অ সমীয়া সংস্কৃতি সমন্বয়ৰ সংস্কৃতি৷ অতীজৰে পৰা অসমৰ বৰ্ণিল সংস্কৃতিত বিভিন্ন জাতি-জনগোষ্ঠীয়ে অৰিহণা যোগাই আহিছে৷ যুগ যুগ ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানসমূহৰ আদান-প্ৰদান আৰু বিনিময়ৰ যোগেদি বৃহত্তৰ অসমীয়া সংস্কৃতিয়ে বৰ্ণাঢ্য ৰূপ পৰিগ্ৰহ কৰিছে৷ উল্লেখযোগ্য যে পৰম্পৰাগত লোক শিল্পকলাসমূহৰ ভিতৰত অন্যতম বয়ন শিল্পই অতীজৰে পৰা অসমৰ আৰ্থ-সামাজিক তথা সাংস্কৃতিক জীৱনত এক তাৎপৰ্যপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে, য’ত পাহাৰ-ভৈয়ামৰ বিভিন্ন জাতি-জনগোষ্ঠীয় শিপিনীৰ ভূমিকা অনস্বীকাৰ্য৷
আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত অসমৰ বয়ন শিল্পৰ অতুলনীয় উন্নতি হৈছিল৷ বিশেষকৈ স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত প্ৰতিগৰাকী সক্ষম মহিলাৰ বাবে প্ৰতিদিনে এক নিৰ্দিষ্ট পৰিমাণৰ সূতা কটা কাৰ্যক কটকটীয়া নিয়মৰ ভিতৰত ধৰা হৈছিল৷ এনে নিয়মৰ মাজেৰে বোৱা-কটা অসমীয়া নাৰী জীৱনৰ দৈনন্দিন কৰ্মৰাজিৰ অংশ স্বৰূপ হৈ পৰে৷
সূচী
জনজাতীয় বয়ন শিল্প
অসমৰ পৰম্পৰাগত বয়ন শিল্প স্বকীয় বৈশিষ্ট্যৰ বাবে অতীজৰে পৰা বহুল সমাদৃত৷ এই শিল্পকলাত বিভিন্ন জনজাতীয় শিপিনীৰ অৰিহণা উল্লেখনীয়৷ অসমৰ জনজাতীয় জীয়ৰী-বোৱাৰীসকল স্বাভাৱিকতে বৰ পৰিশ্ৰমী৷ ঘৰুৱা সকলো কাম-কাজৰ দায়িত্বৰ লগতে বয়ন কাৰ্যও তেওঁলোকৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে বিবেচিত হয়৷ সাধাৰণতে জনজাতীয় নাৰী মানেই হ’ল একোগৰাকী নিপুণ শিপিনী৷ অতি সৰু কালৰ পৰাই বংশানুক্ৰমে প্ৰচলিত পৰম্পৰা স্বৰূপে জনজাতীয় ছোৱালীবোৰে তাঁত ব’বলৈ শিকে৷ এই ক্ষেত্ৰত নাহেন্দ্ৰ পাদুনৰ ‘মিচিং বয়ন শিল্প’ শীৰ্ষক লেখাত ব্যক্ত কৰা— “মিচিং ছোৱালীয়ে খোজ কাঢ়িবলৈ শিকাৰ আগতে নাচিব জানে আৰু কাপোৰ পিন্ধিবলৈ শিকাৰ আগতে ব’ব জানে” বোলা মন্তব্যৰ মাজেৰেও জনজাতীয় মহিলা আৰু তাঁতশালৰ নিবিড় সম্বন্ধৰ কথাই প্ৰতিভাত হয়৷ কাৰবি, ৰাভা, মিচিং, দেউৰী, হাজং আদি জনগোষ্ঠীৰ মাজত ছয়-সাত বছৰীয়া ছোৱালীয়ে পুতলা শালৰ মাজেৰে খেলা কৰি তাঁত ব’বলৈ শিকি ক্ৰমান্বয়ে বয়ন শিল্পৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ একোগৰাকী নিপুণ শিপিনী ৰূপে গঢ লৈ উঠে৷ জনজাতীয় সমাজত ছোৱালীৰ বাবে কইনা হিচাপে যোগ্যতাৰ অন্যতম মাপকাঠি হৈছে বোৱা-কটাত পাৰদৰ্শিতা৷
হাজংসকলৰ বয়ন শিল্প
অসমৰ হাজং জনগোষ্ঠীৰ তিৰোতাসকল একো একোগৰাকী সুনিপুণ শিপিনী৷ তেওঁলোকৰ পৰম্পৰাগত তাঁতশাল ‘বানা’ত সাত বৰণৰ, ৰংচঙীয়া পাটানি (মেথনি) বৈ লয়৷ ইয়াৰ উপৰিও তেওঁলোকে ৰংচঙীয়া পাটানি পিন্ধি গাত ফুলা আগুৰুণ বা ফুলা পাছৰা লৈ উৎসৱ-পাৰ্বণত ভাগ লয়৷
মিচিংসকলৰ বয়ন শিল্প
সেইদৰে মিচিং মহিলাসকলো বয়ন শিল্পত অতি পাকৈত৷ উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতিসকলৰ ভিতৰত মিচিংসকলৰ কাপোৰত অধিক বৈচিত্ৰ্য দেখা পোৱা যায়৷ মিচিং তিৰোতাই ব্যৱহাৰ কৰা পোছাক— এগে, ৰিঃবি, গাচেং, ছমৌৰ, পতালি বা চেগৰেগ, চেগবুং, পঃতুব, কেবুং, পেঃৰে, পুচুংএগে, পুচুংগাচৰ, নিচেগ, কেগৰেগ, মচাঃ আদি আৰু পুৰুষে ব্যৱহাৰ কৰা পোছাক— মিবু গালুক, লুকৰ, গালুন, গনৰ, উগন, দুমৌৰ আদি বোৱাৰ উপৰিও মিচিং শিপিনীয়ে গাদু, তাপুম, গাচৰ আদি মূল্যবান কাপোৰ বয়৷
বড়োসকলৰ বয়ন শিল্প
একেদৰে বড়ো তিৰোতাসকলো ঘৰুৱা বিভিন্ন কাম-কাজৰ লগতে এড়ি পালন, এড়ি সূতা কটাত অতিকৈ সুদক্ষ৷ বড়ো সমাজত কাপোৰ ব’ব নজনা ‘আলুৰি’ ছোৱালী বিয়াৰ বজাৰত মূল্যহীন৷ তেওঁলোকে নিজৰ বাবে দখনা থাউছি আৰু পুৰুষৰ বাবে আঁঠুচেৰা ফখৰা-চিতৰা গামছা, গছলা, আৰনাই আদি বয়৷
কাৰবিসকলৰ বয়ন শিল্প
একেদৰে কাৰবি, কোচ-ৰাজবংশী মহিলাসকলেও ঘৰতে সূতা কাটি কাপোৰ বয়৷ কাৰবি মহিলাসকলে কাপোৰ বোৱাৰ উপৰিও সূতা কটা, কপাহ নেওঠা, পাঁজি বটা কামবোৰ ৰাতি ৰাতি সম্পন্ন কৰে৷ ৰাতিৰ সূতা কটা কামখিনি তেওঁলোকে গীতে-মাতে পাৰ কৰি দিয়ে৷ অসমীয়া সমাজত আগত যিদৰে বৈ দিয়া কবচ কাপোৰখন মানুহজনক পিন্ধাই পঠিয়ালেহে ৰণত জয় হ’ব বুলি বিশ্বাস কৰিছিল, ঠিক সেইদৰে কাৰবি বোৱনীয়েও ‘মোকৰ্দমা ফুল’ তুলি মেললৈ যোৱা জনক, ক’ৰ্ট-কাছাৰীলৈ যোৱা জনক দিব পাৰিলে মেলত জয় হয় বুলি বিশ্বাস কৰে৷ সেই ‘মোকৰ্দমা ফুল’ৰ উল্লেখ থকা এক শ্ৰেণীৰ কাপোৰ বোৱা গীত প্ৰচলিত আছে, যাক কাৰবি ভাষাত ‘পেকিথাকআলুন’ বুলি কয়৷ এই গীতত কাৰবি শিপিনীসকলে গায়—
“থাক্ কচং থাক্ কচং থাকনাং (শালৰ শব্দ)
ফল’ ফানচি আহনে
