বিজ্ঞানত ভগৱানৰ ছাঁ

বিজ্ঞানত ভগৱানৰ ছাঁ
  • 18 Feb, 2024

০০৮ চনৰ ১০ নৱেম্বৰ,— হাৰ্ভাৰ্ডৰ নিউৰ’চাৰ্জন ড° ইবেন আলেকজেণ্ডাৰ (Eben Alexander) গভীৰ ক’মাত সোমাই পৰে। তেওঁ ভুগিছিল E. coli meningo encephalitis ৰোগত, অৰ্থাৎ তেওঁৰ মগজুক ই ক’লাই বেক্টেৰিয়াই আক্ৰমণ কৰিছিল। চিকিৎসকসকলৰ নিৰীক্ষণত গম পোৱা গ’ল যে তেওঁৰ মগজুৰ বহু অংশ প্ৰায় বিকল হৈ পৰিছিল। বাচি থকাৰ সম্ভাৱনা আছিল প্ৰায় ২ %। দুদিনমান পাছত তেওঁৰ বন্ধু, আত্মীয়-স্বজনক মাতি অনা হ’ল— উদ্দেশ্য আছিল শেষ অনুষ্ঠানৰ আয়োজন। চিকিৎসকসকলেও তেওঁক দি থকা এণ্টিবায়’টিক বন্ধ কৰিবলৈ পৰামৰ্শ দিলে, কিন্তু ঠিক তেনে সময়তে ১৭ নৱেম্বৰৰ দিনা তেওঁৰ চেতনা পুনৰ উভতি আহিল। চেতনাপ্ৰাপ্ত হৈয়েই আলেকজেণ্ডাৰে ক’লে, তেওঁ স্বৰ্গ দেখিছিল‌!

ইবেন আলেকজেণ্ডাৰ

ইবেন আলেকজেণ্ডাৰ | ছবি: ebenalexander.com

আলেকজেণ্ডাৰে সম্পূৰ্ণ ঘটনাৰাজি তেওঁৰ Proof of Heaven নামৰ কিতাপখনত লিখি থৈছে। চিকিৎসালয়ত প্ৰৱেশ কৰাৰ আগতে আলেকজেণ্ডাৰে ঈশ্বৰত বিশ্বাস কৰা নাছিল। তেওঁৰ ধাৰণা আছিল যে ভগৱান থকাৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই। কিন্তু যেতিয়া ক’মাৰ পৰা সাৰ পাইছিল, তেওঁ হৈ পৰিছিল পৰলোক আৰু ঈশ্বৰত বিশ্বাস কৰা এজন লোক। পোন্ধৰ বছৰে হাৰ্ভাৰ্ড মেডিকেল স্কুলত শিক্ষকতা কৰা এজন ভগৱান-বিশ্বাসী লোক। পৰৱৰ্তী সময়ত কিছু গৱেষকে আলেকজেণ্ডাৰৰ অভিজ্ঞতাক এণ্ডৰ্ফিনত (সুখানুভূতিৰ ৰসায়ন) ডুব যোৱা মস্তিষ্কৰ ভ্ৰম বুলি খণ্ডন কৰিছিল। এনে ধৰণৰ মৃত্যু-সমীপ অভিজ্ঞতা অথবা ঈশ্বৰ-অনুভৱৰ বিষয়ে অসংখ্য কিতাপ, গৱেষণা, প্ৰবন্ধ ইতিমধ্যেই প্ৰকাশিত হৈছে। প্ৰশ্ন হয় যে এনে ব্যক্তিগত অভিজ্ঞতাৰ ভেটিত নিজৰ বিশ্বাসক প্ৰতিষ্ঠা কৰা ঘটনাক ভগৱান কিম্বা অলৌকিক শক্তিৰ অৱস্থিতিৰ সাক্ষ্য বুলি ধৰিব পাৰি নে নোৱাৰি?

প্ৰুফ অৱ হেভেন

প্ৰখ্যাত নিউৰ’বিজ্ঞানী ভি এচ ৰামচন্দ্ৰনে ১৯৯৮ চনত তেওঁৰ Phantoms in the Brain নামৰ কিতাপখনত উল্লেখ কৰিছিল যে আত্মানুভূতিৰ চেতনা মগজুৰ আৱেগৰ লগত জড়িত অংশৰ পৰা প্ৰাপ্ত হয়, চিন্তা আৰু যুক্তিৰ লগত জড়িত অংশসমূহে এই ক্ষেত্ৰত ভূমিকা নলয়। পৰৱৰ্তী সময়ত বিজ্ঞানী ডেভিড কামিংছে তেওঁৰ Did Man Create God কিতাপখনত ব্যাখ্যা কৰিছিল যে মস্তিষ্কৰ পাৰ্শ্বীয় পিণ্ডত হোৱা উদ্দীপনাৰ দ্বাৰাই আধ্যাত্মিকতাৰ অনুভূতি প্ৰাপ্ত হয়; Temporal lobe epilepsy-ত ভোগা মানুহে এই অনুভূতি পোৱাৰ সম্ভাৱনা প্ৰবল।

হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ মাইকেল ফাৰ্গুছনৰ শেহতীয়া গৱেষণা অনুসৰি ধৰ্ম আৰু আধ্যাত্মিকতাৰ অনুভৱ এক নিউৰেল নেটৱৰ্কে নিয়ন্ত্ৰণ কৰে, যাৰ কেন্দ্ৰবিন্দু হৈছে মগজুৰ Periaqueductal gray নামৰ অংশ। উপলব্ধ তথ্যসমূহৰ আধাৰত সন্দেহ কৰিব পাৰি যে যিসকল লোকে অলৌকিকতা অনুভৱ কৰে, সেয়া হয়তো মানসিক গতিবিধিৰ ফলহে মাথোন। ভগৱানে হয়তো স্বৰ্গত নহয়, মগজুৰ নিউৰেল নেটৱৰ্কতহে বাস কৰে! অৱশ্যে উল্লিখিত গৱেষণাসমূহৰ পুনৰূৎপাদকতা, কাৰিকৰী শুদ্ধতা আৰু বৈজ্ঞানিক ব্যাখ্যাত এতিয়াও প্ৰশ্নচিহ্ন আছে। অৰ্থাৎ নিখুঁতভাৱে আজিও বৈজ্ঞানিক পদ্ধতিৰে প্ৰমাণ কৰিব পৰা হোৱা নাই যে ভগৱানৰ সৃষ্টি আমাৰ মস্তিষ্কত থকা কোটি কোটি নিউৰণ কোষৰ কাৰ্যকলাপহে। বিজ্ঞানত Neurotheology বুলি এক বিভাগেই সৃষ্টি হৈছে, যি আধ্যাত্মিকতা আৰু মস্তিষ্কৰ সম্পৰ্কৰ বিষয়ে নিৰন্তৰ গৱেষণা অব্যাহত ৰাখিছে।

