কাৰেঙৰ লিগিৰী

কাৰেঙৰ লিগিৰী
  • 22 May, 2024

ৰুণোদয় আৰু জোনাকী যুগত অসমীয়া নাট্যসৃষ্টিয়ে আধুনিকতাৰ বোল সানি আত্মপ্ৰকাশ কৰিছিল যদিও ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ হাততে অসমীয়া নাটকে নতুন আংগিক, ভাৱবস্তুৰ নতুনত্ব আৰু গভীৰতাৰে সমৃদ্ধ হৈ পূৰ্ণতা লাভ কৰে বুলিব পাৰি। কেইখনমান নাটক ৰচনাৰেই জ্যোতিপ্ৰসাদে অসমৰ নাট্য আন্দোলনত যুগমীয়া কীৰ্তি ৰাখি থৈ গৈছে। নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদৰ প্ৰতিভাৰ স্ফুৰণ ঘটিছিল মাত্ৰ চৈধ্য বছৰ বয়সতে, ‘শোণিত কুঁৱৰী’ নামৰ নাটক ৰচনাৰ জৰিয়তে। ‘কাৰেঙৰ লিগিৰী’ জ্যোতিপ্ৰসাদৰ দ্বিতীয়খন নাটক। এই নাটখনি ছপা হৈ ওলায় ১৯৩৭ চনত। ১৯২৬ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই এডিনবৰা বিশ্ববিদ্যালয়ত উচ্চশিক্ষা লভিবৰ বাবে লণ্ডনলৈ যাত্ৰা কৰাৰ আগতে নাটখনি ৰচনা কৰি উলিয়াইছিল। সেইফালৰ পৰা ধাৰণা কৰিব পাৰি যে ‘কাৰেঙৰ লিগিৰী’ ১৯২৫-২৬ চনৰ ভিতৰত ৰচিত হৈছিল। যদিও লণ্ডনলৈ যোৱাৰ আগতে জ্যোতিপ্ৰসাদে নাটখনি ৰচনা কৰিছিল, তেখেতে লণ্ডনৰ পৰা ঘূৰি অহাৰ পাছতহে নাটখনিক পূৰ্ণাংগ ৰূপ দিয়ে। জ্যোতিপ্ৰসাদৰ নাট্যৰীতিয়ে পৰিপুষ্টি লাভ কৰে ইউৰোপৰ পৰা ঘূৰি অহাৰ পাছত।

জ্যোতিপ্ৰসাদৰ দ্বাৰা ৰচিত নাটক ৯খন। তাৰে ‘কনকলতা’ আৰু ‘সুন্দৰ কোঁৱৰ’ অসম্পূৰ্ণ। দুয়োখন নাটকৰে একোটাকৈ অংকহে পোৱা গৈছে। ‘সোণপখিলী’, ‘শোণিত কুঁৱৰী’, ‘কাৰেঙৰ লিগিৰী’, ‘ৰূপালীম’, ‘খনিকৰ’, ‘লভিতা’, ‘নিমাতী কইনা’— এই সাতখন পূৰ্ণাংগ। ইয়াৰে ‘সোণপখিলী’ নাটিকাখনি শিশুৱে অভিনয় কৰিব পৰাকৈ ৰূপকধৰ্মিতাৰে ৰচনা কৰিছে। আনহাতে ‘নিমাতী কইনা’ কাব্যধৰ্মী নাট। ‘নিমাতী কইনা’ কলালক্ষ্মীৰ প্ৰতীক বুলি নাট্যকাৰে পাতনিতে উল্লেখ কৰিছে।

‘কাৰেঙৰ লিগিৰী’ জ্যোতিপ্ৰসাদৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি আৰু অসমীয়া নাট্য সাহিত্যৰো অন্যতম শ্ৰেষ্ঠ নাটক বুলি ক’ব পাৰি। ‘কাৰেঙৰ লিগিৰী’ জ্যোতিপ্ৰসাদৰ মানসিক উত্তৰণৰ উৎকৃষ্ট স্বাক্ষৰ। ড° মহেন্দ্ৰ বৰাই জ্যোতিপ্ৰসাদৰ নাট্যসৃষ্টি সম্পৰ্কত মন্তব্য কৰিছে— “‘কাৰেঙৰ লিগিৰী’ যেনেকৈ তেওঁৰ উৎকৃষ্ট নাট্যকৃতি, ‘ৰূপালীম’ তেনেকৈ তেওঁৰ মহত্তম শিল্পকৰ্ম আৰু ‘লভিতা’ নিঃসন্দেহে তেওঁৰ নাট্য-জীৱনৰ সাহসীকতম পদক্ষেপ।”

‘কাৰেঙৰ লিগিৰী’ পাঁচটা অংকত বিভক্ত এখনি পূৰ্ণাংগ নাটক। নাটখনিত মুঠতে চৈধ্যতা দৃশ্য আছে। নাটখনিৰ কাহিনীৰ পটভূমি মধ্যযুগৰ আহোম ৰাজত্ব কাল। সুন্দৰ আহোম ৰাজ্যৰ ৰাজকোঁৱৰ। কোঁৱৰৰ মাতৃ ৰাজমাও। ৰাজমাওৰ প্ৰবল ইচ্ছা— সুন্দৰ কোঁৱৰে সমাজৰ প্ৰথা অনুসৰি বিবাহপাশত আবদ্ধ হ’ব লাগে। তেতিয়াহে বংশ ৰক্ষাৰ লগতে কোঁৱৰ আহোম ৰাজ্যৰ ৰজা হ’ব পাৰিব। কিন্তু সুন্দৰ কোঁৱৰ কোনোপধ্যেই বিবাহপাশত আবদ্ধ হ’ব নিবিচাৰে। এই বিষয়ক লৈ নিতৌ ৰাজমাওৰ সৈতে কোঁৱৰৰ মনোমালিন্য, তৰ্কাতৰ্কি হয়। কোঁৱৰে বিয়া নকৰোৱাৰ কাৰণ হিচাপে ৰাজমাৱে কাৰেঙৰ সুন্দৰী লিগিৰী শেৱালিক সন্দেহৰ দৃষ্টিৰে চায়, কিজানি শেৱালিৰ ৰূপত ভোল গৈ কোঁৱৰ আনক বিয়া কৰাবলৈ অনিচ্ছুক। যদি সেয়ে হয়, কাৰেঙৰ সাধাৰণ বন কৰা লিগিৰী এজনীক বিয়া কৰালে বংশৰ গৌৰৱ, ৰাজকীয় অভিজাত্য সকলো ধূলিসাৎ হৈ যাব। সেইবাবে যিমান সোনকালে পাৰি কোঁৱৰক বিয়াৰ বাবে সন্মত কৰাবলৈ ৰাজমাৱে চেষ্টা কৰিছে। কিন্তু কোঁৱৰৰ নাৰীৰ ওপৰত কোনো ধৰণৰ আস্থা নাই। সেইবাবেই তেওঁ বিয়াত বহাৰ পক্ষপাতী নহয়। কিন্তু শেষত নিজৰ অনিচ্ছাসত্ত্বেও সমাজ আৰু ৰাজমাওৰ আদেশ মানি বিয়াত সন্মতি দিবলৈ বাধ্য হ’ল। নিজৰ ইচ্ছাৰ বিপৰীতে বিয়া কৰাবলগীয়া হোৱাত তেওঁ কৈছে— “সংসাৰৰ ৰীতি, সমাজৰ নিয়ম, বোপককাৰ সহজ, গুৰুজনৰ আজ্ঞা, আইৰ হেঁপাহ, প্ৰজাৰ আগ্ৰহ ৰওক, মাথোঁ মই সকলোৰে গচকত মষিমূৰ হৈ যাওঁ।”

আনৰ সন্তুষ্টিৰ কাৰণে কোঁৱৰ কাঞ্চনমতীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পাছত যেতিয়া কাঞ্চনমতীক তেওঁৰ অন্তৰংগ বন্ধু অনঙ্গৰ প্ৰতি অনুৰক্তা বুলি জানিলে, তেতিয়া তেওঁ যে আনৰ সন্তুষ্টিৰ বাবে বিয়া কৰাইছিল, সেই কথা পাহৰি স্বামী হিচাপে তেওঁ কাঞ্চনমতীৰ মন আৰু শৰীৰ দুয়োটাই দাবী কৰিলে। কাঞ্চনমতীৰ পৰা দৈহিক সতীত্বৰ বাহিৰে মনৰ সতীত্ব দাবী কৰিবৰ অধিকাৰ নাই বুলি স্পষ্ট ভাষাত উত্তৰ পোৱাত সুন্দৰে নিজৰ ভুল বুজি পালে আৰু সেই ভুল শুধৰাবলৈ তেওঁ বালিভাত খাবলৈ যাওঁ বুলি কাঞ্চনমতীক লগত লৈ লুইত পাৰ হৈ কাজিৰঙা অৰণ্য পালে। তাত তেওঁ কাঞ্চনমতীক পূৰ্বৰ প্ৰেমিক অনঙ্গৰ সৈতে লগ লগাই এৰি থৈ আহিল। কাঞ্চনমতীয়ে আঁচলৰ গাঁঠিৰ বিষ খাই আত্মহত্যা কৰিলে। নিজৰ বিবাহিতা পত্নীক নিৰ্বাসন দিয়াত ৰাজ্যৰ চৌপাশে বু-বু বা-বা হ’বলৈ ধৰিলে। প্ৰজাৰ মাজত চৰ্চা হ’বলৈ ধৰিলে যে কোঁৱৰে কাৰেঙৰ লিগিৰী শেৱালিক গোপনে ভাল পায় আৰু নিজৰ পত্নী কাঞ্চনমতীক নিৰ্বাসন দি শেৱালিক লাভ কৰাৰ পথ মুকলি কৰিছে।

ইফালে শেৱালিয়ে সুন্দৰ কোঁৱৰক মনে মনে ভাল পায় যদিও প্ৰতিদানৰ বাবে তাই লালায়িত নহয়। সুন্দৰৰ আলপৈচান ধৰি তেওঁৰ সান্নিধ্য লাভ কৰাতেই শেৱালিৰ আনন্দ। কোঁৱৰো অজ্ঞাতসাৰেই তাইৰ কাষ চাপি যায়। তাই আলপৈচান ধৰিলে ভাল পায়। তাইৰ প্ৰতি সুন্দৰৰ মণিকোঠাত এক দুৰ্বলতা আছে, কিন্তু তাক প্ৰকাশ কৰিবলৈ সুন্দৰে দ্বিধাবোধ কৰে। এক কথাত, বাহ্যিক দৃষ্টিত সুন্দৰ কোঁৱৰ শেৱালিৰ প্ৰতি নিৰ্লিপ্ত। ইতিমধ্যে নাৰী বিদ্বেষী ভাৱ থকা বাবে হয়তো তেওঁ নাৰীৰ ওচৰত ইমান সহজে আত্মসমৰ্পণ কৰাৰো পক্ষপাতী নহয়। ৰাজকীয় আভিজাত্যৰ বাবেও প্ৰকাশ্যে শেৱালিক ভালপোৱাৰ কথা ব্যক্ত কৰিব নোৱাৰে। ইফালে ৰজাঘৰে-প্ৰজাঘৰে সুন্দৰ কোঁৱৰ আৰু শেৱালিৰ সম্পৰ্কৰ বিষয়ে সন্দেহ ঘনীভূত হ’বলৈ ধৰিলে। শেৱালিৰ প্ৰতি সুন্দৰৰ এই দুৰ্বলতা ৰাজমাৱে সহ্য কৰিব নোৱাৰিলে আৰু শেৱালিক আঁতৰ কৰিলে সকলো সমস্যাৰ সমাধান হ’ব বুলি ভাবি শেৱালিক নগা পাহাৰত নিৰ্বাসন দিলে। এই কথাত ক্ষুণ্ণ হৈ কোঁৱৰ বিদ্ৰোহী হৈ উঠিল আৰু শেৱালিক উদ্ধাৰ কৰি আনি কাৰেঙৰ ৰাণী পতাৰ সিদ্ধান্ত লৈ নগা পাহাৰলৈ তাইক উদ্ধাৰৰ বাবে যাত্ৰা কৰিলে। কোঁৱৰ অহা বুলি আৰু তাইক ৰাজ্যলৈ ওভোতাই নি ৰাণী পাতিব বুলি শুনি শেৱালিয়ে কোঁৱৰলৈ তাইৰ প্ৰেমৰ চিন স্বৰূপে ৰঙা ফুলৰ মালা উপহাৰ হিচাপে পঠিয়াই পৰ্বতীয়া জুৰিত জাপ দি আত্মহত্যা কৰিলে। শেৱালিৰ ভয় হ’ল, জানোচা তাইক ৰাণী পাতিলে ডাঙৰীয়াসকলে কোঁৱৰক হত্যা বা পদচ্যুৎ কৰে। গতিকে তাইৰ কাৰণে যাতে কোঁৱৰে কষ্ট খাবলগা নহয়, তাৰ বাবেই তাই আত্মজাহ দিলে। শেৱালিৰ মৃত্যুৱে কোঁৱৰৰ মনত থকা ধাৰণাৰ পৰিৱৰ্তন কৰিলে। নাৰীবিদ্বেষী সুন্দৰ কোঁৱৰে নাৰীৰ প্ৰেম আৰু প্ৰেমৰ মহত্ত্ব উপলব্ধি কৰিলে আৰু শেৱালিৰ প্ৰতি তেওঁৰ ভালপোৱাৰ ভাৱ হিয়া উজাৰি প্ৰকাশ কৰিলে— “বুজালি শেৱালি, মোক বুজালি। জীৱনেৰে বুজালি, মৰণৰে বুজালি, মোৰ জীৱন যজ্ঞত তোৰ জীৱন আহূতি দিলি।”

এয়াই চমুকৈ জ্যোতিপ্ৰসাদৰ ‘কাৰেঙৰ লিগিৰি’ নাটৰ মূল কাহিনী। আহোম যুগৰ সামন্তীয় সমাজ-ব্যৱস্থাৰ পৰিৱেশত ৰচিত নাটক হ’লেও তাৰ সংলাপ আৰু চৰিত্ৰাংকনৰ মাজত আধুনিকতা জিলিকি উঠিছে। নাটখনত সৰু-বৰ ভালেমান চৰিত্ৰৰ সমাৱেশ ঘটিছে। প্ৰতিটো চৰিত্ৰ সৃষ্টিতে নাট্যকাৰে দক্ষতাৰ পৰিচয় দিয়াৰ লগতে চৰিত্ৰ বিকাশৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদে প্ৰতিটো চৰিত্ৰতে নিজস্বতা দান কৰিবলৈ চেষ্টা কৰিছে।

‘কাৰেঙৰ লিগিৰী’ নাটত সুন্দৰ কোঁৱৰ চৰিত্ৰটি এটি বিতৰ্কিত চৰিত্ৰ। বহুতৰ মতে সুন্দৰ কোঁৱৰ বিপ্লৱী চৰিত্ৰ, সেইবাবে তেওঁ বিপ্লৱী মণীষাৰে প্ৰতীক। কিন্তু কিছু সংখ্যকৰ মতে সুন্দৰ কোঁৱৰ বিপ্লৱী নহয়, ৰোমাণ্টিক বিপ্লৱীহে। সুন্দৰ কোঁৱৰে শেৱালিক গোপনে ভাল পায়। এজন ৰাজকোঁৱৰে এজনী সাধাৰণ লিগিৰীক ভাল পাব পাৰে, কিন্তু বিয়া কৰোৱাটো মধ্যযুগীয় সামন্তবাদী চিন্তাৰ পৰিপ্ৰেক্ষিতত অসম্ভৱ কথা। এফালে তেওঁ নাৰী-বিদ্বেষী, নাৰীৰ ওপৰত আস্থা নাই। শেষত সুন্দৰ কোঁৱৰে শেৱালিক বিয়া কৰাব নোৱাৰিলে। যদি বিয়া কৰাব পাৰিলেহেঁতেন, তেতিয়া সুন্দৰ কোঁৱৰৰ চৰিত্ৰটো এটা বিপ্লৱী চৰিত্ৰ হৈ পৰিলেহেঁতেন। সুন্দৰ কোঁৱৰে উপলব্ধি কৰে— সমাজৰ প্ৰচলিত ৰীতি-নীতিবোৰ অযুক্তিকৰ আৰু সেইবোৰৰ অৱসান হ’ব লাগে। কিন্তু তথাপি তেওঁ সমাজৰ ৰীতি-নীতিবোৰৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰিলে। সকলোৰে হেঁচাত তেওঁ আত্মসমৰ্পণ কৰিলে, অনিচ্ছাসত্ত্বেও বিয়াত বহিবলৈ বাধ্য হ’ল। আনহতে শেৱালিৰ প্ৰতি দুৰ্বলতা থাকিলেও কোঁৱৰে তাক প্ৰত্যাখ্যান কৰিব পৰা নাছিল। কিন্তু পৰিস্থিতিয়ে শেৱালি সম্পৰ্কে কোঁৱৰক চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য কৰিছে। নিজৰ সংকল্প ৰক্ষাৰ বাবেই ৰাজপাটকো তুচ্ছজ্ঞান কৰি সুন্দৰ কোঁৱৰ চৰিত্ৰটোৱে শেষত বিল্পৱী চৰিত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আৰম্ভণিতে চৰিত্ৰটোৱে সিদ্ধান্ত গ্ৰহণত বা শেৱালিক বিয়া কৰাবলৈ আগবাঢ়ি অহাৰ ক্ষেত্ৰত দৃঢ়তা প্ৰদৰ্শন কৰিব পৰা নাছিল। ৰাজ-আভিজাত্যই এনে সিদ্ধান্ত গ্ৰহণত হয়তো বাধা হিচাপে থিয় দিছিল। কিন্তু পৰিস্থিতিয়ে যেতিয়া জটিল ৰূপ ল’লে, তেতিয়া তেওঁ দৃঢ়তাৰে সাহসী পদক্ষেপ গ্ৰহণৰ বাবে আগবাঢ়ি আহিছে। এই সমূহ দিশৰ পৰা ক’ব পৰা যায়, সুন্দৰ কোঁৱৰ জ্যোতিপ্ৰসাদৰ প্ৰতিবাদী, বিপ্লৱী, ৰূপান্তৰকামী, আধুনিক চৰিত্ৰ।

নাটকখনৰ তিনিওটি ভিন্নসুৰী নাৰী চৰিত্ৰৰ মাজেৰে জ্যোতিপ্ৰসাদে সমকালীন সমাজখনৰ নাৰীৰ তিনিটা বিশেষ ৰূপ চিত্ৰিত কৰিছে। শেৱালি চৰিত্ৰটিক নাট্যকাৰ জ্যোতিপ্ৰসাদে সমাজৰ স্বাভাৱিক অনুভূতিশীলা, নিভাঁজ প্ৰেয়সী হিচাপে অংকন কৰিছে। ক’ব পাৰি, শেৱালি— শেৱালি ফুলৰ দৰেই শুভ্ৰ, কোমল আৰু সৌৰভময়। গচকত পৰা অনাদৃত শেৱালি পাহিৰ দৰেই তাই কাৰেঙৰ সামান্য লিগিৰী। খন্তেকৰ কাৰণে সৌৰভ বিলাই নিজে নিজে সৰি মৰহি যোৱা ফুলপাহৰ দৰেই শেৱালিয়েও সৌৰভ বিলাই, তিৰোতাৰ শুভ্ৰ ভালপোৱাৰ সম্ভেদ কোঁৱৰক দান কৰি প্ৰেমৰ বেদীত আত্মাহূতি দি আঁতৰি গ’ল। নাটখনিত শেৱালি চৰিত্ৰটি নাৰী হৃদয়ৰ সকলোখিনি মধুৰতাৰে সমৃদ্ধ কৰি জ্যোতিপ্ৰসাদে অংকন কৰিছে। শেৱালিৰ সুন্দৰ কোঁৱৰৰ প্ৰতি থকা ভালপোৱাত কোনো কৃত্ৰিমতা বা স্বাৰ্থ নিহিত নাছিল। সৰল মনৰ শেৱালিক ঘটনাচক্ৰই যিফালে লৈ গৈছিল, সেইফালেই তাই গৈ আছিল। সমাজক উপেক্ষা কৰি নিজৰ আশা-আকাংক্ষাক বাস্তৱ ৰূপ দিয়াৰ সাহস তাইৰ নাছিল। শেৱালিক পৰিস্থিতিৰ দাস হোৱা চৰিত্ৰ হিচাপে অংকন কৰিছে। তেওঁৰ সীমাবদ্ধ জগতখনত সুন্দৰ কোঁৱৰৰ দৰে ৰাজকুমাৰক গোপনে ভাল পাব পাৰে, কিন্তুু মুকলিকৈ ওলাই আহিব নোৱাৰে। লিগিৰীৰ সামাজিক স্থান লিগিৰী হিচাপেই থাকিবলৈ বাধ্য হৈছে। নাটকখনত শেৱালিৰ চৰিত্ৰটোৱে প্ৰকৃততে সমাজখনৰ আন এক দিশ উন্মোচিত কৰে। যিখন সমাজত ক্ষমতাশালী ৰাজকোঁৱৰজনে নিজৰ প্ৰেমক অৱদমিত কৰি ৰাখিব পাৰে, নিজৰ সামাজিক মৰ্যাদা আৰু সামন্তীয় মূল্যবোধক ওফৰাই দিব পৰা নাই, সেইখন সমাজত, সমাজৰ একেবাৰে নিম্নখাপৰ এগৰাকী সাধাৰণ লিগিৰী হিচাপে শেৱালিয়েও নিজৰ প্ৰেমক, হৃদয়ৰ ভালপোৱাখিনিক অৱচেতন মনৰ গভীৰতাত লুকুৱাই ৰখাটোৱেই স্বাভাৱিক। শেৱালিয়ে তাইৰ হৃদয়ত সঞ্চিত প্ৰেমৰ ঐশ্বৰিক খনিক মৃত্যৰ দ্বাৰা সমাজক দেখুৱাই গ’ল। শেৱালিৰ নিঃস্বাৰ্থ প্ৰেম আৰু ত্যাগে সুন্দৰ কোঁৱৰৰ দৰে আঁকোৰগোজ, নাৰী বিদ্বেষী লোকজনৰ হৃদয়ো প্ৰেমৰ পোহৰৰে দীপ্তিমান কৰি তুলিলে। শেৱালিৰ প্ৰেমত সুন্দৰে বিচাৰি পালে এক নতুন অৰ্থ। সুন্দৰ কোঁৱৰৰ এই পৰিৱৰ্তনেই শেৱালি চৰিত্ৰটি সাৰ্থক কৰি তুলিছে।

কাঞ্চনমতী হ’ল যুক্তিবাদী, নতুন যুগৰ নাৰীৰ প্ৰতিনিধি। কিন্তু যুক্তিবাদী হ’লেও ভিতৰি সন্ত্ৰস্ত আৰু সংকুচিত। অভিভাৱকৰ ইচ্ছা কিম্বা সমাজৰ আদেশ— কোনোটোৰে বিপক্ষে যোৱাৰ সাহস তেওঁৰ নাই। কাঞ্চনমতীয়ে পিতৃ-মাতৃৰ নিৰ্দেশত আৰু সামাজিক নিয়ম ৰক্ষাৰ বাবে নিজৰ দীৰ্ঘদিনীয়া প্ৰেমিক অনঙ্গক বাদ দি সুন্দৰ কোঁৱৰৰ লগত বিয়াত বহিছে। নাটখনত কাঞ্চনৰ প্ৰেম আৰু বিবাহ দুয়োটাই ব্যৰ্থ হৈছে। প্ৰেমে বিবাহৰ পৰিণতি লাভ কৰা নাই আৰু বিবাহো কৰুণভাৱে ভাগি গৈছে। কাঞ্চন চৰিত্ৰৰ এটা শক্তিশালী দিশ হ’ল সত্যনিষ্ঠা। বাস্তৱক এৰাই চলা তেওঁৰ বাবে সম্ভৱ নহয়। বাস্তৱৰ ওচৰত নত হ’লেও অন্তৰখন স্বাধীন আৰু পৱিত্ৰ। আৰু এই পৱিত্ৰতা ৰক্ষাৰ দৃঢ় সংকল্পৰে কাঞ্চনে সুন্দৰক সকলো কথা খুলি কয়। কাঞ্চনে ভালদৰে বুজিছিল যে সত্যৰক্ষাৰ বাবে মিছাৰ আশ্ৰয় লোৱাটো উচিত নহয়। অন্তৰৰে মানি নল’লেও তেওঁ সামাজিক নিয়মৰ বিৰুদ্ধে যোৱা নাছিল। সমজৰ কৰ্তৃত্বক মানি আত্মসমৰ্পণ কৰিলেও অৱশেষত তেওঁ পৰাজিত হ’ল।

শেৱালি আৰু কাঞ্চন কোনোটো চৰিত্ৰই প্ৰকৃতাৰ্থত বিকাশ লাভ কৰা নাই। জীৱনৰ কঠিন বাস্তৱৰ ওচৰত অৱশেষত দুয়ো আত্মসমৰ্পণ কৰিছে। ৰক্ষণশীল সমাজে যি কৰে, সকলো কৰোৱা হৈছে ৰাজমাও চৰিত্ৰটোৰ মাজেৰে। কিন্তুু শেৱালিৰ মৃত্যুৰ পাছত ৰাজমাও চৰিত্ৰটি নাটকখনৰ পৰাই অন্তৰ্ধান হৈ পৰে। যৱনিকাৰ মুহূৰ্তত ৰাজমাওৰ কোনো ভূমিকা চিত্ৰিত কৰা হোৱা নাই। সামন্তীয় সমাজৰ ৰক্ষণশীলতাৰ প্ৰতিনিধি হিচাপে নাটকখনত ৰাজমাওৰ চৰিত্ৰটি অংকিত হৈছে।

উল্লেখযোগ্য যে জ্যোতিপ্ৰসাদে বিদেশত থকা সময়ছোৱাত পাশ্চাত্যৰ কেইবাগৰাকীও নাট্যকাৰৰ নাট্যৰীতিৰ লগত পৰিচিত হৈছিল আৰু প্ৰয়োজন অনুসৰি তেওঁৰ নাট্যসৃষ্টিত সেই ৰীতিসমূহ প্ৰয়োগ কৰিছিল। সেই সময়ত শ্বেইক্সপীয়েৰ, ইবছেন, বাৰ্নাড শ্ব’, গলছৱৰ্থি আদি বিশ্বখ্যাত নাট্যকাৰসকলে এক নতুন নাট্যৰীতিৰ সম্ভেদ কৰিছিল। জ্যোতিপ্ৰসাদেও এই নাট্যৰীতি অধ্যয়ন কৰি অসমীয়া নাটকত এই নতুন নাট্যৰীতি সম্পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰিছিল। কিন্তু তেওঁ কোনো নাট্যকাৰকে অন্ধ অনুকৰণ কৰা নাছিল। সেইবাবে কোনো নাটকতে পাশ্চাত্য নাট্যৰীতি পোনপটীয়াভাৱে পৰিলক্ষিত নহয়। তেওঁ পাশ্চাত্য নাট্যৰীতিক থলুৱা পটভূমি তথা কাহিনীৰ মাধ্যমেদি প্ৰকাশ কৰিছিল। ‘কাৰেঙৰ লিগিৰী’ত শ্বেইক্সপীয়েৰৰ নাট্যকৌশল, বাৰ্নাড শ্ব’ৰ চিন্তামূলক নাটকৰ গুণৰ লগতে ইবছেনৰ বাস্তৱবাদো পৰিস্ফূত হৈছে। নাটখনৰ বিষয়বস্তুত বৰ্ণিত সামন্তযুগীয় সামাজিক পৰিৱেশ, সংঘাত, নায়কৰ লক্ষণ আৰু অৱশেষত শেৱালিৰ মৃত্যুৱে সুন্দৰ কোঁৱৰক নাৰীৰ মহত্ত্ব বুজোৱা আদি দিশৰ সৈতে শ্বেইক্সপীয়েৰৰ বিখ্যাত নাট্যকৰ্ম ‘হেমলেট’ৰ বহুখিনি সাদৃশ্য দেখা যায়। আনহাতে বাস্তৱধৰ্মী, সমাজবাদী নাটকৰ পথ প্ৰদৰ্শক হেনৰিক ইবছেনৰ বৈপ্লৱিক নাট্যচিন্তা আৰু বাস্তৱধৰ্মীতাৰ প্ৰভাৱো ‘কাৰেঙৰ লিগিৰী’ নাটত দেখা পোৱা যায়। একেদৰে বাৰ্নাড শ্ব’ৰ নাটকৰ দৰে ‘কাৰেঙৰ লিগিৰী’তো দেখা যায় প্ৰতিটো দৃশ্যৰ আৰম্ভণিতে বিশদ মঞ্চ নিৰ্দেশনা। তদুপৰি বাৰ্নাড শ্ব’ৰ নাটকসমূহত ভাৱানুভুতি আৰু বুদ্ধিমত্তাৰ মাজত দেখা দিয়া দ্বন্দ্ব ‘কাৰেঙৰ লিগিৰী’ নাটতো দেখা যায়। এঈদৰেই যদিও পাশ্চাত্য নাট্যকাৰৰ নাট্যসৃষ্টিৰ প্ৰভাৱ নাটখনত কিছু পৰিমাণে আছে, তথাপি ই ৰূপকোঁৱৰৰ স্বকীয় প্ৰতিভা আৰু চিন্তন-মননৰ পৰশত সোণত সুৱগাহে চৰাইছে।

নাটকখনৰ সামগ্ৰিক পৰিৱেশ সম্পূৰ্ণ অসমীয়া জীৱন আৰু সমাজৰ ওপৰতে গঢ় লৈ উঠিছে। ৰাজকাৰেং, শৰাই, বন্তি, বৰপীৰা, মূৰৰ পাগ ইত্যাদি সকলোতে আহোম যুগৰ অসমীয়া সমাজখন মূৰ্তমান। ইয়াৰ উপৰি আন এক উল্লেখনীয় দিশ হ’ল, জ্যোতিপ্ৰসাদে তেওঁৰ এই নাট্যসৃষ্টিত অসমীয়া লোকসংগীতৰ লগত পশ্চিমীয়া বাদ্যযন্ত্ৰৰ সু-সমন্বয় ঘটাই এবিধ নতুন থলুৱা সংগীতৰ অন্তৰ্ভুক্তি কৰিছে।

