আ মাৰ চৌপাশৰ সকলাে জীৱ আৰু প্ৰতিটো সামগ্রী পৰিৱেশৰ অংগ। সেই কাৰণেই পৰিৱেশ সম্পর্কে সকলােৰে এক সামগ্রিক ধাৰণা থকা প্রয়ােজন। পৃথিৱীত বাস কৰা সকলােৰে মংগলৰ বাবে পৰিৱেশ সুৰক্ষিত বা সংৰক্ষণ কৰাটো নিতান্তই প্রয়ােজন। বিজ্ঞানৰ জয়যাত্রা আৰু জনবিস্ফোৰণৰৰ পূর্বে সকলােতে প্রাকৃতিক ভাৰসাম্যই বিৰাজ কৰিছিল। বায়ুমণ্ডলত অক্সিজেনৰ পৰিমান বেছি আছিল, খাদ্য সামগ্রী আৰু খােৱা পানী বিশুদ্ধ তথা পুষ্টিদায়ক আছিল। জীৱনৰ সুস্থ বিকাশ নিৰ্ভৰ কৰে পুষ্টিদায়ক খাদ্য, বিজাণুমুক্ত বিশুদ্ধ খােৱাপানী আৰু নির্মল বায়ুৰ ওপৰত। কিন্তু মানুহে নিজৰ সুবিধাৰ বাবে প্রাকৃতিক ভাৰসাম্য নষ্ট কৰি, বায়ু, পানী, মাটি সকলাে দূষিত কৰি নিজৰ বিপদ নিজেই মাতি আনিছে। আজি সমগ্র বিশ্বতে দিনক দিনে পৰিৱেশ প্ৰদূষণৰ ভয়াবহতাই চৰম সীমা পাইছেগৈ। পৰিৱেশ প্ৰদূষণৰ প্ৰতিকাৰ বিচাৰি ১৯৭২ চনত ষ্টকহম চহৰত ৰাষ্ট্ৰসংঘৰ উদ্যোগত পতা আন্তর্জাতিক সন্মিলনত সর্বসম্মতিক্রমে সিদ্ধান্ত গ্রহণ কৰি ১৯৭৪ চনৰ পাঁচ জুন তৰিখৰ পৰা প্ৰতিবছৰে পাঁচ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’ (World Environment Day) হিচাপে পালন কৰা হৈ আহিছে। কিন্তু পৰিৱেশক সুস্থ কৰি ৰাখিবলৈ বছৰৰ এটা দিনেই যথেষ্ট নিশ্চয় নহয়। আমি প্রতিগৰাকী নাগৰিক যদি আজি পৰিৱেশ প্ৰদূষণৰ ভয়াবহতা আৰু পৰিৱেশ সংৰক্ষণ সম্পর্কত সঠিকভাৱে সচেতন নহওঁ, জল-স্থল বা বায়ুমণ্ডলত হৈ থকা প্ৰদূষণ নিয়ন্ত্ৰণলৈ আনিব নােৱাৰােঁ, আমি আমাৰ ব্যক্তিগত লাভৰ বাবে দৈনিক গছ-গছনি কাটি অৰণ্য ধ্বংস কৰি পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰোঁ, তেন্তে অনতিপলমে আমাৰ বিপদ অনিবার্য।
পৰিৱেশ প্ৰদূষিত হ’লে ইয়াৰ প্ৰভাৱ সকলােতে দেখা পােৱা যায়। বায়ুমণ্ডলত এৰি দিয়া কিছুমান বস্তুৰ কাৰণে আমাৰ উশাহত গ্ৰহণ কৰা বায়ু অপৰিষ্কাৰ হয়, ফলত আমাৰ দেহত বিভিন্ন ৰােগৰ সৃষ্টি হয়। পানী বা মাটি দূষিত হ’লে মানুহৰ লগতে গছ-গছনি আৰু জন্তুবােৰৰাে অনিষ্ট সাধন হয়। শব্দ প্ৰদূষণাে বহুক্ষেত্ৰত মানুহৰ লগতে অন্য জীৱৰ বাবে বিপদজনক হৈ পৰিব পাৰে। আজি বিশ্বৰ প্ৰায়বােৰ দেশতেই পৰিৱেশ প্ৰদূষণে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বিশ্বৰ উন্নত দেশসমূহে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ইতিমধ্যে যথেষ্ট সফলতা অর্জন কৰিছে, কাৰণ এইসমূহ দেশৰ জনসাধাৰণ এই ক্ষেত্ৰত বহু পৰিমানে সজাগ আৰু সচেতন হৈছে। কিন্তু আমাৰ দেশত পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে অহৰহ চেষ্টা চলাই থকা হৈছে যদিও এতিয়াও পৰিৱেশ প্ৰদূষণ সম্পর্কীয় উপযুক্ত সজাগতাৰ অভাৱ আৰু দেশৰ প্রায়সংখ্যক লােকেই সচেতন নােহােৱাৰ ফলত দিনক দিনে প্ৰদূষণৰ পৰিমান বাঢ়ি গৈহে আছে।
দ্রুত জনসংখ্যা বৃদ্ধি আৰু বিজ্ঞানৰ নিৰঙ্কুশ প্রাধান্যত আহি পৰা অতি যান্ত্রিকতা আৰু নাগৰিক সভ্যতাৰ পৰিণতিত পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ সৰু-বৰ সকলাে ঠাইতে গঢ়ি উঠা শিল্প-উদ্যোগ আৰু বৃহৎ বৃহৎ কল-কাৰখানা, ইন্ধনচালিত যান-বাহন আদিয়ে প্রাকৃতিক ভাৰসাম্য নষ্ট কৰাত পৰােক্ষ বা প্রত্যক্ষভাৱে যে অৰিহণা যােগাই আহিছে সি নিশ্চিত। কল-কাৰখানাৰ পৰা নিৰ্গত হােৱা ধোঁৱা, বিভিন্ন প্রকাৰৰ গেছ— কার্বন ডাই অক্সাইড, কার্বন মন’ক্সাইড, হাইড্রজেন চালফাইড আদিয়ে বায়ু প্ৰদূষিত কৰে। ইফালে ইন্ধনচালিত যান-বাহনৰ পৰা নিৰ্গত হােৱা ধােঁৱাই বায়ুমণ্ডল দূষিত কৰি জনস্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই আনে। আমি ৰন্ধন কার্যৰ বাবে, পােহৰ বা জাৰকালি শীত নিবাৰণৰ বাবে খৰি, কয়লা, প্রাকৃতিক গেছ, কেৰাচিন আদি ব্যৱহাৰ কৰােঁ। আমি ব্যৱহাৰ কৰা এই ইন্ধনসমূহৰ দহনৰ ফলত কার্বন ডাই অক্সাইড, মিথেন, চালফাৰ আদি গেছীয় প্রদূষকৰ লগতে ধোঁৱা, ছাই আদি মিহলি হৈ বায়ু প্ৰদূষণ কৰে। আকৌ প্লাষ্টিক জাতীয় সামগ্রী, প্লাষ্টিকৰ ভগা বাচন-বর্তন, কাপ-প্লেট, পলিথিন আদি মাটিত পচন নহয় বাবে বহু লােকে এইবােৰ জ্বলাই দিয়ে। এইবােৰ জ্বলাই দিলে বেৰিয়াম, সীহ, কেডমিয়াম, চেলেনিয়াম, এলডিহাইড, চায়েনাইড আৰু আৰ্চেনিকৰ যৌগ উৎপন্ন হয়, যিবােৰ মানৱ স্বাস্থ্যৰ বাবে অতিকে হানিকাৰক। আমাৰ গ্ৰাম্য সমাজ ব্যৱস্থাত অধিক সংখ্যক বাসগৃহত এতিয়াও উন্নত শৌচাগাৰৰ ব্যৱস্থা হােৱাগৈ নাই। চৰকাৰে ‘স্বচ্ছ ভাৰত অভিযান’ৰ জৰিয়তে ইতিমধ্যে এই সম্পর্কীয় সজাগতা সৃষ্টিৰে শৌচাগাৰ নিৰ্মাণৰ পদক্ষেপ লৈছে যদিও সেয়া সম্পূর্ণভাৱে ফলৱতী হৈ উঠাগৈ নাই। বহুলােকে এতিয়াও মুকলি ঠাইত, নদ-নদী, বিলৰ পাৰত শৌচ কৰে, যাৰ ফলত দুর্গন্ধ ওলাই বায়ু প্ৰদূষিত হয়। তদুপৰি চিকিৎসালয়, বজাৰ, মাছ ব্ৰইলাৰ আদিৰ আৱৰ্জনা আদিৰ পৰা নিৰ্গত দুর্গন্ধই বায়ু দূষিত কৰে।