এইখিনিতে মন কৰিবলগীয়া কথাটো হ’ল যে মস্তিষ্ক-ভগৱান সম্পৰ্কীয় গৱেষণাৰ মূল বিষয় Partial Epilepsy বা আংশিক মৃগী নামৰ বিকাৰৰ ব্যাখ্যা ভিন ভিন ধৰ্মতো উল্লেখ আছে। আয়ুৰ্বেদত Epilepsy-ক কোৱা হৈছে ‘অপস্মাৰ’ বুলি; নৃত্যৰত নটৰাজৰ ভৰিৰ তলত এজন বাওনা মানুহক দেখা যায়,— সেইজনৰ নামেই অপস্মাৰ, যাৰ প্ৰতীকাত্মক অৰ্থ হৈছে অজ্ঞানতা। ৰোমানসকলে Epilepsy-ক কৈছিল Morbus Sacer (পৱিত্ৰ বেমাৰ) অথবা Morbus Deificus (ঈশ্বৰ সৃষ্ট বেমাৰ) বুলি। এনে ধাৰ্মিক আখ্যানৰ সহজ ব্যাখ্যা হ’ল যে পুৰণি কালত (পাৰ্শ্বীয়) মৃগী বেমাৰক লৈ মানুহৰ জ্ঞান সীমিত আছিল, সেইবাবেই ইয়াক ভগৱান সৃষ্ট বেমাৰ বুলি ধৰি লোৱা হৈছিল। কিন্তু এনেও হ’ব পাৰে নেকি যে ঈশ্বৰ অনুভূতিৰ সময়ত হোৱা মস্তিষ্কৰ পৰিৱৰ্তন আচলতে ভগৱান থকাৰহে প্ৰমাণ, কাৰণ সেই সময়ত ভগৱান আৰু মনুষ্যৰ মাজত সম্পৰ্ক স্থাপন হয়— ঈশ্বৰ বিশ্বাসীজনে বিজ্ঞান আৰু ধৰ্মীয় দৰ্শনৰ মাজত যোগসূত্ৰ এইদৰেও স্থাপন কৰিব পাৰে!

বিজ্ঞানত ভগৱান

নটৰাজ

যিদৰে তাৰ্কিক মনে বিচৰা পৰীক্ষামূলক প্ৰমাণ ধৰ্মীয় দৰ্শনত নাই, সেইদৰে ভগৱানৰ ভূমিকাক খণ্ডন কৰিব পৰা তথ্যও মগজুৰ স্কেনবোৰত পাবলৈ টান। স্নায়ু-বিজ্ঞানে ভৱিষ্যতে মস্তিষ্কৰ কাৰ্যকাৰিতাৰ বিষয়ে হয়তো সম্পূৰ্ণ ব্যাখ্যা আগবঢ়াব পাৰিব, কিন্তু মস্তিষ্কৰ স্নায়ৱিক পৰিৱৰ্তন যে ভগৱানৰ ইচ্ছাত সংঘটিত হোৱা নাই,— সেই কথা প্ৰমাণ কৰিবলৈ অসুবিধাৰ সন্মুখীন হ’ব।

প্ৰতিজন ঈশ্বৰ বিশ্বাসীয়ে এক বিৰল শক্তিৰ অৱস্থিতিক মানি লয়, যি আমাৰ অভ্যন্তৰীণ মন আৰু বাহ্যিক সৃষ্টিত প্ৰভাৱ পেলায়। ওপৰৰ দফাটোত ঈশ্বৰৰ অভ্যন্তৰীণ প্ৰভাৱৰ বিষয়ে বিশ্লেষণ কৰা হ’ল। এতিয়া আহোঁ বাহ্যিক প্ৰভাৱলৈ।

প্ৰিন্সিপিয়াৰ General Scholium-অত নিউটনে উল্লেখ কৰিছিল যে স্থান (space) আৰু কাল (time) ভগৱানৰ দ্বাৰাই গঠিত হৈছে। নিউটনে আনকি স্থানক ভগৱানৰ জ্ঞানেন্দ্ৰিয় (sensorium) বুলিও ব্যাখ্যা কৰিছিল। নিউটনৰ এই ধাৰ্মিক বিশ্বাসেই তেওঁৰ গতি আৰু মহাকৰ্ষণীয় সূত্ৰৰ সৰ্বজনীনতাক ন্যায্যতা প্ৰদান কৰাত সহায় কৰিছিল। যিহেতু সমগ্ৰ স্থান-কাল এজন ঈশ্বৰৰে জ্ঞানেন্দ্ৰিয় তথা প্ৰকৃতিৰ নিয়মবোৰো সেই একেজন ঈশ্বৰৰে ইচ্ছাৰ ফল, গতিকে নিউটনে উলিওৱা সূত্ৰৰ পৰিসৰ আৰু প্ৰভাৱো সৰ্বজনীন হ’ব লাগিব। নিউটনে সৰ্বজনীনতাৰ ক্ষেত্ৰত ‘ভগৱান’ নামৰ ৰহস্যৰ সহায় লৈছিল যদিও ধৰ্মৰ দ্বাৰা পূৰ্বপ্ৰতিষ্ঠিত দুটা ধাৰণা তেওঁ নশ্চ্যাৎ কৰিছিল—

১. স্থান-কালভেদে যিহেতু প্ৰকৃতিৰ নিয়মৰ সলনি নহয়, গতিকে ক’ৰবাত যদি স্বৰ্গ বা নৰকো আছে, সেই ঠাইতো নিউটনৰ গতিসূত্ৰ খাটিব। অৰ্থাৎ অলৌকিক দেৱলোকৰ ধাৰণা নিউটনে নশ্চ্যাৎ কৰিছিল।
২. নিউটনৰ সূত্ৰ ব্যৱহাৰ কৰি সাধাৰণ কলেজীয়া ছাত্ৰ-ছাত্ৰীয়েও নিখুঁতভাৱে ভৱিষ্যদ্বাণী কৰিব পৰা হৈছিল। ধৰক, ৩০ কি.মি./ঘণ্টাত দৌৰি থকা মানুহটোৰ জালুকবাৰীৰ পৰা মালিগাঁৱলৈ যাবলৈ কিমান সময় লাগিব? এনে প্ৰশ্নৰ নিখুঁত উত্তৰ ভাববাদী দৰ্শনৰ দ্বাৰা কেতিয়াও সম্ভৱ হোৱা নাছিল, যদি হৈছিল কেৱল দৈৱিক শক্তিৰ দ্বাৰাহে হৈছিল।

নিউটনীয়ান যুগৰ পাছতো ব্ৰহ্মাণ্ডৰ বিষয়ে ভিন ভিন আৱিষ্কাৰ হৈ থাকিল, অৱশ্যে আৱিষ্কাৰত ব্যৱহৃত সমীকৰণবোৰত এবাৰো ভগৱানৰ নাম নাহিল। বিংশ শতিকাৰ প্ৰথমভাগত এডৱিন হাবল, হুমাছন আদি জ্যোতিৰ্বিজ্ঞানীসকলে দেখুৱালে যে বিশ্ব-ব্ৰহ্মাণ্ড ক্ৰমান্বয়ে বিস্তাৰিত হৈ গৈ আছে। তাৰ পৰায়েই ধাৰণা আহিল Big Bang অথবা মহাবিস্ফোৰণ তত্ত্বৰ— আজিৰ বিশ্বব্ৰহ্মাণ্ডখনৰ আৰম্ভণি হৈছিল এটা অত্যন্ত উষ্ণ আৰু ঘন বিন্দুৰ পৰা। পৰৱৰ্তী প্ৰায় ১৩৮০ কোটি বছৰ ই সম্প্ৰসাৰিত হৈ হৈ আজিৰ মহাবিশ্বৰ অৱস্থা পাইছেহি। বিজ্ঞানত মহাবিস্ফোৰণ তত্ত্বক প্ৰশ্ন কৰাসকলে Inflation theory, Multiverse আদিৰ ধাৰণা আগবঢ়াইছে। সেয়া যি নহওক লাগিলে, এটা কথা স্পষ্ট যে বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তিৰ মূলতে এক পূৰ্বৱৰ্তী ভৌতিক অৱস্থা আছিল যাৰ পৰা বাকী মহাবিশ্বৰ উৎপত্তি হ’ল। প্ৰশ্ন হয় যে এই পূৰ্বৱৰ্তী অৱস্থাৰ উৎপত্তি কেনেকৈ হৈছিল? এটা ভৌতিক অৱস্থাৰ পৰা আন এটা ভৌতিক অৱস্থা সৃষ্টিৰ আৰ্হি বিজ্ঞানে দিব পাৰিব, কিন্তু সম্পূৰ্ণ শূন্যৰ পৰা সৃষ্টিৰ ব্যাখ্যা দিয়াত বিজ্ঞান অসুবিধাৰ সন্মুখীন হয়।

