা নাই। দক্ষতা অৰ্জন কৰিব পৰাকৈ শিল্পীসকলক প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা হোৱা নাই।
কুটীৰ শিল্পজাত সামগ্ৰীবোৰ বৰ্তমান বজাৰহীন হৈ পৰা দেখা গৈছে। কষ্টসাধ্য বস্তুসমূহ বিক্ৰী নোহোৱাত স্বাভাৱিকতে শিল্পীসকল নিৰুৎসাহিত হৈ পৰে। দেশৰ থলুৱা কুটীৰ শিল্পজাত বস্তুসমূহক মানুহে চৰম অনাদৰ কৰা হৈছে। অসমীয়া সোণাৰীয়ে গঢ়া অলংকাৰৰ ঠাইত বিদেশী সোণাৰীৰ অলংকাৰহে মানুহে পছন্দ কৰা হ’ল। অসমীয়া কাঁহ-পিতলৰ বাচনৰ সলনি আন ঠাইত তৈয়াৰী এলুমিনিয়াম বা ষ্টিলৰ বাচন-বৰ্তনেহে অসমৰ বজাৰ দখল কৰিলে। এনেদৰে সকলো দিশতে আমাৰ পৰিৱৰ্তিত ৰুচিয়ে কুটীৰ শিল্পক ধ্বংসৰ গৰাহলৈ আগবঢ়াই দিলে।
পৃথিৱীৰ অন্যান্য দেশৰ লগত খোজ মিলাই চলিবলৈ হ’লে যন্ত্ৰৰ আশ্ৰয় ল’বই লাগিব। স্বাধীনতাৰ পাছত ভাৰতত যন্ত্ৰশিল্পৰ আৱশ্যকতা বোধ কৰি ভালেমান সৰু-বৰ শিল্প উদ্যোগ প্ৰতিষ্ঠিত হৈছে। কিন্তু কেৱল যান্ত্ৰিক শিল্পক আশ্ৰয় কৰিয়েই দেশৰ বা সমাজখনৰ সামগ্ৰিক বিকাশ— সৰ্বাংগীন বিকাশ অসম্ভৱ। যন্ত্ৰশিল্পই এচাম মুষ্টিমেয় লোককহে ধনী কৰি তোলে। কিন্তু কুটীৰ শিল্পই দুখীয়া চহা সমাজৰ জীৱিকাৰ পথ মুকলি কৰি দিয়ে। গতিকে দেশ তথা জাতিৰ উন্নতিৰ স্বাৰ্থত যান্ত্ৰিক শিল্পৰ লগতে কুটীৰ শিল্পকো সমানে আশ্ৰয় কৰিব লাগে। গান্ধীজীয়ে খাদী আৰু কুটীৰ শিল্পতহে অধিক গুৰুত্ব আৰোপ কৰিছিল। স্বৰাজোত্তৰ ভাৰতবৰ্ষত চৰকাৰে খাদী আৰু গ্ৰামোদ্যোগৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা গৈছে।
কুটীৰ শিল্প কম মূলধনৰেই আৰম্ভ কৰিব পাৰি। চৰকাৰে প্ৰয়োজনীয় ঋণ আদিৰ যোগান ধৰি এই উদ্যোগ গঢ় লৈ উঠাত সহায় কৰিব পাৰে। কম সূদৰ হাৰত বেংকবোৰৰ পৰা ধাৰে লোৱাৰ ব্যৱস্থা কৰিব পাৰে। মূলধনৰ লগতে কেঁচামাল সংগ্ৰহৰ ক্ষেত্ৰতো চৰকাৰৰ লগতে অন্যান্য বিত্তীয় প্ৰতিষ্ঠানবোৰে কুটীৰ শিল্পীসকলক সহায় আগবঢ়াব পাৰে। তদুপৰি বহু কেঁচামাল নিজ ঠাইতে তৈয়াৰী কৰি ল’বও পাৰি। এই ক্ষেত্ৰত ৰাইজৰ সচেতনতাৰ বিশেষ প্ৰয়োজন।
বাঁহ-বেতৰ উদ্যোগৰ কাৰণে বাঁহ-বেতৰ প্ৰয়োজন। ইয়াৰ খেতি কৰিবলৈ উদ্যোগী ডেকাসকল আগবাঢ়ি আহিব লাগে। ইয়াৰ ফলত শিল্পৰ কেঁচামলৰো বৃদ্ধি ঘটে আৰু ব্যৱসায়ৰ দিশতো আগবাঢ়িব পাৰি। আনহাতে কুটীৰ শিল্পৰ লগত জড়িত ব্যক্তি বা শিল্পীসকলক সুদক্ষ কৰি তোলাৰ বাবে তেওঁলোকৰ মাজত শিক্ষা ব্যৱস্থাৰ প্ৰসাৰ ঘটাব লাগিব। কাৰিকৰী দিশৰ বিভিন্ন শেহতীয়া জ্ঞান অৰ্জনৰ ক্ষেত্ৰতো যাতে তেওঁলোকে সুবিধা লাভ কৰিব পাৰে, তাৰ প্ৰতি সংশ্লিষ্ট পক্ষ সচেতন হ’ব লাগে,— তেহে কুটীৰ শিল্পৰ মান বৃদ্ধি হ’ব। কুটীৰ শিল্পজাত সামগ্ৰীসমূহৰ বিক্ৰীৰ ক্ষেত্ৰতো চৰকাৰী পৃষ্ঠপোষকতাৰ দৰকাৰ। এনে সামগ্ৰীসমূহৰ ওপৰত ‘বিক্ৰীকৰ’ সম্পূৰ্ণৰূপে ৰেহাই দিব লাগে। ইয়াৰ ফলত কুটীৰ শিল্পজাত সামগ্ৰীসমূহৰ দাম কমিব আৰু জনসাধাৰণেও ইয়াক ক্ৰয় কৰিবলৈ আগ্ৰহী হৈ পৰিব।
কুটীৰ শিল্পৰ বিকাশ আৰু প্ৰসাৰে অসমৰ ঔদ্যোগীকৰণৰ অভাৱ বহু পৰিমাণে হ্ৰাস কৰিবলৈ সক্ষম হ’ব। তদুপৰি সম্প্ৰতি অসমত ভয়াবহ ৰূপ ধাৰণ কৰা নিবনুৱা সমস্যাও বহু পৰিমাণে এই কুটীৰ শিল্পই হ্ৰাস কৰিব পাৰে। কিন্তু তাৰ বাবে প্ৰয়োজন এই শিল্পৰ প্ৰতি ৰাইজৰ আগ্ৰহ আৰু আন্তৰিকতা। সেয়ে ৰাইজৰ মাজত এই মৃতপ্ৰায় কুটীৰ শিল্পৰ প্ৰতি সশ্ৰদ্ধ ভাৱ জগাবলৈ আমাৰ শিক্ষিত সমাজ আগবাঢ়ি আহিব লাগে। ৰাইজ আৰু চৰকাৰৰ পৃষ্ঠপোষকতা অবিহনে অসমৰ এই সোণসেৰীয়া শিল্পই ভৱিষ্যৎ দিনবোৰত প্ৰগতিৰ বাটত খোজ পেলাব নোৱাৰিব। সেয়ে এই দিশত সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণ তৎপৰ হোৱা বিশেষ প্ৰয়োজন।
❧ | আৰু পঢ়ক: