দ ক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহেৰে ভাৰতীয়সকলক বৰ্ণবাদী অত্যাচাৰৰ পৰা মুক্ত কৰি ৰাজনৈতিকভাৱে পৰিপক্ক আদৰ্শবাদী নেতা হিচাপে মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা লাভ কৰিছিল। ১৯১৫ চনত মহাত্মা গান্ধী ভাৰতলৈ উভতি আহি ১৯১৭–১৮ চনত চম্পাৰণ, খেৰা আৰু আহমেদাবাদত হোৱা বিবাদৰ অতি দক্ষতাৰে তথা একক নেতৃত্বৰে সমাধান কৰি সমগ্ৰ ভাৰততে এগৰাকী দক্ষ আৰু প্ৰভাৱশালী নেতা ৰূপে স্বীকৃতি লাভ কৰে। সত্য৫ আৰু অহিংসাৰে ৰূপায়ণ কৰা সেই আন্দোলনবোৰত জনগণৰ বিপুল অংশগ্ৰহণে গান্ধীজীক বৃহৎ শক্তি প্ৰদান কৰিছিল।
১৯১৪ চনৰ পৰা ১৯১৮ চনলৈকে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত ভাৰতীয় জনসাধাৰণৰ লগতে কংগ্ৰেছ দলেও বৃটিছলৈ নৈতিক সমৰ্থন আগবঢ়াইছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত ভাৰতীয় জাতীয়তাবাদীসকলে দেশৰ স্বৰাজৰ যি সপোন দেখিছিল, সি পূৰ্ণ নোহোৱাত ভাৰতীয় সমাজৰ সৰ্বস্তৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ল।
১৯১৭-১৯ চনলৈকে হোৱা ভাৰতীয়ৰ দুৰৱস্থাৰ ফলস্বৰূপে বৃটিছৰ প্ৰতি গান্ধীজীৰো মোহভংগ ঘটিছিল আৰু তেওঁ বৃটিছসকলৰ পূৰ্বৰ সহযোগীৰ পৰিৱৰ্তে অসহযোগী হৈ উঠিছিল। ঘটনাক্ৰমত ইয়ে অসহযোগ আন্দোলনৰ ৰূপ লয়।
১৮৮৫ চনত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় জাতীয় কংগ্ৰেছে গান্ধীজীৰ নেতৃত্বত বৃটিছৰ বিৰুদ্ধে অসহযোগ আন্দোলন গঢ়ি তোলে ১৯২১ চনত। অসমতো ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত প্ৰতিষ্ঠা হোৱা অসম এছ’চিয়েছনে জাতীয় কংগ্ৰেছৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় ৰাজনীতিলৈ অগ্ৰসৰ হৈছিল। সংগঠনটোৰ একাংশ নেতা-কৰ্মীয়ে এছ’চিয়েছনক কংগ্ৰছৰ প্ৰাদেশিক কমিটিলৈ ৰূপান্তৰৰ চেষ্টা কৰিছিল। অনেক বাদ-বিবাদৰ অন্তত যোৰহাটত ১৯২১ চনৰ ১৮ এপ্ৰিল তাৰিখে ছবিলাল উপাধ্যা য়ৰ পৌৰহিত্য ত অসম এছ’চিয়েছনৰ এক বিশেষ অধিৱেশনত অসম প্ৰদেশ কমিটি গঠনৰ সিদ্ধান্ত লোৱা হয়। সেই বছৰৰে জুন মাহত কুলধৰ চলিহাক সভাপতি আৰু নবীন চন্দ্ৰ বৰদলৈক সম্পাদক ৰূপে লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হয়।
১৯২১ চনত গান্ধীজীয়ে সমগ্ৰ ভাৰত ভ্ৰমণ কৰি অসহযোগ আন্দোলনৰ তাৎপৰ্য্য ব্যাখ্যা কৰিলে। মানৱ দেহৰ শত্ৰু কানি-ভাং-মদ এৰিবলৈ, বিদেশী বস্তু বৰ্জন কৰিবলৈ, প্ৰতিজন ভাৰতবাসীকে নিজে কপাহৰ সূতা কাটি কাপোৰ বৈ ল’বলৈ আহ্বান জনালে। কিন্তু অসমত জাতীয় কংগ্ৰেছৰ বিশেষ অস্তিত্ব নথকাত অসমত জাতীয় কংগ্ৰেছৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তৰুণৰাম ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈয়ে এই সুযোগ গ্ৰহণ কৰি গান্ধীজীক অসমলৈ আমন্ত্ৰণ জনালে।
