অ তিকৈ চেনেহৰ বিহুটি আকৌ আহিল। অসমীয়া জাতীয় জীৱনৰ প্ৰাণ-স্পন্দন স্বৰূপ এই বিহুটিয়েই অসমীয়াৰ ঐতিহ্য আৰু অসমীয়াৰ পৰিচয়। নক’লেও হ’ব যে বিহু কৃষিভিত্তিক লুইতপৰীয়া অসমীয়া চহা সমাজৰ কৌটিকলীয়া উৎসৱ, লোকজীৱনৰ বুনিয়াদ আৰু লোক-সংস্কৃতিৰ দাপোণস্বৰূপ। প্ৰকৃতপক্ষে অসমীয়া সমাজ জীৱনৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ধৰণ-কৰণ, পিন্ধন-উৰণ, খেতি-বাতি, খোৱা-বোৱা, চিন্তা-কল্পনা— আদি এনে এটা দিশ নাই, যিসমূহ বিহুৰ মাজেদি প্ৰতিফলিত হোৱা নাই। তাৰ লগে লগে বিহুৱে সামাজিক ঐক্য-সম্প্ৰীতি আৰু জাতীয়তাবোধ গঢ়াত মহত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। বিহুটিয়েই বৃহত্তৰ অসমীয়া জাতিটোক জীয়াই থকাৰ সাৰ-পানী যোগাই আহিছে। এটা কথা ঠিক যে যিদিনাই বিহুটিয়ে আমাৰ মাজৰ পৰা বিদায় লোৱাৰ উপক্ৰম হ’ব সিদিনাই অসমীয়া বুলি চিনাকি দিয়া এই জাতিটোৰো অপমৃত্যু ঘটিব। বিহুটিৰ লগত অসমীয়াৰ যেন উশাহ-নিশাহৰ সম্পৰ্ক। হেঁপাহৰ বিহুটিয়ে যি উচ্ছ্বাস, প্ৰীতি আৰু আনন্দময়তাৰ সৃষ্টি কৰে, বোধকৰোঁ আন কোনো উৎসৱেই সেয়া সৃষ্টি কৰিব নোৱাৰে। যুগে যুগে বিহুৰ সৈতে অসমীয়া মানুহৰ এক সুগভীৰ আবেগিক সম্পৰ্ক জড়িত হৈ আছে।
প্ৰকৃতিৰ বৈচিত্ৰ্যময় ৰূপ-বৈভৱৰ পৰিৱৰ্তন আৰু কৃষিকেন্দ্ৰীক লোকজীৱনৰ সহজ-সৰল জীৱন-যাত্ৰাৰ মাজতেই এদিন বিহুৰ উৎপত্তি হৈছিল। বহুকাল ধৰি অসমীয়া মানুহে ‘বিহু আনন্দীয়া বিহু বিনন্দীয়া’ ৰূপতে প্ৰত্যক্ষ কৰি আহিছে। ‘আমাৰ বিহু ভাঙোতা নাই’ বুলি চামে চামে ডেকা-গাভৰুৱে বিহুৰ সৈতে আত্মীয়তা ঘোষণা কৰি আহিছে। এই বিহুটিৰ লগত অসমত বসবাস কৰা পাহাৰ-ভৈয়াম, ধৰ্ম-বৰ্ণ, জাতি-উপজাতি নিৰ্বিশেষে সকলোৰে সম্পৰ্ক নিবিড় হৈ আছে বাবেই বিহুৰ মৰমত প্ৰতিগৰাকী অসমবাসীৰ হৃদয়ত তৎপৰতা আৰম্ভ হয়।
