জা তি বা জনগোষ্ঠী এটাক বহতীয়া কৰাৰ আটাইতকৈ ফলপ্ৰসূ অস্ত্ৰপাত বোধকৰোঁ সাংস্কৃতিক আগ্ৰাসন। সাংস্কৃতিক আগ্ৰাসনৰ ফলাফলটো তৎমুহূৰ্ততে চকুত নপৰিব পাৰে, কিন্তু এই কথা অনেক সমাজ-বিজ্ঞানীয়ে দৃঢ়তাৰে কৈছে যে ধীৰে ধীৰে জাতি-জনগোষ্ঠী এটাক গিলি পেলাবৰ বাবে সাংস্কৃতিক আগ্ৰাসনতকৈ মোক্ষম উপায় আৰু বেলেগ নাই।
আজি কিছুদিন ধৰি ‘এক দেশ এক ভাষাʼ (এক ভাষা মানে হিন্দী!) ধৰণৰ এক বাগধাৰা সুকৌশলে ভাৰতৰ মানুহৰ মন-মগজুত সুমুৱাই দিয়াৰ এটা প্ৰচেষ্টা চলি থকা আমি প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীজনেও কথাই কথাই হিন্দী ভাষাৰ অনেক গুণানুকীৰ্তন কৰি থকা শুনিবলৈ পোৱা গৈছে। হিন্দী কʼব নোৱাৰিলে বোলে ʼবিশ্ব দৰবাৰʼত স্থান পাব নোৱাৰি! এই বিশ্ব দৰবাৰটো পিছে উত্তৰ ভাৰতত আৰম্ভ হৈ কʼত শেষ হৈছে— আমেৰিকা, জাৰ্মানী, ইটালীত নে নাগপুৰত— তাৰ পথ-নিৰ্দেশনা তেখেতে দিয়া নাই।
ভাৰতৰ দৰে বিচিত্ৰ সাংস্কৃতিক বৈভৱৰে সমৃদ্ধ এখন বিশাল দেশত এই ধৰণৰ জাপি দিব বিচৰা ধাৰণা নিতান্তই অযৌক্তিক, ইতিহাস-বিৰুদ্ধ আৰু অবৈজ্ঞানিক কথা। কোৱা হয়, ভাৰতত পঞ্চাশ কিলোমিটাৰৰ মূৰতে খাদ্যাভ্যাস-সংস্কৃতি সলনি হয় আৰু এশ কিলোমিটাৰৰ মূৰতে ভাষা সলনি হয়। তথাপিও অনেক ৰং আৰু গুণেৰে সমৃদ্ধ ফুলৰ মালাৰ দৰে দেশখন এক হৈ আছে। পালি ভাষাত বৌদ্ধ ভিক্ষুৱে কোৱা— ‘সূত্তে মণি গবা ইব’— সূতাৰে গঁঠা মণিধাৰৰ দৰে।
আমাৰ অসমখনো ব্যতিক্ৰম নহয়, ঠিক যেন এখন ক্ষুদ্ৰ ভাৰতবৰ্ষ! অনেক জাতি-গোষ্ঠী, অনেক ভাষা, অনেক সাংস্কৃতিক সম্পদ, অনেক ৰূপ-ৰহস্যৰে ভৰা সাংস্কৃতিক উপাদানেৰে ভৰপূৰ ʼঅʼ মোৰ আপোনাৰ দেশʼ অসম। নিজা নিজা ৰীতি-নীতি, ধৰ্ম, পৰম্পৰা পালন কৰিলেও সময়ত বহুৰঙী এডাল মালাৰ দৰেই এক হৈ পৰা জাতিটো অসমীয়া। শদিয়াৰ পৰা ধুবুৰীলৈ বিহু মৰা জাতিটো অসমীয়া।