প্রাকৃতিক ভাৰসাম্য আজি মানুহে নিজেই ৰক্ষা কৰিব পৰা নাই। প্রকৃতিৰ বুকুত গাঁও, চহৰ-নগৰ স্থাপন কৰাৰ নামত মানুহে অবাধে ধ্বংসলীলা চলাই আহিছে। গছ-গছনি আদি নির্দয়ভাৱে কাটি-ছিঙি মােহাৰি পেলাইছে। অনেক বনাঞ্চল ইতিমধ্যে মানুহৰ ধ্বংসলীলাৰ ফলত হেৰাই গ’ল। মানুহৰ প্রাণদায়িণী অক্সিজেন পৰিশােধনৰ অন্যতম মাধ্যম এই হাবি-বননি, অৰণ্যসমূহ মানুহৰ নিষ্ঠুৰতাত কমি অহাৰ ফল মানুহে নিজেই যে এদিন ভােগ কৰিব সি ধুৰুপ। অন্যহাতে, দ্বিতীয় মহাসমৰৰ অন্তিম সময়ৰ পৰাই পাৰমানবিক যুগৰ সূচনা হৈছে। কাঠ, কয়লা, তেল আদি দহনৰ ফলত বা অন্যান্য উপাদানৰ বাবে হােৱা বায়ু প্ৰদূষণ স্বাভাৱিক কথা। কিন্তু ইয়াতকৈ বহুগুণে ভয়াবহ পাৰমানবিক প্রতিক্রিয়া। দ্বিতীয় মহাযুদ্ধত পাৰমানৱিক বােমা বর্ষণৰ ফলত হিৰােচিমা-নাগাছাকি বিধ্বস্ত হােৱাৰ উপৰিও ইয়াৰ প্রতিক্রিয়া সমগ্র পৃথিৱীজুৰি বিস্তৃত হৈ পৰিছিল। যাৰ পৰিণতিত ৩২ বছৰৰ পাছলৈকে বায়ুমণ্ডলত তেজস্ক্রিয় বিকিৰণ হৈ লাখৰাে অধিক মানুহৰ মৃত্যু হােৱাৰ উপৰিও অনেক মানুহে বিভিন্ন অস্বাভাৱিক বেমাৰত আক্ৰান্ত হৈ জীয়াতু ভূগিব লগা হয়। কিন্তু আজিও বিভিন্ন ৰাষ্ট্ৰই পাৰমানৱিক বােমা নির্মাণত অত্যুৎসাহী হৈ পৃথিৱীৰ ধ্বংসৰ পথ ওচৰ চপাই আনি আছে। তদুপৰি বায়ুমণ্ডলৰ ঊৰ্ধ্বলােকত ক্রমাগতভাৱে বাঢ়ি অহা ৰকেট নিক্ষেপণ, মহাকাশ অভিযান, উপগ্রহ প্রক্ষেপণ, বিমান চলাচল আদিৰ ফলত ষ্ট্ৰেটোস্ফিয়াৰ (stratosphere)ৰ অ’জন স্তৰ (ozone layer)ৰ সমতা নাইকিয়া হৈছে, যাৰ ফলত মানৱস্বাস্থ্যৰ বাবে ভয়াবহ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি পৃথিৱীত প্রৱেশ কৰি এক মাৰাত্মক ভৱিষ্যতৰ আগজাননী দিছে। আজি পৰিৱেশ সম্পর্কীয় আন এক ভয়ানক সমস্যাৰূপে থিয় দিছে দিনক দিনে বাঢ়ি অহা পৃথিৱীৰ উত্তাপ। কার্বন ডাই অক্সাইডৰ দৰে গেছসমূহে সূৰ্যৰ উত্তাপ বায়ুমণ্ডলত ধৰি ৰাখি পৃথিৱীৰ উত্তাপ বঢ়াই তােলে। মানুহে জধেমধে গছ-গছনি কাটি তহিলং কৰাৰ পৰিণতিতে আজি এই ফল ভােগ কৰিবলগা হৈছে। ৰাষ্ট্ৰসংঘৰ এদল বিশেষজ্ঞই মত পােষণ কৰিছে যে অনতিপলমে যদি এই উত্তাপ কমাব পৰা নাযায়, তেনেহ’লে ৩৫ বছৰমানৰ ভিতৰতে পৃথিৱীৰ উত্তাপ অভূতপূর্বভাৱে বাঢ়ি যাব। এটা কথা ঠিক যে পৰিৱেশ সংৰক্ষণত জনসজাগতা আৰু সমাজ জড়িত নহ’লে কোনাে চৰকাৰ বা বিভাগেই পৰিৱেশ উন্নয়ন বা সংৰক্ষণত সফলতা লাভ কৰিব নােৱাৰে। পৰিৱেশকেন্দ্রীক সমস্যাবােৰ কিয়, কেনেদৰে উদ্ভৱ হয়, তাৰ যথাযথ জ্ঞান জনসাধাৰণক দিব নােৱাৰিলে এনে সমস্যাৰ সমাধানত ৰাইজৰ সহযােগ আশা কৰিব নােৱাৰি। উদাহৰণ স্বৰূপে, পলিথিনৰ পৰা কি কি সমস্যা সৃষ্টি হয় বা ই কেনে ধৰণৰ প্ৰদূষণৰ সৃষ্টি কৰে, সেই সম্পর্কে ৰাইজ সজাগ নহ’লে কোনাে আইন প্রণয়ণ কৰি, বিভাগীয়ভাৱে পলিথিনৰ ব্যৱহাৰ বন্ধ কৰি সমস্যা সমাধান কৰিব নােৱাৰি। এনে পৰিপ্ৰেক্ষিততে এইবাৰ (২০১৮)ৰ বিশ্ব পৰিৱেশ দিৱসত ‘প্লাষ্টিক প্ৰদূষণক প্ৰত্যাহ্বান জনাওক’ (Beat Plastic Pollution: #BeatPlasticPollution) আহ্বানক থিম হিচাপে লোৱা হৈছে।
পানী অবিহনে কোনাে জীৱ জীয়াই থাকিব নােৱাৰে। পৃথিৱীৰ উপৰিভাগৰ ৭০ ভাগ পানীয়েই আগুৰি আছে, অৱশ্যে ইয়াৰ শতকৰা ২.৭ ভাগহে নির্মল পানী। খােৱাৰ লগতে পানী কৃষিকার্য, শিল্প উদ্যোগ, ৰন্ধা-বঢ়া, গা-ধােৱা, কাপােৰ, বাচন বৰ্তন আদি ধােৱা কামত ব্যৱহাৰ কৰা হয়। বর্তমান জনসংখ্যা বৃদ্ধি, শিল্প-উদ্যোগৰ প্ৰসাৰ, কৃষিকার্যত বিভিন্ন ৰাসায়নিক সাৰ, ঔষধৰ প্ৰচলন আদি বিভিন্ন কাৰণত পৃথিৱীৰ জলভাগ প্ৰদূষিত হৈছে। ঔদ্যোগীকৰণৰ ফলত গঢ়ি উঠা তেল শােধনাগাৰ, ৰবৰ উদ্যোগ, কাপােৰ উদ্যোগ, কাগজ-চামৰা আদি উদ্যোগৰ বৰ্জিত আৱৰ্জনা ওচৰৰ নদ-নদী, জান-জুৰি, বিল আদিত নিক্ষেপ কৰাৰ ফলত তাত থকা বিভিন্ন ৰসায়নিক পদার্থই পানী দূষিত কৰে। মানুহৰ বাসগৃহৰ লগতে হােটেল, অফিচ আদিৰ পৰা বর্জিত পানী বৈ গৈ ওচৰৰ খাল-বিল নৈত পৰেগৈ। এই বর্জিত পানীৰ লগত থু-খেকাৰ, মল-মুত্র, ঘৰৰ চৌহদ পৰিষ্কাৰ কার্যত ব্যৱহাৰ কৰা অপমাৰ্জক দ্রব্য, ঘৰচীয়া জীৱ-জন্তুৰ মল-মুত্র আদি মিহলি হৈ এই পানী জমা হােৱা জলাশয়ৰ পানীভাগ প্ৰদূষিত কৰে। এই পানী কিবা কাৰণত অন্য জীৱ-জন্তুৱে খালে বিপদ নিশ্চিত। তদুপৰি ই জলাশয়ত থকা জলচৰ প্রাণীসমূহৰ প্রতিও ভাবুকি কঢ়িয়াই আনে। আকৌ নদ-নদী আদিত চলা ইন্ধনচালিত যান-বাহনসমূহৰ পৰা ওলােৱা তৈলজাতীয় বিষাক্ত পদার্থবােৰে পানী বিষাক্ত কৰাত অৰিহণা যােগায়। বিভিন্ন জাবৰ-জোথৰ, আৱৰ্জনা আদি নদীৰ কাষত দ’মাই থােৱাৰ ফলতাে বৰষুণৰ পানীৰ লগত এই জাবৰৰ পৰা পানী গৈ নদীৰ পানী দূষিত কৰে। দূষিত পানীত বিভিন্ন মৰাত্মক ৰােগৰ বীজাণু থাকে। কলেৰা, টাইফয়েদ, গ্রহণী, জণ্ডিচ, খৰ-খজুৱতি আদি প্ৰদূষিত পানীৰ পৰাই হয়।
কৃষিকার্যত প্রয়ােগ কৰা বিভিন্ন কীটনাশক আৰু ৰসায়নিক সাৰে মাটি বা স্থল প্ৰদূষণৰ সৃষ্টি কৰে। আকৌ ঔদ্যোগিক ক্ষেত্ৰৰ পৰা বর্জিত বিভিন্ন আৱৰ্জনাবােৰৰ পৰাও স্থলভাগ প্ৰদূষিত হােৱাই নহয়, এনে আৱৰ্জনাত সৃষ্ট নিগনি, মাখি, বিভিন্ন পােক-পৰুৱা আদিৰ বৃদ্ধিয়ে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনে। একেদৰে মানুহ, জন্তু আৰু চৰাইৰ মল-মূত্র, থু-খেকাৰবােৰ য’তে ত’তে পেলােৱাৰ ফলত মাটিদূষণ হয়। এইবােৰৰ পৰা সৃষ্ট বিভিন্ন মাৰাত্মক ৰােগৰ বীজাণু সেই প্ৰদূষিত মাটিত কণী পাৰি জন্ম হােৱা মহ-মাখিৰ পৰা মানুহ বা অন্যান্য জীৱ-জন্তুৰ গালৈ সংক্রমিত হয়। বিভিন্ন জীৱ-জন্তুৰ মল-মূত্ৰ মাটিত পেলােৱাৰ ফলত লেপ্ট’স্পিৰ’চিচ (Leptospirosis), কিউ-জ্বৰ (Q fever) আৰু এনথ্ৰাক্স (Anthrax) আদি মাৰাত্মক বেমাৰ মানুহৰ দেহলৈ বিয়পাৰ পূর্ণ সম্ভাৱনা থাকে। একেদৰে, শব্দদূষণ বা কোলাহলৰ পৰা মানুহৰ লগতে বিভিন্ন জীৱ-জন্তুৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। আধুনিক সভ্যতাৰ ফলত দিনকদিনে কোলাহল বৃদ্ধি হ’ব ধৰিছে আৰু বর্তমান এই কোলাহল এক ভয়াবহ সমস্যা ৰূপে থিয় দিছে। শিল্প-উদ্যোগ, যান-বাহন আদিৰ শব্দই ক্ৰমাৎ শব্দ প্ৰদূষণ সৃষ্টি কৰি আহিছে। হঠাৎ হােৱা বিকট শব্দ অনবৰতে হৈ থকা কোলাহলতকৈ বেছি ক্ষতিকাৰক, কাৰণ এনে বিকট শব্দই হঠাৎ কাণেৰে নুশুনা কৰি দিয়াৰ উপৰিও এনে শব্দৰ ফলত হৃদযন্ত্রৰ ক্রিয়া বন্ধ হৈ মৃত্যু পর্যন্ত হ’ব পাৰে। কোলাহল বা শব্দ প্ৰদূষণৰ ফলত মানুহৰ উত্তেজনাৰ সৃষ্টি হয়, টোপনিত ব্যাঘাত জন্মে, কর্ম তৎপৰতাত প্ৰভাৱ পৰে।
প্ৰদূষণৰ ক্ষেত্রসমূহ ভালদৰে লক্ষ্য কৰিলে এটা কথা স্পষ্ট হৈ পৰে যে অত্যধিক জনসংখ্যা বৃদ্ধিয়েই যিকোনাে ধৰণৰ প্ৰদূষণৰ মূল কাৰণ। য’তেই মানুহৰ সমাগম বেছি, ত’তেই আৱৰ্জনা বা হাই উৰুমি, কোলাহল বেছি। সেয়ে আজি প্রতিখন জনবহুল ৰাষ্ট্রতে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে উপযুক্ত ব্যৱস্থা হাতত লােৱা অতিকে প্রয়ােজন। জনসজাগতাৰ বাবে উপযুক্ত শিক্ষাৰ দৰকাৰ। উপযুক্ত শিক্ষাদানৰ ফলতহে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত হ’ব আৰু জীৱন ধাৰণৰ মান উন্নত হ’লে আপােনা-আপুনি পৰিৱেশ প্ৰদূষণ নিয়ন্ত্রণলৈ আহিব। পৃথিৱীৰ উন্নত ৰাষ্ট্রসমূহ, বিশেষকৈ আমেৰিকা, ফ্রান্স, জার্মানী, চুইজাৰলেণ্ড আদিত পৰিৱেশ নিয়ন্ত্রণ কৰাটো প্ৰতিগৰাকী নাগৰিকৰ নৈতিক কর্তব্য বুলি ধৰা হয়, যাৰ ফলত এইবােৰ দেশত আজি বায়ু প্রদূষণ, জল প্রদূষণ, শব্দ প্ৰদূষণ একেবাৰে নাই বুলিব পাৰি। এইবােৰ দেশত উদ্যোগ, কল-কাৰখানা আদি মূল চহৰ বা মানুহৰ বাসস্থানৰ পৰা বহু দূৰৈত সজা হৈছে আৰু ইয়াৰ পৰা ওলােৱা ধোঁৱা, আৱৰ্জনা আদি বৈজ্ঞানিক পদ্ধতিৰে নিষ্কাষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। পৰিবহণজনিত প্ৰদূষণৰ ক্ষেত্ৰতাে এইবােৰ দেশৰ চৰকাৰ আৰু নাগৰিকসকল যথেষ্ট সচেতন। প্ৰদূষণৰ প্রমান-পত্ৰ অবিহনে কোনাে যান-বাহন চলিবলৈ দিয়া নহয়। প্রয়ােজনৰ বাহিৰে গাড়ীৰ হৰ্ণ বজোৱাও নিষেধ। প্রতিখন চহৰ-নগৰতে বৃক্ষৰােপণত গুৰুত্ব দিয়া হৈছে। ৰাজহুৱা স্থানত ধুমপান কৰা, তামােল-পাণ খাই য’তে ত’তে পিকাই ফুৰা লােক তাত দেখিবলৈ পােৱা নাযায়।
❧ | আৰু পঢ়ক: বৃহৎ নদীবান্ধ সন্দৰ্ভত কেইটামান স্নেপশ্বট
প্ৰদূষণ নিয়ন্ত্ৰণত ৰাখিবলৈ আজি আমাৰ ৰাজ্যখনত বা দেশত চৰকাৰীভাৱে স্বচ্ছ ভাৰত অভিযান, নির্মল অসম, বনানীকৰণ আদি বিভিন্ন পদক্ষেপ লৈছে আৰু এনেবােৰ পদক্ষেপে জনসাধাৰণক যে পৰিৱেশ সম্পর্কত কিছু হ’লেও সচেতন কৰিছে, তাক নুই কৰিব নােৱাৰি। তথাপি দেশৰ প্ৰতিজন নাগৰিক নিজে সচেতন নহ’লে এনে পদক্ষেপসমূহ সুদূৰপ্ৰসাৰী নহ’বগৈ। ভয়াবহ পৰিৱেশ প্ৰদূষণৰ ফলত হ’ব পৰা চৰম বিপর্যয়ৰ পৰা হাত সাৰিবৰ বাবে আজিয়েই আমি সজাগ হােৱা প্রয়ােজন। বৃক্ষৰােপনৰ জৰিয়তে, জনসংখ্যা নিয়ন্ত্ৰণৰ জৰিয়তে, বৈজ্ঞানিক পদ্ধতিৰে কল-কাৰখানা, উদ্যোগৰ পৰা নিৰ্গত বর্জিত আৱৰ্জনাবােৰ নিষ্কাষণৰ জৰিয়তে আমি প্রদূষণক কিছু পৰিমাণে হ’লেও নিয়ন্ত্রণ কৰাটো আজি অতীব প্রয়ােজন হৈ পৰিছে। অন্যথাই অতি কম দিনৰ ভিতৰতে হয়তাে পৃথিৱীৰ পৰা জীৱ-জগতেই নিশ্ছিন্ন হৈ যাব।
Follow Nilacharai on Facebook