বিহু সম্পৰ্কে ১৯৪৮ চনত ডিব্ৰুগড়ত দিয়া এটি ভাষণত জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল— ‘বিহু উৎসৱত অসমীয়া উচ্চ সংস্কৃতিৰ লগতে থাকে জনসংস্কৃতিৰ পোহৰ। অসমীয়া বিহু উৎসৱ আচলতে এখন অসমীয়া সাংস্কৃতিক মেলা, য’ত উচ্চ সংস্কৃতি আৰু জনসংস্কৃতিৰ বছৰেকীয়া মিলন হয়। সেই কাৰণেই বিহু উৎসৱ অসমীয়া সাংস্কৃতিক জীৱনৰ এটা বছৰেকীয়া সমাৱেশ। প্ৰকৃতিয়ে নতুন ৰূপ লোৱাৰ সময়ত অসমীয়া মানুহেও জীৱনৰ সকলো ক্ষেত্ৰৰে ভালৰো ভালখিনি লৈ সেইদিনা থিয় হয় নতুন বছৰক আদৰিবলৈ, নতুন দিনৰ সপোন দেখি। সেই কাৰণেই নতুন দিনৰ সপোন দেখা অসমীয়াৰ কাৰণে আজি বিহু উৎসৱ আটাইতকৈ মূল্যৱান উৎসৱ— নতুন সংস্কৃতি গঢ়াৰ ফালৰ পৰা।”
বিহু সংস্কৃতি বুলিলে বিহু আৰু ইয়াৰ সৈতে জড়িত থকা ভালেমান সামাজিক লোকাচাৰ আৰু থলুৱা লোক-কৃষ্টি আধাৰিত নৃত্য-গীতৰ কথাই মনলৈ আহে। অৱস্থা আৰু পৰিৱেশ ভেদে জনজীৱনৰ বিচিত্ৰ লীলাভূমিৰ হাঁহি-কান্দোন, অশ্ৰু-বেদনা, আশাপূৰ্ণ হোৱা আৰু আশাহত হোৱাৰ দোমোজা আদি বিচিত্ৰ অভিজ্ঞতাৰ বহিৰ্প্ৰকাশেই বিহু নৃত্য-গীতসমূহক স্বকীয়তা প্ৰদান কৰিছে। সম্প্ৰতি বিহুৰ গ্ৰহণযোগ্যতা দিনক দিনে বৃদ্ধি পাইছে। এসময়ত এনে এটা সংকটপূৰ্ণ দিন আছিল, যেতিয়া বিহুক এচাম তথাকথিত ৰক্ষণশীল লোকে শ্লীল-অশ্লীলৰ আওতালৈ নি বিতৰ্ক কৰিছিল সমাজ গুচিল বুলি। কিন্তু পৰিৱৰ্তিত সময়ৰ লগে লগে বিহুয়েও আজিৰ অৱস্থা পাইছে।
বিহু মূলতঃ কৃষিভিত্তিক উৎসৱ। অৰ্থাৎ বিহুৰ সম্পৰ্ক চহা জীৱনৰ লগত। সমস্যাজৰ্জৰ অসমীয়া কৃষিজীৱি চহা জীৱনৰ হা-হুমুনিয়াহ, পোৱা-নোপোৱা, সুখ-দুখবোৰ সংপৃক্ত হৈ আছে বিহুটিৰ সৈতে। প্ৰকৃতিৰ লগত নিবিড় সম্পৰ্ক থকা মানুহৰ আকুল কণ্ঠত ধ্বনিত হোৱা গীত-মাতে বসুমতীক উৰ্বৰা কৰি তোলে বুলি আদিম সময়ৰ পৰাই এটা ধাৰণা আছে। শীতৰ ঠেৰেঙা লগা জাৰত শুকান হৈ পৰা প্ৰকৃতি চ’তৰ শেষত ন-পানীৰ পৰশত জীপাল হৈ পৰে। খেতিয়ক ৰাইজ খেতিৰ বাবে সাজু হয়। ৰাইজে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে কৃষিভূমিত ৰং-ধেমালিৰে পৰম্পৰাগতভাৱে এই বিহু উৎসৱ পালন কৰি আহিছে।
“তাহানিৰ আদিম মানুহৰ ধাৰণা, নাচোনৰ গিৰিপনিত পৃথিৱী শস্য-সম্ভৱা হয়, গীতৰ মৃদু-মধুৰ মূৰ্চ্ছনাত লখিমী গৰ্ভসম্ভৱা হয়। সেয়ে ধাননিৰ কাষে কাষে যৌৱনে গৰকা ডেকা-গাভৰুৱে গীত গাই, বাদ্য বজাই, নাচি নাচি লখিমীৰ উৎপাদিকা শক্তি বঢ়াবলৈ আয়োজন কৰে।” (বিহু এটি সমীক্ষা, লীলা গগৈ, পৃষ্ঠা ১৬) ইফালে, ঋতুৰাজ বসন্তৰ আগমনে চিৰবিনন্দীয়া প্ৰকৃতিক ন-সাজ পিন্ধোৱাৰ দৰে অসমীয়াইও পুৰণিক বিদায় দি নতুনক আদৰি লয়। কুলি-কেতেকীৰ সুললিত কণ্ঠ, নাহৰ-কেতেকী-কপৌ ফুলৰ সুবাসে অসমীয়াৰ দেহ-মন শিহৰিত কৰি তোলে। চৌদিশে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। এনে এক আনন্দমুখৰ পৰিৱেশত মানুহৰ দেহ-মনো উলাহত মতলীয়া হৈ পৰে আৰু এনে আনন্দ উলাহৰ মাজেৰেই অসমবাসীয়ে পালন কৰে অতিকৈ চেনেহৰ বিহুটি।
“ডাৱৰৰ আঁৰে আঁৰে ঢোলত চাপৰ পৰে!
গছে পাতে বিহুগীত গায়!
বিহুৰ পেঁপাৰ ৰোলে বুকুত নাচোন তোলে!
মোকো আজি নাচি নচুৱাই।” (দেৱকান্ত বৰুৱা)
অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীক সাঙুৰি লৈ একতা-সম্প্ৰীতিৰ ডোলেৰে বান্ধি লোৱা বাপতিসাহোন বিহুটিক চহা জীৱনৰ মাজৰ পৰা অষ্টাদশ শতিকাৰ আৰম্ভণিত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজপৃষ্ঠপোষকতাৰে ৰংঘৰৰ বাকৰিত আনুষ্ঠানিকভাৱে সামাজিক মৰ্যাদা প্ৰদান কৰিলে।
নানা জাতি-উপজাতি আৰু বিশাল সাংস্কৃতিক বিনিময়েৰে গঢ়ি উঠা বৃহৎ অসমীয়া জাতিক বিশিষ্ট মৰ্যাদা প্ৰদান কৰাৰ বাবেও বিহু উৎসৱে বিশেষভাৱে অৰিহণা যোগাই আহিছে আৰু সাংস্কৃতিক সমন্বয়-সংহতিৰ ধ্বজা স্থাপন কৰি জাতীয় জীৱনৰ ভেটি সুদৃঢ় কৰি ৰাখিছে। উচ্চ-নীচৰ প্ৰাচীৰ নমনা বিহুৱে মানুহৰ অন্তৰৰ পৰা অন্তৰলৈ বিয়পায় সঁচা ভাতৃত্ববোধ, মৰম, চেনেহ, আত্মীয়তা আৰু শান্তিৰ বন্যা। বিহুৱে পাহৰায় ধনী-দুখীয়াৰ প্ৰভেদ, জাতি-বৰ্ণ-গোষ্ঠীৰ সংকীৰ্ণতা আৰু ৰক্ষণশীলতাৰ ঠেক মনোভাৱ। বিহুৰ সাৰ্বজনীন ৰূপ, ধৰ্ম নিৰপেক্ষতা, সাংস্কৃতিক বিশিষ্টতাৰ বাবে ধৰ্ম-বৰ্ণ-জাতি-উপজাতি নিৰ্বিশেষে সকলোৱে দ্বিধাহীনভাৱে বিহুক আকোঁৱালি লয়। বিহু উৎসৱৰ নৃত্য-গীত আৰু সামাজিক-সাংস্কৃতিক পৰম্পৰাই, কৃষ্টিৰ বিনন্দীয়া সুৰে মানুহৰ মন পোহৰাই তোলাৰ লগতে নিজস্ব স্বাভিমান আৰু জাতীয়তাবোধৰ বৈশিষ্ট্যৰে সমুজ্জ্বল বৃহত্তৰ অসমীয়া সমাজ জীৱনক মহীয়ান কৰি তুলিছে। আচলতে, বিহুৰ গাঁত ভেঁজা দিয়েই অসমীয়া সংস্কৃতি আৰু জাতীয় জীৱন আগবাঢ়ি আহিছে আৰু অনাগত দিনবোৰতো আগবাঢ়ি যাব।
বিহু উৎসৱটোৰ বুকুতে অসমীয়া সংস্কৃতি আৰু জাতীয় জীৱনৰ সিংহভাগ সমল পোৱা যায় বাবেই বিহুক অসমীয়া লোক-সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ হিচাপে গণ্য কৰা হয়। পিছে পৰিৱৰ্তিত সময় আৰু সমাজ-ব্যৱস্থাৰ সৈতে খোজ মিলাই আমাৰ বুকুৰ আমঠু বিহুটিও ৰূপান্তৰ বা বিৱৰ্তনৰ পথেৰে আগুৱাই আহিল। সময় গতিশীল। এই গতিশীলতাত সমাজৰ ৰীতি-নীতি, পৰম্পৰা, জীৱন-ধাৰাৰ প্ৰক্ৰিয়াৰো পৰিৱৰ্তন হয়। গতিকে সংস্কৃতিৰ পৰিৱৰ্তন হোৱাটো অনিবাৰ্য। পৰিৱৰ্তনৰ কোবাল সোঁতত পৰি অসমীয়াৰ বাপতিসাহোন বিহুটি আজি এক আড়ম্বৰপূৰ্ণ সুবৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। একালৰ বৰপথাৰৰ যুৰীয়া আঁহতৰ তলৰ বিহু চোতাল গৰকি এসময়ত মঞ্চলৈ উঠিল আৰু এতিয়া ইণ্টাৰনেটৰ জৰিয়তে সমগ্ৰ বিশ্বতে বিয়পি পৰিল।
সম্প্ৰতি ৰাজ্যখনৰ আটাইকেইটা নিউজ চেনেল, বিভিন্ন ডিজিটেল মাধ্যম, চ’ছিয়েল মিডিয়া আদিয়ে বিহুৰ পৰম্পৰাগত ৰীতি-নীতি, নৃত্য-গীতক জগতসভাত প্ৰতিষ্ঠা কৰাত যথেষ্ট সবল ভূমিকা পালন কৰিছে। তৎসত্বেও বৰ্ণময় ঐতিহ্য-সংস্কৃতিৰে মহীয়ান বিহুৰ উজ্জ্বলতা কিছুমান নেতিবাচক তুলুঙা চিন্তা-চেতনা আৰু কৰ্মব্যৱস্থাত পৰি ক্ৰমাৎ ম্লান পৰিবলৈ আৰম্ভ কৰিছে, যাৰ বাবে বিহুৰ স্বকীয়তা আৰু বিহু নৃত্য-গীতৰ পূৰ্বৰ মাদকতা হেৰাই গৈছে বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। এটা কথা ঠিক যে আধুনিক নগৰকেন্দ্ৰীক সংস্কৃতিৰ প্ৰভাৱে গ্ৰামাঞ্চললৈ বাট পোনোৱাৰ লগে লগে বিহুৰ গাত এটাৰ পাছত আনটো আঁচোৰ পৰিবলৈ ধৰিলে। ফলত ভালেমান পৰম্পৰাগত আচাৰ-আচৰণ এৰাপলৰীয়া হ’ল।
বৰপথাৰৰ যুৰীয়া আঁহতৰ তলৰ পৰা চহৰৰ ৰংচঙীয়া মঞ্চত উঠাৰ পাছৰ পৰাই বিহুৰ নামত কিছুমান বিজতৰীয়া অপচিন্তা আৰু অন্ধ অনুকৰণে বেছিকৈ গুৰুত্ব লাভ কৰিবলৈ ধৰিলে, যাৰ বাবে অসমীয়া সমাজ-জীৱনৰ মৰ্যাদাৰ ভেটিটোত, গৰিমাপুষ্ট সংস্কৃতিৰ ভেটিটোত কেণা লাগিবলৈ আৰম্ভ কৰিলে। পশ্চিমীয়া অপসংস্কৃতিৰ তীব্ৰতাত অসমীয়া জাতীয় উৎসৱ ৰঙালী বিহুটিয়েও নান্দনিক সৌন্দৰ্য আৰু স্বকীয় বৈশিষ্ট্য হেৰুৱাই লঠঙা ৰূপ ল’বলৈ বৰ বেছি দিন নালাগিল। ভোগবাদ-বস্তুবাদৰ আঁচোৰত বিহুৰ জীপাল ৰূপটি তেনেই জুৰুলা হৈ পৰিল।
দেখা গৈছে, এতিয়া অসমত গছ-বিৰিখৰ ন-কুঁহিপাত, কুলি-কেতেকীৰ মিঠা মাতত বিহু নাহে, বিহু আহে নিতৌ মুক্তিলাভ কৰা শ-শ বিহুগীত আৰু নিউজ চেনেল সমূহে নিতৌ অনুষ্ঠিত কৰা বিহু বিষয়ক বৰ্ণাঢ্য কাৰ্যসূচীবোৰৰ গীত-মাতৰ লহৰতহে। গছৰ তলৰ পৰা চোতাল গৰকি মঞ্চলৈ অহা চহা জীৱনৰ প্ৰাণৰ উৎসৱ বিহুটিক কৃষিৰ সৈতে সামান্যতমো সম্পৰ্ক নথকা সকলেহে উলহ-মালহৰে উদ্যাপন কৰিবলৈ লৈছে। বিহুৰ ঐতিহ্য-পৰম্পৰাৰ জ্ঞান নথকা, সন্মান কৰিব নজনা সস্তীয়া ৰুচিবোধৰ এচাম বিত্তৱান লোকে বিহুৰ দায়িত্ব লাভ কৰাৰ লগে লগে বিহু ক্ৰমাৎ প্ৰদূষিত হ’বলৈ ধৰিছে।
আজি শত স্বপ্নৰ দীঘ-বাণীৰে সজোৱা চেনেহীৰ হেঁপাহৰ বিহুৱানখন কলিকতা, মাদ্ৰাজৰ কটন মিলৰ পৰা বাটকুৰি বাই আহি ফাগুনৰ মাজভাগতে চহৰৰ অভিজাত ক্লথ্ ষ্ট’ৰ বা শ্বপিং মলৰ শ্ব’কেছত শোভাবৰ্ধন কৰেহি। এতিয়া আৰু চ’তৰ শেষত ঢেকীৰ ধৰণী কঁপোৱা মাত শুনিবলৈ পোৱা নাযায়। আধুনিকতাই কোবোৱা গৃহিনীহঁতে অসমীয়া পিঠা-পনাৰ ঠাইত হোটেলৰ নানা সুস্বাদু মিঠাই, বুন্দিয়া ভূজিয়া, লুচি-ভাজি আদিৰেই অথবা বজাৰৰ পৰা কিনি অনা জা-জলপান, পিঠা-পনাৰ পেকেটবোৰৰেই ‘পৰৰ পিঠাৰে বিহু’ পাতে।
জীৱনত কাহানিও নাঙল স্পৰ্শ নকৰা, পথাৰৰ বোকা খচকি নোপোৱা ডেকা-গাভৰুসকল শ্ৰেষ্ঠ ঢুলীয়া, বিহু সম্ৰাজ্ঞী, বৰবিহুৱতী হোৱাটো আজি সাধাৰণ কথা হৈ পৰিছে। বহু লাখ টকীয়া বিলাসী গাড়ী, মহানগৰীৰ মাজমজিয়াৰ ফ্লেট, বিভিন্ন আ-অলঙ্কাৰ, পাট-মূগাৰ ছেট, হাজাৰ হাজাৰ টকাৰ উপহাৰ সামগ্ৰী আদিৰ স্বপত বলিয়া হৈ সম্পূৰ্ণ প্ৰতিযোগীতামুখী প্ৰফেচনেল মানসিকতাৰে ফাগুনৰ মাজভাগৰ পৰাই আখৰাত ব্যস্ত হৈ পৰে বিহুৱা ডেকা-গাভৰু। আজি পৰিৱৰ্তনৰ ধামখুমীয়াত পৰি বিহু এনে এক পৰ্যায় পাইছেগৈ, য’ত নেকি এক বুজন পৰিমাণৰ পুৰস্কাৰ বা টকা নহ’লে নাচনীয়ে কঁকাল নুঘূৰায়, ঢুলীয়াৰ ঢোলে নদগৰে, পেঁপাটিয়েও প্ৰাণ পাই নুঠে। চ’ত-বহাগৰ সংক্ৰান্তিৰ দিনাৰ পৰা বহাগৰ ছদিনৰ ভিতৰত সম্পূৰ্ণ হ’ব লগা সাতবিহু এতিয়া বিভিন্ন নাম লৈ জেঠ-আষাৰ মাহ পৰ্যন্ত অনুষ্ঠিত হয়।
অঞ্চলটোৰ বা গাঁওখনৰ উঠি অহা ল’ৰা-ছোৱালীখিনিক নৃত্য-গীত পৰিৱেশনৰ পৰা বঞ্চিত কৰি আঁতৰৰ কোনোবা নামী-দামী জনপ্ৰিয় শিল্পীক মাতি আনি গীত গোৱালেহে বিহুমেলাৰ মান বৃদ্ধি হ’ব— এই ধৰণৰ মানসিকতাই আজি সমাজখনত বাৰুকৈয়ে শিপাইছে। জাতীয় কলা-কৃষ্টিৰ জ্ঞান নথকা, এটি-দুটি সস্তীয়া গীত গায়েই বাতৰি কাকত, নিউজ চেনেলত বিজ্ঞাপনৰ ফুলজাৰিৰে জনপ্ৰিয়তাৰ লেবেল লগোৱা এনে বহু পাবত গজা ‘শিল্পী’য়ে নিশা দুপৰত মঞ্চত উঠি ৰাইজলৈ হাত-ভৰি সকলো এছাৰি, গীত নাগাওঁতেই ৰাইজক নিৰ্লজ্জৰ দৰে হাত চাপৰি বিচাৰি যি এক বিকৃত পৰিৱেশৰ সৃষ্টি কৰে, সেয়া নিশ্চয়কৈ নিন্দনীয়। বিহুৰ মান-মৰ্যাদা, স্বকীয়তা পাহৰি এনে তথাকথিত বিহুমেলাবোৰত এনে শিল্পীয়ে পৰিৱেশন কৰা গীতৰ তালে তালে সুৰাসক্ত যুৱক-যুৱতীয়ে মঞ্চৰ সন্মুখভাগত কৰা অসভ্যালি আৰু সীমা চেৰাই যোৱা অতপালিবোৰ এতিয়া নিচেই চিনাকি দৃশ্যত পৰিণত হৈছে।
পুৱতি নিশালৈকে বিহুৰ অনুষ্ঠান কৰি উভতি অহাৰ পথত প্ৰতি বছৰেই আমি বহুকেইগৰাকী প্ৰতিভাৱান শিল্পীক হেৰুৱাব লগা হৈছে। আজি আমি মদৰ যোগাৰ নহ’লে বিহু পাতিব নোৱৰা হৈছোঁ। আজি আমাৰ বহু গ্ৰামাঞ্চলত হুঁচৰি গাবলৈ যোৱাৰ নামত দোভাগ ৰাতি গাভৰু ছোৱালী থকা ঘৰৰ পদুলিত মাতাল যুৱকৰ বহুৱালিৰ দৃশ্য চিনাকি হৈ পৰিছে। তাতোকৈ পৰিতাপৰ কথা আজি অসমীয়া ৰাইজে বিহুৰ বতৰত বিহুমেলাখন পাতিবলৈ বিদেশী বণিয়া কোম্পানীৰ ওচৰত আৰ্থিক সহায় (স্পনছৰ) বিচাৰি হাত পাতিবলগীয়া হৈছে। জাতিটোৰ স্বাভিমানস্বৰূপ বিহুত সম্প্ৰতি দেখা দিয়া এই পৰিৱৰ্তিত পৰিস্থিতি আৰু নেতিবাচক চিন্তা-চেতনা, কৰ্মকাণ্ড কিহৰ পৰিচায়ক— সচেতন লোকসকলে এবাৰ ভাবি চোৱা ভাল।