‘কাৰেঙৰ লিগিৰী’ এখন সমস্যামূলক নাট, য’ত আঁকি উলিওৱা হৈছে ব্যক্তি-চেতনাৰ লগত সামাজিক পৰম্পৰাৰ সংঘাত আৰু ব্যক্তিমানসৰ অন্তৰালত লুকাই থকা মগ্ন চৈতন্যৰ স্বৰূপ উদঙাই ধৰা হৈছে। নাটখনিৰ অন্যতম বৈশিষ্ট্য হৈছে চৰিত্ৰসমূহৰ পাৰস্পৰিক সম্পৰ্কৰ বিপৰীতধৰ্মী মনোভাৱ। চৰিত্ৰসমূহৰ এই বিপৰীতধৰ্মীতা দুটা শিবিৰৰ মাজৰ সংঘাত নহয়, বৰং কেইবাটাও স্বতন্ত্ৰৰীয়া দৃষ্টিকোণেৰেহে বিপৰীতমুখী অভিব্যক্তি। চৰিত্ৰসমূহৰ এনে বিপৰীতধৰ্মী অভিব্যক্তিয়েই ‘কাৰেঙৰ লিগিৰী’ক বিশেষত্ব আৰু সাফল্য দান কৰিছে। নাটখনত গতানুগতিকভাৱে কাহিনী, চৰিত্ৰ, সংলাপ, সংঘাত বা জীৱন-দৰ্শনৰ ৰূপায়ণ কৰা নাই। বিষয়বস্তুৰ উপস্থাপনৰ ক্ষেত্ৰত যিদৰে নাট্যকাৰ জ্যোতিপ্ৰসাদে কেবাটাও নাট্যধাৰাৰ ধ্যান-ধাৰণাৰ সংমিশ্ৰণ ঘটাইছে, সেঈদৰে আংগিকৰ ক্ষেত্ৰতো অন্য সমকালীন নাট্যগুৰুৰ দ্বাৰা প্ৰদৰ্শিত অভিনয় শৈলী, কলা-কৌশলৰ সফল প্ৰয়োগ কৰিছে। জীৱন দৰ্শনৰ ক্ষেত্ৰতো আমি পাওঁ মানুহক সুন্দৰ কৰি তোলাৰ গভীৰ আগ্ৰহ। সমাজক সুন্দৰ কৰাৰ প্ৰতিশ্ৰুতিৰে সৌন্দৰ্যৰ সন্ধান কৰা সুন্দৰ কোঁৱৰে প্ৰথম অৱস্থাত সাধাৰণ ছোৱালী এজনীৰ অন্তৰৰ সৌন্দৰ্য উপলব্ধি কৰিব পৰা নাছিল। কিন্তু শেৱালিৰ মৃত্যুৱে, শেৱালিৰ প্ৰেম আৰু ত্যাগৰ মহত্ত্বই তেওঁৰ চকু মেল খুৱালে। সাধাৰণ ছোৱালী এজনীৰ হৃদয়তো যে নিৰ্মল সৌন্দৰ্যৰ খনি লুকাই থাকিব পাৰে, তাৰেই সম্ভেদ সুন্দৰ কোঁৱৰৰ লগতে নাটখনিৰ দৰ্শক-পাঠকে লাভ কৰিবলৈ সক্ষম হয়। এই জীৱন-দৰ্শনেই ‘কাৰেঙৰ লিগিৰী’ক মহীয়ান কৰি তুলিছে। নাটখনিৰ আন এক বৈশিষ্ট্য হ’ল ইয়াৰ আধুনিক দৃষ্টিভংগী। আধুনিকতা চিন্তা-ভাবনা বা দৃষ্টিভংগীৰ ওপৰতহে প্ৰধানভাৱে নিৰ্ভৰশীল। সুন্দৰ কোঁৱৰ আৰু কাঞ্চনমতীৰ কথোপকথনৰ মাজেদি নাট্যকাৰে সামাজিক ৰীতি-নীতি, প্ৰেম-বিবাহ, বিপ্লৱ, ৰূপান্তৰ আদি সম্পৰ্কে যি চিন্তা-ভাৱ আদি প্ৰকাশ কৰিছে, সেয়া সেই কালত আনকি আজিৰ সামাজিক প্ৰেক্ষাপটতো বৈপ্লৱিক বুলিব পাৰি। নাটখনিৰ শেষৰ ফালে সুন্দৰ কোঁৱৰে বৈপ্লৱিক দৃষ্টিভংগীৰে আধুনিক মনৰ পৰিচয় দি সমাজৰ সাতামপুৰুষীয়া ৰীতি-নীতি পৰিৱৰ্তনৰ বাবে ব্যাকুল হৈ পৰিছে— “সাতাম পুৰুষীয়া ৰীতি-নীতি ভাঙি চূৰমাৰ কৰিম।”

এই আটাইবোৰ দিশলৈ লক্ষ্য ৰাখি ক’ব পৰা যায় যে জ্যোতিপ্ৰসাদ আগৰৱালাই ‘কাৰেঙৰ লিগিৰী’ক কাহিনী, চৰিত্ৰ, পৰিৱেশ সৃষ্টি, সংঘাত, সংলাপ, জীৱন-দৰ্শন সকলোবোৰ নাট্যগুণ তথা উপাদানৰ সুষম তথা প্ৰাসংগিক সমন্বয়ৰ সমাহাৰৰে পৰিপূৰ্ণ কৰি এক উৎকৃষ্ট নাট্যসৃষ্টি হিচাপে সৃষ্টি কৰিছে। প্ৰখ্যাত সাহিত্যিক, সমালোচক ড° মহেন্দ্ৰ বৰাৰ ভাষাৰে ক’ব পাৰি— “জ্যোতিপ্ৰসাদৰ কাৰেঙৰ লিগিৰী অসমীয়া নাট কাৰেঙৰ লেখৰ লিগিৰী মাথোন নহয়, সেই কাৰেঙৰ সৱাতো ধুনীয়া কুঁৱৰী; যাৰ সন্মুখত নাটঘৰৰ সকলো তীৰ্থযাত্ৰীয়ে আঁঠু লয়।”

❧ | আৰু পঢ়ক:

কাৰেঙৰ লিগিৰী | হিমাংশু ৰণ্‌জন ভূঞা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক