জী ৱন এক অবিৰত যাত্ৰা, য’ত প্ৰতিজন মানুহেই সফলতা, সুখ আৰু নিজৰ সম্ভাৱনাৰ শিখৰ স্পৰ্শ কৰিব বিচাৰে। কিন্তু এই যাত্ৰা সদায় মসৃণ নহয়— ই বাধা, ব্যৰ্থতা, সংশয় আৰু প্ৰত্যাহ্বানেৰে ভৰা। এনে পৰিস্থিতিত মানুহক আগুৱাই নিয়া দুটা মূল শক্তি হৈছে উৎসাহ আৰু সমালোচনা। এই দুয়োটাৰ সঠিক সংমিশ্ৰণে সফলতাৰ মন্ত্ৰ হিচাপে কাম কৰে।
উৎসাহ হৈছে জীৱনৰ ইন্ধন। যেতিয়া কোনোবাই কয়— ‘তুমি পাৰিবা’, ‘তোমাৰ কাম ভাল হৈছে’,— তেতিয়া মনত এক নতুন শক্তি জাগৰিত হয়। এই উৎসাহে ভয়, সংশয় আৰু হতাশাক দূৰ কৰি কৰ্মৰ প্ৰতি অধিক নিষ্ঠা জন্মায়। উৎসাহে মানুহক সপোন দেখিবলৈ, সেই সপোনক বাস্তৱত পৰিণত কৰিবলৈ আৰু ব্যৰ্থতাৰ পিছতো পুনৰ আগুৱাই যোৱাৰ শক্তি দিয়ে। ই এক প্ৰকাৰৰ আৱেগিক সমৰ্থন, যিয়ে জীৱনৰ প্ৰত্যাহ্বানসমূহক সহজ কৰি তোলে। অধিকাংশ সফল ব্যক্তিয়ে স্বীকাৰ কৰে যে তেওঁলোকৰ জীৱনত কোনোবা এজন ব্যক্তিৰ উৎসাহমূলক কথাই তেওঁলোকক ডাঙৰ সিদ্ধান্ত ল’বলৈ সাহস যোগাইছিল।
আনহাতে সমালোচনা হৈছে দাপোণৰ দৰে। ই আমাক নিজৰ দুৰ্বলতা, ভুল আৰু উন্নতিৰ স্থান দেখুৱায়। যদি সমালোচনা গঠনমূলক হয়, তেন্তে ই কেৱল দোষ দেখুৱাই দিয়াই নহয়, কেনেকৈ তাক সংশোধন কৰিব পাৰি, তাৰ পথো দেখুৱায়। সমালোচনাই অহংকাৰ ভাঙি নম্ৰতা শিকায় আৰু কৰ্মক নিখুঁত কৰিবলৈ বাধ্য কৰে। যেনে— এজন লেখকে যদি তেওঁৰ লিখনিৰ ভাষা বা যুক্তিৰ দুৰ্বলতাৰ বিষয়ে সমালোচনা পায়, তেন্তে তেওঁ সেয়া গ্ৰহণ কৰি অধিক উন্নত লেখা লিখিব পাৰে। সমালোচনাক ভয় নকৰি গ্ৰহণ কৰিলে ই ব্যক্তিগত বিকাশৰ এক ডাঙৰ অস্ত্ৰ হৈ পৰে। কিন্তু যদি সমালোচনা কেৱল নেতিবাচক বা ব্যক্তিগত আক্ৰমণ হয়, তেন্তে ই হতাশাৰ সৃষ্টি কৰিব পাৰে। গতিকে সমালোচনাৰ উৎস আৰু উদ্দেশ্য বুজি লোৱাটো জৰুৰী।
উৎসাহ আৰু সমালোচনাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটোৱেই মূল কথা। কেৱল উৎসাহ পালে অহংকাৰ বাঢ়িব পাৰে আৰু উন্নতিৰ পথ বন্ধ হ’ব পাৰে। আকৌ কেৱল সমালোচনাই মন ভাঙি দিব পাৰে আৰু আত্মবিশ্বাস নষ্ট কৰিব পাৰে। দুয়োটাৰে সংমিশ্ৰণতহে মানুহ সঠিক দিশত আগবাঢ়ে। উৎসাহে ‘তুমি কৰিব পাৰা’ বুলি কয়, সমালোচনাই ‘এইদৰে কৰিলে আৰু ভাল হ’ব’ বুলি পথ দেখুৱায়।
জীৱনত সফলতা আহে কঠোৰ পৰিশ্ৰম, শিক্ষা আৰু অবিৰত প্ৰচেষ্টাৰ জৰিয়তে। উৎসাহে সেই যাত্ৰাক আনন্দময় কৰে আৰু সমালোচনাই তাক অধিক পূৰঠ কৰে। গতিকে উৎসাহৰ পৰা শক্তি আৰু সমালোচনাৰ পৰা শিক্ষা লোৱা উচিত। এই দুয়োটা মন্ত্ৰৰ সঠিক ব্যৱহাৰে জীৱনক সফলতাৰ শিখৰলৈ লৈ যায়। আত্মবিশ্বাসেৰে আগুৱাই গৈ, ভুলৰ পৰা শিকি আৰু সদায় নিজৰ উন্নতিৰ বাবে নিজৰ মস্তিষ্কক মুকলি কৰি ৰখাই হৈছে সফলতাৰ সোপান।
❧ | আৰু পঢ়ক:
- মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যবিধি
- খোজ, খোজকঢ়া আৰু খোজ-কাটল
- ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক
- বিজ্ঞানত ভগৱানৰ ছাঁ
- বৰদোৱা আৰু বৰপেটাৰ দৌল উৎসৱ