আজি কিছু বছৰৰ পৰা এনেধৰণৰ কিছুমান অপতৃণে বিহুক ক্ৰমশঃ এনেদৰে গ্ৰাস কৰিবলৈ ধৰিছে যে আমাৰ উঠি অহা প্ৰজন্মই অতি কম দিনৰ ভিতৰত বিহু সম্পৰ্কত এক নেতিবাচক ভুল আৰু বিকৃত ধাৰণা যে গ্ৰহণ কৰিব, সেয়া সহজে অনুমেয়। নিশ্চিতভাৱে অসমৰ ভৱিষ্যৎ প্ৰজন্মলৈ বিহুৰ অমিয়া ৰূপ-ৰস অক্ষয়-অব্যয় ৰূপত প্ৰবাহিত কৰি নিয়াৰ দায়িত্ব আৰু কৰ্তব্য কান্ধ পাতি ল’ব লাগিব আজিৰ প্ৰতিগৰাকী সচেতন অসমীয়াই। ৰূপান্তৰৰ ৰূপকাৰ জ্যোতিপ্ৰসাদে কৈছিল— “ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে।” বিহুলৈ অহা এই ৰূপান্তৰ বা পৰিৱৰ্তনসমূহক নিয়ন্ত্ৰিত আৰু পৰিশীলিত ৰূপত আদৰি লৈ, বৰ্তমান আমাৰ সমাজত বিহুক কেন্দ্ৰ কৰি যিবোৰ নেতিবাচক চিন্তা-চৰ্চা আৰু অপসংস্কৃতি গঢ় লৈ উঠিছে, সেইবোৰ আঁতৰাই জাতিটোৰ সুস্থ চিন্তা-চেতনাক ঊৰ্ধ্বত ৰাখি মানসিক দিশটোক নিকা কৰাৰ অৰ্থে প্ৰতিজন অসমীয়াই আন্তৰিকতাৰে চেষ্টা কৰাটো অতিকে প্ৰয়োজনীয় হৈ পৰিছে। আমি পাহৰি যাব নালাগে যে বিহুৰ অন্তৰ্নিহিত তাৎপৰ্যই হ’ল অসমীয়া সংস্কৃতিৰ, অসমীয়া জাতিৰ দাপোণ। আমি বিহুৰ অতীতৰ সেই বিনন্দীয়া ৰূপটি ঘূৰাই আনিব নোৱাৰিলেও চেষ্টা কৰিলে ইয়াৰ পৰম্পৰাগত ৰীতি-নীতি আৰু ঐতিহ্য ৰক্ষা কৰি উঠি অহা চামলৈ শুদ্ধ ৰূপত বিহুক প্ৰৱাহিত কৰাৰ ক্ষেত্ৰত কিছু হ’লেও সফল হ’ব পাৰিম।
এই গভীৰ প্ৰত্যাশাৰেই সকলোলৈকে জাতিটোৰ আয়ুসৰেখা অতিকৈ চেনেহৰ বিহুটি আৰু অসমীয়া নতুন বছৰটিৰ আন্তৰিক শ্ৰদ্ধা, সেৱা আৰু শুভ কামনা জনালো। বছৰটো সকলোৰে কুশলে যাওক।
❧ | আৰু পঢ়ক:
- বহাগ বিহুৰ পৰম্পৰা
- সাম্প্ৰতিক ৰঙালী বিহু
- নিষিদ্ধ বিহু পুনৰুদ্ধাৰ: মৈমত টাটিঙা আৰু সংগীবৃন্দ
- আধুনিকতাৰ চাকনৈয়াত হেঁপাহৰ ব’হাগ: জাতিৰ আয়ুস ৰেখা হৈ থাকিবনে
- কুসুম বৰাৰ গল্প: ‘বিহু বিনন্দীয়া’
Featured Image: Nayan j Nath via Wikimedia Commons (CC4.0)