বিজ্ঞানৰ এই সীমাবদ্ধতাৰ স্থানতে ধৰ্ম আগবাঢ়ি আহে। এনে হ’ব পাৰে নেকি যে এক বিৰল শক্তিৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল আৰু পাছৰ অৱস্থাত ব্ৰহ্মাণ্ডক নিজগুণে বিবৰ্তন হ’বলৈ দিয়া হ’ল; তাৰ পাছত পৰ্যায়ক্ৰমে আমি আজিৰ অৱস্থাত উপনীত হ’লোহি! কিন্তু তেতিয়া প্ৰশ্ন হ’ব যে ভগৱানৰ উৎপত্তি নো কেনেকৈ হৈছিল? তাৰ্কিক মনে বিচৰা ইয়াৰ স্পষ্ট উত্তৰ ধৰ্মীয় দৰ্শনতো পাবলৈ নাই।

উপৰ্যুক্ত আলোচনাৰ পৰা দেখা গ’ল যে বিজ্ঞান আৰু ধৰ্ম কোনোটোয়েই ভগৱানক প্ৰমাণ বা খণ্ডন কৰিবলৈ সক্ষম হোৱা নাই। বিজ্ঞানে যিহেতু ধৰ্মতকৈ অধিক চাক্ষুষ, তৰ্কসংগত আৰু পৰীক্ষালব্ধ প্ৰমাণ আগবঢ়ায়, সেইবাবে এনে অনুভৱ হয় যে পৰৱৰ্তী সময়ত বিজ্ঞানে হয়তো ভগৱানৰ অস্তিত্বক নস্যাৎ কৰিবলৈ সক্ষম হ’ব! লেখক যিহেতু বিজ্ঞানৰ গৱেষক, সেইবাবে এই অনুভৱত conflict of interest নথকা নহ‌য়। কিন্তু সত্য অনুসন্ধানৰ পথটোত আস্থা-বিশ্বাস আৰু গুৰুত্বপূৰ্ণভাৱে দাৰ্শনিক যুক্তিক সাৰথি কৰি ধৰ্ম আজিও দৃঢ়ভাৱে বৰ্তি আছে। বিজ্ঞানী পাস্কেলৰ মতে ভগৱান থকা বা নথকাক লৈ যিহেতু উপযুক্ত প্ৰমাণ নাই, গতিকে আমাৰ বাজি ভগৱানৰ ফালে লগোৱাই মঙ্গল। যদি ভগৱান আছে আৰু ভগৱানক বিশ্বাস কৰা যায়, তেন্তে স্বৰ্গপ্ৰাপ্তি হ’ব। কিন্তু যদি ভগৱান আছে আৰু ভগৱানক বিশ্বাস কৰা নাযায়, তেতিয়া নৰকলৈ যাব লাগিব, যিটো এক ভয়ংকৰ কথা হ’ব! গতিকে, ভগৱানক বিশ্বাস কৰাটোৱেই যুগুত।

বাস্তৱ ক্ষেত্ৰত, ভগৱান-বিশ্বাস পাস্কেলে কোৱাৰ দৰে কেৱল যুক্তিত প্ৰতিষ্ঠিত নহয়। ভগৱান বিশ্বাসৰ লগত সংবেদনশীল অভিজ্ঞতা আৰু আৰ্থসামাজিক পৰিৱেশৰ প্ৰত্যক্ষ সম্পৰ্ক থাকে। এণ্ট’নিঅ’ ডামাচিয়’ৰ গৱেষণাত দেখা যায় যে মানুহে কোনো অভ্যাসৰ পুনৰাবৃত্তি কৰি‌ থাকিলে তাৰ প্ৰতিক্ৰিয়া স্বৰূপে মগজুৰ গঠন আৰু তাৰ কাৰ্যকাৰিতা সলনি হয়, ইয়াকে neuroplasticity বুলি কোৱা হয়। ধাৰ্মিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা ল’ৰা এজন শেষত ডাঙৰ বৈজ্ঞানিক হ’লেও তেওঁৰ ভগৱান-বিশ্বাস থাকিব পাৰে; ইয়াৰ বিপৰীতে আৰ্থিকভাৱে সচ্ছল, উদাৰমনা ঘৰ এখনত সৰুৰ পৰা বস্তুবাদৰ মাজত থাকি ডাঙৰ হোৱা ল’ৰা এজন নাস্তিক হ’লেও তাত আচৰিত হ’ব লগা নাই। তদুপৰি ব্যক্তিগত জীৱনৰ তিতা-মিঠা অভিজ্ঞতাও ভগৱানক কৰা বিশ্বাস-অবিশ্বাসৰ কাৰক হৈ পৰে। গণিতজ্ঞ আৰু আধুনিক AI-ৰ ভেটি গঢ়োঁতা ভন নইমেনে মাকৰ শাৰীৰিক অসুস্থতা দেখি কৈছিল, “There is probably a God, many things are more easily explained if there is one than if there isn’t one.”

সাধাৰণ অৰ্থত ভগৱান-বিশ্বাস হ’ল মানসিক, শাৰীৰিক, সামাজিক আৰু সাংস্কৃতিক অৱস্থাৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত উৎপন্ন হোৱা এক ফল। যদি ভগৱান আছেও/ নাইও, তাক সমসাময়িক বৈজ্ঞানিক পদ্ধতিৰে প্ৰমাণ/ খণ্ডন কৰাটো কঠিন। বিজ্ঞানে এই ক্ষেত্ৰত নিৰপেক্ষ হৈ আগবঢ়াটো কাম্য। ভগৱানৰ অস্তিত্বক লৈ বিজ্ঞান আৰু ধৰ্মৰ মাজত হ’ব পৰা চাৰিটা সম্বন্ধৰ কথা দাৰ্শনিক ইয়ান বাৰব’ৰে কৈছিল—

১. ইটোৱে সিটোৰ লগত সংঘাতত লিপ্ত হৈ এনে এটা অৱস্থা পাবগৈ, য’ত কেৱল এটাহে জয়ী হৈ ওলাই আহিব
২. ইটো সিটোৰ পৰা সম্পূৰ্ণ স্বাধীনভাৱে থাকি নিজা কৰ্মত ব্যস্ত থাকিব
৩. ইটোৱে সিটোৰ লগত পাৰস্পৰিকভাৱে আলোচনা কৰি সত্যৰ অন্বেষণত আগবাঢ়ি যাব
৪. ইটো সিটোৰ লগত একত্ৰ হৈ পৰিব, যাক কোৱা হ’ব Inclusive Metaphysics বুলি।

বৰ্তমান ভাৰতৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক প্ৰেক্ষাপটত ৩ নং সম্বন্ধৰ সপক্ষে মত পোষণ কৰিব পাৰি। বিজ্ঞান আৰু ধৰ্ম দুয়োটাই আমাক সুস্থ জীৱন-যাপনত সহায় কৰে, চিন্তাশীল মানুহক দুয়োটাই বিশ্বব্ৰহ্মাণ্ডৰ বৃহৎ ৰহস্যৰ বিষয়ে সোঁৱৰাই থাকে। এই ৰহস্যই জিজ্ঞাসা, দৰ্শন আৰু বৌদ্ধিক যুক্তিবাদৰ জন্ম দিয়ে; যাৰ সহায়ত আমি প্ৰকৃত সত্যৰ দিশত আৰু এখোজ আগুৱাই যাওঁ।

| আৰু পঢ়ক:

বিজ্ঞানত ভগৱানৰ ছাঁ | নৱজ্যোতি এন বৰা

Follow Nilacharai on Facebook