পেৰিকচি থাকনাং
ইপাক্ পাকনি থাক্ থাকনে
পে-প’ পাজিৰ নাং
ইলিতা চি এন নাং
পেৰিক কিথাক ইলিতা চিৰ্লিলাং
নি-অপ-নিতম চি এন নাং
কিচুম ফাংঅ’ক চিৰাল নাং
তাংহাল আলং ইনিংনে
আহি আপান চিৰ্লি নাং
মকৰতমা আহিনে
ইমেক আবুৰ পা প্ৰাং নাং৷”
ইয়াৰ ভাবাৰ্থ হ’ল— আহাঁ আমি কপাহ সূতা কাটি কাপোৰ বওঁ, নিজে পিন্ধাৰ লগতে মা-দেউতাকো পিন্ধাওঁ, শীতৰ পৰা হাত সাৰোঁ৷
ৰাভাসকলৰ বয়ন শিল্প
আন আন জনগোষ্ঠীয় শিপিনীৰ দৰে ৰাভা শিপিনীসকলো বোৱা-কটাত চহকী৷ কপাহৰ খেতি কৰি, পলু পুহি, সূতা কাটি তেওঁলোকে পৰম্পৰাগতভাৱে কাপোৰ বয়৷ গছৰ শিপা, পাত, ফুল আৰু ফলৰ পৰা ৰস উলিয়াই তেওঁলোকে সূতাত ৰং দিয়ে৷ প্ৰকৃতিৰ পৰাই তেওঁলোকে ফুলৰ চানেকি সংগ্ৰহ কৰে৷ একে ৰাতিৰ ভিতৰতে বৈ-কাটি উলিওৱা কবচ কাপোৰো তেওঁলোকৰ সমাজত আছিল৷ তেওঁলোকে কাপোৰত তোলা কিছুমান ফুলৰ চানেকিৰ নাম হ’ল— গোৰাইনি পাৰ (ঘোঁৰাৰ চিত্ৰ), হুতিনি পাৰ (হাতীৰ চিত্ৰ), মাছা চামেন পাৰ (বাঘৰ খোজৰ চিত্ৰ), ৰিন’দা বুকাই পাৰ (শাৰীকৈ থোৱা ফুলৰ চিত্ৰ), বেৰগা পাৰ (বিভিন্ন ফুলৰ চিত্ৰ), ৰাংছাং পৈৰ (সূৰ্যৰ চিত্ৰ), হাচু পাৰ (পাহাৰৰ চিত্ৰ), চিকাদাৰ (নিজৰাৰ চিত্ৰ), বাগাবাগি (বাঘৰ চিত্ৰ) আদি৷ উল্লেখনীয় যে, বয়ন শিল্পত ব্যৱহৃত চানেকিসমূহৰ সংৰক্ষণৰ ব্যৱস্থা জনজাতীয় শিপিনীসকলৰ মাজত প্ৰচলিত নহয়৷ প্ৰয়োজন হ’লে পুৰণা কাপোৰৰ পৰাই চানেকিবোৰ অনুকৰণ কৰে৷
তাঁতশালৰ ধৰণ
জনজাতীয় বয়ন কৃষ্টিত ব্যৱহৃত শালৰ ভিতৰত হাত মাকোৰ শাল (throw shuttle loom)-খনেই বহুলভাৱে প্ৰচলিত যদিও পাহাৰ অঞ্চলত বসবাস কৰা কাৰবি শিপিনীয়ে কঁকালত বান্ধি বোৱা শাল (loin loom) ব্যৱহাৰ কৰাও পৰিলক্ষিত হয়৷ এই শালখন সৰু, লগতে সুবিধামতে পাতিবলৈ বা উঠাই নি সামৰি থ’বলৈ সহজ আৰু এই শালত বোৱা কাপোৰ ডাঠ-পিঠ হয়৷ এক বিশেষ ধৰণৰ কঁকালত বান্ধি বোৱা শাল তাইফাকে জনগোষ্ঠীৰ মাজতো প্ৰচলিত৷ পৰম্পৰাগত হাত মাকোৰ শালখনতে উৰা মাকোৰ শালৰ (fly shuttle loom) দোৰপতিখন লগাই উন্নত কৰি লোৱা শালৰ প্ৰচলন ৰাভা, বড়ো-কছাৰী আদি গোষ্ঠীৰ শিপিনীসকলৰ মাজত দেখা যায় যদিও বাকী জনজাতীয় শিপিনীসকলৰ মাজত আজিও হাত মাকোৰ শালখনেই আদৰৰ হৈ আছে৷
বয়ন শিল্পৰ জৰিয়তে স্বাৱলম্বন
