মা ত্ৰ তিনিটা আখৰৰ সমষ্টি যদিও ‘জীৱন’ৰ পৰিসৰ বিশাল। জীয়াই থকাৰ প্ৰবৃত্তিমূলক হেঁপাহৰ নামেই জীৱন। প্ৰত্যেকৰে জীৱনটো নিজৰ। সেয়েহে নিজৰ ইচ্ছাশক্তি, কৰ্ম তথা অধ্যৱসায়ৰ দ্বাৰাহে প্ৰত্যেকৰে জীৱন পৰিচালিত হয়। দুখ-বেদনাক সৃষ্টিৰ আনন্দলৈ ৰূপান্তৰিত কৰিব পাৰিলেহে জীৱনৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিব পাৰি। তাৰ বাবেই প্ৰয়োজন হয় ইতিবাচক চিন্তাৰ।
বৰ্তমান আমাৰ চৌদিশে পয়োভৰ ঘটা বিভিন্ন নেতিবাচক কথা-বাৰ্তা, চিন্তা-চৰ্চাই ব্যক্তিৰ মন-মগজুত কেনেদৰে ক্ৰিয়া কৰিবলৈ ধৰিছে, সেয়াও এক চিন্তনীয় বিষয়। পুৱা সাৰ পাই চকুৰ ফেচকুৰি মোহৰাৰ পৰা ৰাতি পুনৰ বিছনাত পৰাৰ আগমুহূৰ্তলৈকে ছ’চিয়েল মেডিয়াৰ বিভিন্ন আলোচনা, ডিজিটেল আৰু টেলিভিশ্যনৰ নিউজ চেনেল, বাতৰি কাকত, ওচৰ-পাজৰৰ মানুহৰ আলোচনা আদিবোৰে মন-মগজুক কি যোগান ধৰে বাৰু? বেছিভাগেই নিগেটিভিটি নহয়নে? আমাৰ পৰিৱৰ্তনশীল সমাজৰ বৰ্তমানৰ প্ৰেক্ষাপটটোক বিশ্লেষণ কৰিলে এটা কথা অতি সহজেই অনুভৱ কৰিব পাৰি যে সমাজত দিনক দিনে ঋণাত্মক চিন্তাৰ পয়োভৰ সোঁচৰা ব্যাধিৰ দৰে বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত অনেকৰে জীৱন হতাশাত পতিত হ’ব লগা হৈছে। এনে পৰিপ্ৰেক্ষিততে এটা অনুসংগৰ প্ৰয়োজন হয়, সেয়া হ’ল— ‘এটিটিউড’। এই এটিটিউডটো জন্ম পাব লাগিব এটা অধ্যয়নশীল, যুক্তিবাদী আৰু বিশ্লেষণধৰ্মী মন অৰ্থাৎ এক সুস্থিৰ মানসিক অৱস্থাৰ পৰা। মনৰ সুস্থিৰতা নাথাকিলে বা মনটো অধ্যয়নশীল নহ’লে ব্যক্তিৰ নৈতিক স্খলন বা ব্যক্তিৰ আদৰ্শৰ মেৰুকৰণ হোৱাটো স্বাভাৱিক।
শুদ্ধ এটিটিউডৰ অভাৱত মানৱ মন ঋণাত্মক কথা-চিন্তাবোৰৰ প্ৰতি অতি সহজেই আকৰ্ষিত হয়, ফলত কিছুমান অযুক্তিকৰ কথা-আলোচনাত নিজৰ নিজৰ চিন্তাক সীমাবদ্ধ কৰি মনটোক ঋণাত্মক দিশলৈ ধাৱিত কৰা হয়। ইয়াৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ সম্বল হৈছে সঠিক এটিটিউড। মানুহে জীৱনটোৰ অধিকতৰ সময় অপচয় কৰে সফলতা-বিফলতাৰ জোখ-মাখত। মানুহে বিচৰা মতে সফলতা নাপাবও পাৰে। বিচৰা মতে, ভবা মতে নাপালে বুলিয়েই জীৱনৰ প্ৰতি অনীহা আনি বিভিন্ন ঋণাত্মক দিশত নিজৰ মন-মগজুক নিয়োজিত কৰাতকৈ সেই অনাকাঙ্ক্ষিত ফলাফল বা পোৱাখিনিকে ইতিবাচকভাৱে লৈ বিচৰাখিনি পুনৰ অৰ্জন কৰিবলৈ নিজকে অনুপ্ৰাণিত কৰিব পৰাটোৱেই হ’ল শুদ্ধ এটিটিউড, যাৰ দ্বাৰা এজন ব্যক্তি আনৰ আগত কোনোদিনে হীনমন্যতাত ভুগিবলগীয়া নহয়। হোমেন বৰগোহাঞিদেৱে লিখি থৈ গৈছে— “সমগ্ৰ মানৱ জাতিক সাধাৰণতে দুটা শ্ৰেণীত ভাগ কৰিব পাৰি— সাধাৰণ মানুহ আৰু অসাধাৰণ মানুহ।… অসাধাৰণ মানুহ এনে প্ৰতিভা লৈ ওপজে, যি প্ৰতিভাৰ বলেৰে তেওঁ আন কাকো অনুসৰণ নকৰি নিজৰ বাট নিজে কাটি লয়।“ (প্ৰজ্ঞাৰ সাধনা) এই ‘অসাধাৰণ’ মনোভাৱকে এটিটিউড বুলি ক’ব পাৰি। বৰগোহাঞিদেৱৰ মতে— “কিতাপ নপঢ়ি কেৱল টেলিভিশ্যন চাই থকা মানুহবোৰৰ চিন্তাশক্তি দ্ৰুত গতিৰে হ্ৰাস পায়, তেওঁলোকৰ মগজুৰ ব্যায়াম একেবাৰেই নহয়।” (কিতাপ আৰু টেলিভিশ্যন) চাবলৈ গ’লে কথাষাৰ সম্পূৰ্ণ যুক্তিপূৰ্ণ।
আমি প্ৰতিদিনে সন্মুখীন হোৱা নিগেটিভিটিবোৰৰ উৎস কোনবোৰ বাৰু? আনৰ সৈতে হকে-বিহকে হোৱা যুক্তি-তৰ্ক, ভৱিষ্যতৰ অনিশ্চয়তা, কাৰোবাৰ প্ৰতি অভিযোগ, খং, আনৰ সমালোচনা, হিংসা, পৰচৰ্চা আদিয়েই নহয়নে? অপ্ৰিয় যদিও সত্য যে এইবোৰৰ পৰা মানুহে নিজকে আঁতৰাই ৰাখিব পৰাটোও সহজ বিষয় নহয়। তাৰবাবেই প্ৰয়োজন হয় অধ্যয়নশীল মনৰ। কিতাপৰ সৈতে কথা পাতিব পৰা, কিতাপৰ পৰা যুক্তি আহৰণ কৰিব পৰা, সেই যুক্তিৰে নিজৰ মানসিকতাক সুস্থিৰ কৰি নানা দুখ-কষ্ট আৰু সমস্যাৰ সন্মুখীন হ’বলৈ আনক কেৰেপ নকৰাকৈ নিজক গঢ় দিব পৰাটোকেই শুদ্ধ এটিটিউড বুলিব পাৰি। এজন ইতিবাচক কথা কোৱা, ইতিবাচক চিন্তা কৰা ভাতৃ, বন্ধুৱে আদিয়েও অৱশ্যে এই ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায়, যাৰ ফলত মনে ইতিবাচক শক্তি আহৰণ কৰিবলৈ সক্ষম হয়।
❧ | আৰু পঢ়ক: কথা ক’ব জানেনে আপুনি
চাবলৈ গ’লে মানুহে মনত নিজেই নিজৰ সীমা আঁকি লয়। কিন্তু জীৱনটোক এটা সঠিক দিশেৰে পৰিচালিত কৰিবলৈ এই সীমা মোহাৰি পেলোৱাটো অতিকৈ প্ৰয়োজনীয়। নিজৰ মনৰ অসন্তুষ্টিৰ বাবে ভাগ্যক দোষ দি, আনৰ প্ৰতি অভিযোগ ৰাখি কিবা জানো লাভ আছে? কোনে কাৰ জীৱনৰ কথা ভাবিব বা কোনে আনৰ জীৱনৰ দায়িত্ব ল’ব! নিজৰ সীমাবদ্ধতাক নিজে জয় কৰিব নোৱাৰিলে মনটোক কেতিয়াও নিগেটিভিটিৰ পৰা মুক্ত কৰিব পৰা নাযাব। মানুহে নিজেই নিজৰ সীমাবদ্ধতাখিনিক আওৰাই আওৰাই বুঢ়া হয়গৈ! প্ৰায় সময়তে আপত্তিজনক কিছুমান কথা, ধাৰণা মনৰ মাজতে কঢ়িয়াই লৈ ফুৰা হয় বাবেই সেই মনত নতুন সৃষ্টিমূলক বা উৎসাহজনক চিন্তাৰ আগমন কেতিয়াও নহয়। দিনৰ পাছত দিন পাৰ হয়, শৰীৰক বয়সে পৰিৱৰ্তন কৰে, কিন্তু মনৰ সীমাবদ্ধতাই মনটোক সদায় একে ঠাইতে অলৰ-অচল কৰি থয়। নিগেটিভিটি হ’ল এটা মনৰ বেমাৰ আৰু এই বেমাৰৰ প্ৰতিষেধক হ’ল নিজৰ চিন্তাশক্তি আৰু কৰ্ম।
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱে কোৱাৰ দৰে—
“সূৰ্য উদয় যদি লক্ষ্য আমাৰ
সূৰ্যাস্তৰ পিনে ধাৱমান কিয়?
শীতল বৃষ্টি যদি কাম্য আমাৰ
অনাবৃষ্টি খেদি ফুৰিছোঁ কিয়?”