বিহু উছৱতে অসমীয়া জাতিটো কটকটীয়া বান্ধোনত বান্ধ খাই পৰে। সেয়ে হʼলেও বিহু পালন কৰোঁতেও স্থানীয়ভাৱে অনেক বৈচিত্ৰ্য চকুত পৰে। বিহুৰ লোকাচাৰ পালনত, লাগে বʼহাগৰ বিহু বা মাঘৰ বিহু বা কাতি বিহুৱেই হওক, ঠাই ভেদে অল্প-বিস্তৰ পাৰ্থক্য চকুত পৰে। নপৰিবই বা কিয়, ভূগোল-বুৰঞ্জীয়ে বেলেগ বেলেগ ধৰণে গৰকা এইখন অসম। শদিয়াৰ ইতিহাস শিৱসাগৰৰ ইতিহাসৰ সৈতে একে নে? নগাঁৱৰ ইতিহাস দৰঙৰ সৈতে একে নে? কামৰূপৰ ইতিহাস ডিমা হাচাও বা গোৱালপাৰাৰ সৈতে একে নে? নহয়। নহয় বাবেই সংস্কৃতিৰ ইমান বিচিত্ৰ, ইমান বৰ্ণাঢ্য ৰূপ। আনকি অসমীয়া জাতিক অসমীয়া বুলি আবেগিক কৰি তোলা, একতাৰ ডোলেৰে বন্ধা ৰঙালী বিহুৰ আচাৰ পালনতো বিবিধতা দৃশ্যমান।
ৰঙালী বিহুৰ এক অবিচ্ছেদ্য অংগ হুঁচৰি। হয়তো আহোমৰ ৰাজত্ব কালত মূলতঃ ডা-ডাঙৰীয়াৰ প্ৰশস্তি গাবলৈ আৰম্ভ কৰা হুঁচৰিয়ে পৰৱৰ্তী কালত সাৰ্বজনীন ৰূপ লৈ ৰঙালী বিহুৰ এৰাব নোৱৰা অংগ হৈ পৰিল। সেই দিন ধৰি গৃহস্থ ঘৰৰ কুশল কামনাৰে বʼহাগৰ বিহুত চোতালত হুঁচৰি গোৱা পৰম্পৰা নিৰৱচ্ছিন্নভাৱে চলি আহিছে। এই পৰম্পৰাত উজনি অসমৰ হুঁচৰিৰ লগত মধ্য অসমৰ বিশেষকৈ কলিয়াবৰ, নগাঁও, তেজপুৰ, জামুগুৰিহাট আদি অঞ্চলৰ হুঁচৰিৰ বিস্তৰ পাৰ্থক্য চকুত পৰে। হুঁচৰি বোলোতে মূলতঃ গৃহস্থৰ কুশল কামনাৰ ক্ষেত্ৰত পাৰ্থক্য নাই; পাৰ্থক্য আছে সাজ-পোছাক, গোৱা নাম, বজোৱা বাদ্য আৰু গায়ন বা পৰিৱেশন শৈলীত।
বিহু উৎসৱ ধৰ্মীয় গণ্ডীৰ ঊৰ্ধ্বত বুলি আজি অনুভৱ কৰিলেও অন্যান্য বহু উৎসৱৰ দৰে বিহুৰো অনেক আচাৰ-বিচাৰত ধৰ্মীয় অনুষংগ উপলব্ধি কৰা যায়। স্বাভাৱিকতে মধ্য অসমত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মৰ উপস্থিতি আৰু প্ৰভাৱ অসমৰ আন ঠাইতকৈ প্ৰৱল। এই প্ৰাৱল্যৰ বাবেই এই অঞ্চলৰ উৎসৱ-পাৰ্ৱণত বৈষ্ণৱ ধৰ্মীয় উপকৰণ-অনুষংগ প্ৰায় অনিবাৰ্য হৈ পৰে। এই অঞ্চলত আনকি শক্তিৰ উপাসনা দুৰ্গা পূজাৰ থলীও নৱ বৈষ্ণৱ ধৰ্মীয় প্ৰভাৱেৰে প্ৰভাৱিত হৈ থাকে। এনে প্ৰেক্ষাপটত প্ৰায় ত্ৰিশখন সত্ৰৰ ঠাই কলিয়াবৰত, গুৰুজনাৰ জন্মস্থান বৰদোৱাক বুকুত লৈ থকা অবিভক্ত নগাঁও জিলাত, বৈষ্ণৱী কৃষ্টিৰে প্ৰভাৱিত জামুগুৰিহাটত ৰঙালী বিহুৰ হুঁচৰি গোৱা পৰম্পৰা বৈষ্ণৱ ধৰ্মীয় প্ৰভাৱেৰে প্ৰভাৱিত হোৱাটো তেনেই সাধাৰণ কথা। এই অঞ্চলসমূহত হুঁচৰিক প্ৰত্যাশিতভাৱেই ʼহুঁচৰি কীৰ্তনʼ বুলি অভিহিত কৰা হয়।
মধ্য অসমৰ হুঁচৰি গোৱা দলটিৰ পোছাক-পৰিচ্ছদ ঠিক বৈষ্ণৱ ভকত এজনৰ দৰেই— ধুতি, পাঞ্জাৱী চোলা, ডিঙিত গামোচা আৰু কিছু কিছুৰ দেহত উত্তৰীয়ৰ দৰে চেলেং চাদৰ। গৃহস্থ এঘৰৰ চোতালত উপস্থিত হোৱাৰ পাছত গৃহস্থক হুঁচৰি দল অহাৰ জাননী দিবলৈ দলটিৰ এজনে উচ্চ গ্ৰামত উচ্চাৰণ কৰে— ʼবোলা হৰিʼ, বাকীসকলে তাৰ পাছতে উচ্চাৰণ কৰে— ʼহৰি বোলা হৰিʼ। এইকণ পৰতে হুঁচৰি দলৰ সদস্যসকলে চোতালত গোলাকৃতিত অৱস্থান কৰে। গৃহস্থই ধূপ-ধূণা, বটা বা শৰাইত গুৱা-পাণ আৰু অৰিহণা গামোচা বা আগলতি কলপাতেৰে ঢাকি আনি ভাৱস্তিৰে আগবঢ়াই থয় আৰু নিজেও হুঁচৰিত অংশগ্ৰহণ কৰিবলৈ শাৰী পাতি অৱস্থান কৰে। এগৰাকী নামতিয়ে নাম বা ঘোষা আৰম্ভ কৰে, বাকীসকলে দোহাৰে।
মধ্য অসমৰ হুঁচৰিত পৰিৱেশন কৰা প্ৰায়বিলাক নামেই মূলতঃ শ্ৰীকৃষ্ণ, বিষ্ণু, শ্ৰীৰামৰ গুণ-গান বিষয়ক। কিছু নাম হৰি উপাসনা তথা দেহ বিচাৰ সম্পৰ্কীয়। আৰু আছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰশস্তি বিষয়ক কিছু নাম। উদাহৰণ স্বৰূপে বহুল প্ৰচলিত কিছু হুঁচৰি নামলৈ আঙুলিয়াব বিচাৰিছোঁ।
১. শ্ৰীকৃষ্ণ কেন্দ্ৰিক নাম:
ক) কৃষ্ণৰ মূৰৰে বকুল ফুল এপাহি
নিয়ৰ পাই মুকলি হʼল অʼ গোৱিন্দাই ৰাম।
খ) ভাল গকুলত ঘিলা খেলি আছিলা
ঘিলা খেলি কৃষ্ণ আহে ৰং কৰি
যশোদাই লৈ গʼল কোলাত কৰি।
গ) গোবিন গোবিন ধেনু চাৰিবলৈ
গʼল অʼ কলীয়া।
ঘ) ৰুণুক জুনুক নেপূৰ বজায়
ৰাধাৰ পদূলিয়ে কোন কোন যায়।
ধৰ ধৰ কলীয়া কলৈ পলায়
নধৰিবি নধৰিবি ৰাধাৰ জোঁৱাই।।
ঙ) ৰথৰ ওপৰে কলীয়া
চলি গʼল কলীয়া মথুৰা নগৰে কলীয়া।
২. শ্ৰীৰাম কেন্দ্ৰিক নাম:
ক) ৰাম হে কৰুণাময়
হৰি হে কৰুণাময়।
খ) ৰাম বোল মুখে হৰি বোল মুখে
অশোক বনতে ধাকুৰি ধাকুৰি
সীতা আই কান্দিছে
মোকে হে ৰাম ৰাম
মোকে ৰক্ষা কৰা মোকে।
গ) হনুমন্তই বোলে প্ৰভু নকৰিবা চিন্তা
সাগৰত সেঁতু বান্ধি আনি দিম মই সীতা।
৩. হৰি উপাসনা তথা দেহ বিচাৰ সম্পৰ্কীয়:
ক) ৰাম বোল হৰি বোল বোল একবাৰ
আউৰ কি ভৰসা আছে মনুষ্য হৈবাৰ।
খ) জগন্নাথ জগন্নাথ জগন্নাথৰ হৰি হে।
ভগৱানৰ নামসিংহ উচ্চাৰণ কৰা হে।।
গ) সজাই থৈছোঁ শৰাইখনি
কাটি থৈছোঁ গুৱা।
নামেৰেই পূজিম প্ৰভু
গধূলি ও পুৱা।।
ঘ) ৰাখা কি দয়াময় অʼ
অʼ হৰি অʼ ৰাম।
ঙ) দুখীয়া দুখীয়া মই বৰ দুখীয়া
মোতকৈ দুখীয়া নাই।
দুখীয়াৰ ঘৰলৈ আহে ভগৱন্ত
দিবলৈ একোকে নাই।
৪. গুৰু প্ৰশস্তি:
ক) শঙ্কৰ গুৰু এ ভৈলা অৱতাৰ
উদ্ধাৰ কৰিও গুৰু জগত ইবাৰ।
খ) শঙ্কৰ লয় হৰিনাম
মুখে ভৰি ভৰি।
গ) বৰদোৱা বৰপেটা নামৰ গুৰি
শঙ্কৰদেৱে প্ৰচাৰিলে জগতজুৰি।
ইয়াৰ উপৰি দুই-এটা মহাভাৰতৰ ঘটনা বৰ্ণক নাম (ভীম কান্দে, নকুল কান্দে, কান্দে যুধিস্থিৰে/ বেহুৰ ভিতৰে কান্দে অভিমন্যু বীৰে), শিৱ-পাৰ্ৱতী সম্পৰ্কীয় আমোদজনক মালিতাধৰ্মী নাম (তেতেলীৰ তলতে তাঁতবাতি কৰিলো, পাহৰি এৰিলো সূচি ঔ গোৱিন্দাই ৰাম), ডা-ডাঙৰীয়াৰ প্ৰশস্তিমূলক নাম (দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰি, কেতেকী মলেমলায় ঔ গোৱিন্দাই ৰাম), বিশেষ অৰ্থ প্ৰকাশ নকৰা নাম (ঔ ফুল ফুলিলে জগতে জানিলে, থেকেৰা ফুলিলে ৰাতি ঔ গোৱিন্দাই ৰাম)-ৰো প্ৰচলন আছে। ঘোষাৰ পিছত পদ হিচাপে সাধাৰণতে কীৰ্তন বা নামঘোষাৰ পৰা পদ আনি গোৱা হয়। কিছু বিশেষ নামৰ ক্ষেত্ৰত বিশেষভাৱে ৰচিত বা প্ৰচলিত পদ গোৱা হয়।
ভক্তিমাৰ্গৰ এই ধৰণৰ হুঁচৰি কীৰ্তন পৰিৱেশন কৰোঁতে নিশ্চিতভাৱেই উজনিৰ দৰে ঢোলৰ ব্যৱহাৰ কৰা নহয়। তাৰ পৰিৱৰ্তে ব্যৱহৃত হয় সত্ৰীয়া বা শঙ্কৰী কৃষ্টিৰ এৰাব নোৱৰা বাদ্য খোলৰ। খোলৰ উপৰি হুঁচৰি কীৰ্তনত ব্যৱহাৰ হোৱা আন বাদ্যযন্ত্ৰ হৈছে— খুটিতাল, বৰতাল, ৰামতাল, কৰতাল আৰু নেগেৰা।
গৃহস্থৰ চোতালত হুঁচৰি কীৰ্তনৰ সামৰণি পেলোৱা হয় সমস্বৰে এই উচ্চাৰণৰ জৰিয়তে— ‘অ’ ৰাম জয় হৰি’। তাৰ পাছতে গৃহস্থই হুঁচৰি দলৰ আগত সেৱা ধৰে। সাধাৰণতে ʼগৃহস্থৰ কুশলৰ্থে হৰি বোল হৰিʼ বুলি আশীৰ্বাদ দিয়া হয়। বিশেষ পৰিস্থিতিত, কেতিয়াবা গৃহস্থৰ অনুৰোধত বা গৃহস্থৰ ঘৰত অসুখ-অশান্তি থাকিলে বৈষ্ণৱী ধাৰাৰে নামঘোষাৰ উদ্ধৃতিৰে আশীৰ্বাদ দিয়া হয়— “হয় বোলে, নমো নমো নাৰায়ণ প্ৰসন্ন হুয়োক হৰি, কৰিয়োক মায়াক নিৰ্যান/ আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ, আজি এই বছৰেকৰ বিহুৰ দিনা ৰাইজখন আহি…।” আশীৰ্বাদৰ পাছত গুৱা-পাণেৰে সৈতে গৃহস্থই আগবঢ়োৱা অৰিহণা গ্ৰহণ কৰি ৰাইজ আন এঘৰলৈ বুলি আগবাঢ়ে।
বিহু সৃষ্টিৰ অনেক পাছত, হয়তো মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰো যথেষ্ট সময়ৰ পাছত বিহুৰ লগত সংযোজিত হʼলেও মধ্য অসমৰ হুঁচৰি কীৰ্তনে এতিয়ালৈ ʼপৰম্পৰাʼৰ আসনত নিশ্চিতভাৱে অৱস্থান কৰিলে। কিন্তু এই পৰম্পৰাৰ বিষয়ে সময়ে সময়ে কিছুমান বিৰূপ মন্তব্য (বাতৰি কাকতত, সামাজিক মাধ্যমত) দেখা পোৱা যায়। এই পৰম্পৰাৰ বিষয়ে নজনাকৈ মধ্য অসমৰ হুঁচৰি কীৰ্তনক ʼবিহুৰ বতৰত হৰিনাম গাই চান্দা তুলি ফুৰেʼ বুলি কোৱাটো অশোভনীয়ই নহয়, সাংস্কৃতিক বিবিধতাক সন্মান কৰিব নজনা অপৰাধো। যিসময়ত অসম বা অসমীয়া সত্তাটোৰ বাহিৰৰ মানুহৰ পৰা অসমীয়া বোলা স্বাভিমান আৰু সাংস্কৃতিক বৈচিত্ৰ্যক নস্যাৎ কৰাৰ জোৰদাৰ প্ৰচেষ্টা চলিব লাগিছে, সেই সময়ত অসমীয়াই অসমীয়াৰ সাংস্কৃতিক বৈচিত্ৰ্যক নজনাটো আৰু সন্মান নকৰাটো আত্মঘাতী প্ৰৱণতাৰ বাদে আন একো নহয়।
এটা কথা সহজেই পতিয়নযোগ্য যে বিহুনামৰ হুঁচৰিয়েই হওক কিম্বা হৰিনামৰ হুঁচৰিয়ে হওক, এই দুয়ো পৰম্পৰাই অসমীয়াৰ সম্প্ৰীতি গঢ়া তথা সকলোৰে কল্যাণকামী হোৱাৰ মানৱীয় ইচ্ছাকে প্ৰতিফলিত কৰিছে। এটাৰ তুলনাত আন এটাক সৰু কৰাৰ বা নস্যাৎ কৰাৰ নেতিবাচকতাৰ পৰিৱৰ্তে এই পৰম্পৰাসমূহক সময়ৰ লগত খাপ খুৱাই আগবঢ়াই নি অসমীয়া জাতিৰ সাংস্কৃতিক চিন্তা-চৰ্চাৰ উদাহৰণক জগতৰ আগত দেখুওৱাটোহে ইতিবাচক কথা হ’ব।
(কলিয়াবৰ অঞ্চলৰ হুঁচৰি কীৰ্তন পৰম্পৰাৰ আধাৰত লেখাটি যুগুত কৰা হৈছে। মধ্য অসমৰ আন ঠাইৰ হুঁচৰি কীৰ্তনৰ লগত দুই-এক পাৰ্থক্য থাকিব পাৰে।)
❧ | আৰু পঢ়ক:
- মাঘ বিহুৰ কলিয়াবৰীয়া পৰম্পৰা: ক’লীবুঢ়ী নৃত্য
- কলিয়াবৰৰ বাঘ ভেটা পৰম্পৰা
- পুৰণিগুদাম অঞ্চলৰ লোকনাট্য পৰম্পৰা: পানীতোলা সবাহ, পালা ভাওনা আৰু বোকা ভাওনা
- নগাঁও জিলাৰ হাতীচোং অঞ্চলৰ কলীয়া গোসাঁই: এক আলোকপাত
- শিল্পপ্ৰাণ চন্দ্ৰ ফুকন: হাজাৰ পৰাজয়েও ম্লান কৰিব নোৱৰা এটি হাঁহি
ছবি: Thamizhpparithi Maari, CC BY-SA 3.0/ Wikimedia Commons
Follow Nilacharai on Facebook