এই আমন্ত্ৰণ ৰক্ষা কৰি ১৯২১ চনৰ আগষ্ট মাহৰ ১৮ তাৰিখে ব্ৰহ্মপুত্ৰৰ বুকুয়েদি গুৱাহাটীত উপস্থিত হোৱাত মহাত্মা গান্ধীক অসমীয়া জনগণে বিপুল আদৰণি জনাইছিল। গান্ধীজীৰ উপস্থিতিয়ে নৱগঠিত কংগ্ৰেছ দলৰ কৰ্ম-কৰ্তাসকলৰ উপৰিও অসমীয়া জনগণক আলোড়িত কৰি তুলিছিল। অসমৰ গুৱাহাটীৰ লগতে বৰাক, তেজপুৰ, ডিব্ৰুগড় আদি স্থান ভ্ৰমণ কৰি বৃটিছৰ বিৰুদ্ধে জনগণক সংগৱদ্ধভাৱে হৈ আন্দোলনত ভাগ ল’বলৈ আহ্বান জনাইছিল। ১৯২১ৰ বৃটিছ শাসনৰ লগত জুই-পানীৰ অসযোগ চলি থাকোঁতেই অসমলৈ গান্ধীজীৰ আগমনে অসমীয়া লোকৰ পূৰ্বৰ বৃটিছ বিৰোধী স্থিতিক অধিক তীব্ৰতৰ কৰি তুলিলে।
প্ৰথম অসম ভ্ৰমণৰ সময়ছোৱাত গান্ধীজীয়ে কলিয়াবৰতো পদাৰ্পণ কৰি কলিয়াবৰক ধন্যা কৰিছিল। গান্ধীজীয়ে তেজপুৰৰ ভ্ৰমণ সামৰি ডিব্ৰুগড়লৈ বুলি কৰা যাত্ৰাপথত কলিয়াবৰত উপস্থিত হৈছিল। ১৯২১ চনৰ ২২ আগষ্ট তাৰিখে তেজপুৰৰ পৰা জাহজেৰে বৰলুইত পাৰ হৈ পুৱাবেলা ৯.৩০ বজাত মহাত্মা গান্ধীয়ে শিলঘাটত পদাৰ্পণ কৰিলে। গান্ধীজীৰ পদস্পৰ্শই পৱিত্ৰ কৰিলে শিলঘাট তথা কলিয়াবৰৰ ভূমিখণ্ডক। কলিয়াবৰৰ ঠানুৰাম ভূঞা প্ৰমুখ্যে গান্ধীজীৰ বহু অনুগামীয়ে গান্ধীজীক শিলঘাটৰ জাহাজঘাটৰ পৰা আদৰি আনিলে। বহুলোকে বৃটিছ চৰকাৰৰ ৰোষত পৰাৰ ভয়ত গান্ধীজীক দেখা কৰিবলৈ ভয় কৰিছিল। বিশেষকৈ বৃটিছ ব্যৰক্তিয়ে গান্ধীজীৰ পৰা বহু নিলগত অৱস্থান গ্ৰহণ কৰিছিল। কিন্তু তাৰ মাজতে কলিয়াবৰ এক ব্যলতিক্ৰমী ঘটনাৰ সাক্ষী হৈ ৰ’ল। গান্ধীজীক জাহাজঘাটৰ পৰা ১৮৮৭ চনত বৃটিছে স্থাপন কৰা শিলঘাট ডাক বঙলালৈ আহিবলৈ তেতিয়াৰ কলিয়াবৰ চাহ বাগিচাৰ বৃটিছ মেনেজাৰে এখন বাগীৰ যোগান ধৰিছিল যদিও গান্ধীজীয়ে সেই বাগীত নাহি অনুগামীসকলৰ সৈতে খোজকাঢ়িয়ে ডাক বঙলা পালেহি।
শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাৰ ডাক বঙলাৰ বাকৰি লোকে লোকাৰণ্যদ হ’ল। সমবেত ৰাইজৰ আগত গান্ধীজীয়ে ভাৰতৰ মুক্তি সংগ্ৰাম আৰু অসহযোগৰ তাৎপৰ্য ব্যা খ্যাস কৰিলে। সেইদিনাই কলিয়াবৰবাসীৰ মন আৰু হৃদয়ত গান্ধীজীয়ে স্বৰাজৰ বীজ ৰোপণ কৰিলে। ঠানুৰাম ভূঞা, বদন চন্দ্ৰ বৰদলৈ, গণেশ চন্দ্ৰ বৰঠাকুৰ প্ৰভৃতি কেইবাগৰাকী লোকে গান্ধীজীৰ চৰণ চুই আন্দোলন কৰিবলৈ অঙ্গীকাৰ কৰিলে। দেশমাতৃৰ মুক্তি সংগ্ৰামৰ ঢলপুৱাতে গান্ধী-সূৰ্যৰ ঊষাৰ কিৰণ লভি ভাৰতৰ একমাত্ৰ স্বৰাজ আন্দোলনৰ অনুষ্ঠান কংগ্ৰেছৰ প্ৰতি পূৰ্ণ সহযোগেৰে বৃটিছ শাসন ওফৰাই পেলাবলৈ কলিয়াবৰৰ জনগণ গান্ধীজীৰ ওচৰত অঙ্গীকাৰৱদ্ধ হ’ল!
গান্ধীজীয়ে শিলঘাটৰ পৰা আহি কুঁৱৰীটোলত কলিয়াবৰীয়া সহস্ৰ জনতাক বৃটিছৰ বিৰুদ্ধে আহ্বান জনোৱা স্থান গান্ধী পথাৰ নামেৰে আজিও জনাজাত, কাষতে কলিয়াবৰ মুক্তিযুঁজাৰু ভৱন। গান্ধীজীৰ মৃত্যুধৰ পাছত চিতাভষ্ম শিলঘাটৰ ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়াৰ লগতে গান্ধীৰ সোঁৱৰণত নিৰ্মাণ কৰা হয় গান্ধী অস্থি ধাম।
❧ | আৰু পঢ়ক: গান্ধীৰ বাবে গান্ধী
গান্ধীজীয়ে ১৯২১, ১৯২৬, ১৯৩৬ আৰু ১৯৪৬ চনত মুঠ চাৰিবাৰ অসম ভ্ৰমণ কৰিছিল। ১৯২১ চনৰ প্ৰথম ভ্ৰমণৰ সময়ত ২২ আগষ্ট তাৰিখে গান্ধীজীৰ পদাৰ্পণৰ সাক্ষী কলিয়াবৰৰ স্থান আৰু স্মৃতিচিনসমূহে আজিও গান্ধীৰ আদৰ্শ আৰু সাহসক সোঁৱৰায়।