বয়ন শিল্পৰ দিশত জনজাতীয় জীয়ৰী-বোৱাৰীৰ স্বাৱলম্বিতা মন কৰিবলগীয়া৷ কাপোৰ ব’বলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ তেওঁলোকে নিজাববীয়াকৈ শাক-পাচলিৰ খেতি কৰি, হাঁহ-কুকুৰা, গাহৰি, ছাগলী আদি পুহি উপাৰ্জন কৰা ধনৰ দ্বাৰা ক্ৰয় কৰে৷ কিছু কিছু সমাজত গাঁওখনৰ কেইবাগৰাকী জীয়ৰী-বোৱাৰী লগ হৈ তাঁত ব’বৰ বাবে সমূহীয়াকৈ একোখন চালিৰ ব্যৱস্থা কৰি লয়৷ শিপিনীসকলে সেই চালিৰ তলতে বিভিন্ন ৰসাল কথা আৰু হাঁহি-ফূৰ্তিৰ মাজেৰ তাঁত ব’য়৷ জনজাতীয় নাৰীয়ে বিয়াৰ পাছৰ কৰ্মব্যস্ততাৰ বাবে তাঁত ব’বলৈ প্ৰয়োজনীয় সময় নাপায় বাবে জীয়ৰী কালতে তেওঁলোকে হেঁপাহ পলুৱাই তাত বয়৷ এগৰাকী অজনজাতীয় অসমীয়া কইনাৰ বিয়াৰ সাজ-পাৰ প্ৰয়োজন সাপেক্ষে কিনিব পৰাকৈ বজাৰত যিদৰে মজুত থাকে, সেইদৰে জনজাতীয় কইনাৰ বিয়াৰ সাজ কিনিবলৈ পোৱা নাযায়; সেয়ে স্বকীয় বৈশিষ্ট্যপূৰ্ণ বিয়াৰ সাজ-পাৰকে আদি কৰি ভৱিষ্যতে বিবাহিত জীৱনত প্ৰয়োজনীয় সকলো কাপোৰ নিজ হাতে বৈ লয়৷ আনকি কেঁচুৱা বোকোচাত বান্ধিবৰ বাবেও প্ৰয়োজনীয় বস্ত্ৰৰ যোগাৰ বিয়াৰ আগতেই কৰি লোৱাৰ পৰম্পৰা উল্লেখনীয়৷
সামৰণি
মুঠতে বিভিন্ন জনগোষ্ঠীয় বয়ন শিল্পৰ স্বকীয় বৈশিষ্ট্যৰ সমন্বয়ে অসমৰ বয়ন কলাক যুগজয়ী ঐতিহ্যৰে গৌৰৱময় কৰি ৰাখিছে৷ ঘৰ-পথাৰ দুয়ো দিশৰ বিভিন্ন দায়িত্ব বহন কৰাৰ উপৰিও বয়ন কাৰ্যত লিপ্ত হৈ পৰিয়ালৰ বস্ত্ৰ চাহিদা পূৰণ কৰোতে জনজাতীয় নাৰীসকলৰ যথেষ্ট কষ্ট হয় যদিও তেওঁলোকে সেই কষ্টক কষ্ট বুলি নাভাবে ৷ বোৱা-কটাৰ শ্ৰম যেন তেওঁলোকৰ বাবে আনন্দৰ, আত্মসন্তুষ্টি আৰু নিষ্ঠাৰ শ্ৰম৷ সেয়েহে প্ৰতিগৰাকী জনজাতীয় নাৰীৰ কৰ্ম দক্ষতা আৰু বয়ন কাৰ্যত তেওঁলোকৰ নিপুণতাৰ ভিত্তিত এই শিল্প কেৱল এক ঘৰুৱা শিল্পকলা বুলি গণ্য নকৰি ইয়াক বাণিজ্যিক ভিত্তিত যদি লোৱা হয়, শিপিনীসকলে আৰ্থিক আৰু কাৰিকৰী আদি দিশত যথেষ্ট উপকৃত তথা উৎসাহিত হ’ব আৰু ইয়াৰ ফলত অসমৰ ঐতিহ্যময় বয়ন শিল্পৰ বিকাশত আৰু অধিক বৰঙণি যোগাবলৈ সক্ষম হ’ব৷
সহায়ক গ্ৰন্থ:
১. অসমৰ লোক সংস্কৃতি, বিৰিঞ্চি কুমাৰ বৰুৱা
২. অসমীয়া সাহিত্যৰ ৰূপৰেখা, লীলা গগৈ
৩. অসমৰ সংস্কৃতি, লীলা গগৈ
৪. অসমীয়া সংস্কৃতিলৈ জনজাতীয় বৰঙণি, নাহেন্দ্ৰ পাদুন
❧ | আৰু পঢ়ক: