ব্য তিক্ৰমী চিন্তাৰে অসমৰ জাতীয়তাবাদী পক্ষটোক সকলো সময়তে উব্ধুদ্ধ কৰি ৰখা প্ৰয়াত মুকুল মহন্তৰ আমেৰিকা নিৱাসী পুত্ৰ অৰ্ণৱ মহন্তই গুৱাহাটীস্থ পৈত্ৰিক সম্পত্তিখিনি সম্পৰ্কত এক সঠিক আৰু সময়োপযোগী পদক্ষেপ লৈছে। তেখেতে গুৱাহাটীৰ প্ৰায় তিনি কঠা মাটি মাডাৰ্ছ ওল্ড হোম নামৰ বৃদ্ধ আৱাস গৃহক দান কৰিছে। অৰ্ণৱ মহন্তৰ দৰে অসমীয়া মধ্যবিত্ত পৰিয়ালৰ বহু সন্তানে আজিৰ তাৰিখত অসমলৈ পুনৰ ঘূৰি নহাৰ সংকল্পৰে অসম এৰি গুচি গৈছে। আৰু এয়া হৈছে একমাত্ৰ পেছাগত কাৰণৰ বাবে। আৰ্থিকভাবে যথেষ্ট অৱস্থাপন্ন এইখিনি মানুহে অসমৰ বিভিন্ন প্ৰান্তত এৰি গৈছে বৃহৎ পৰিমাণৰ ভূসম্পত্তি।
বিভিন্ন আৰ্থ-সামাজিক কাৰণত আজিৰ তাৰিখত অসমৰ খিলঞ্জীয়া মানুহৰ মাটি কিনাৰ আৰ্থিক ক্ষমতা নোহোৱা হৈ আহিছে আৰু ইয়াৰ বিপৰীতে অনা-অসমীয়া, বহিৰাগত বণিক গোষ্ঠীয়ে হুৰাহুৰে অসমৰ বিভিন্ন স্থানত বিঘাই বিঘাই মাটি কিনি নিজৰ সামাজিক আৰু আৰ্থিক প্ৰতিপত্তি বঢ়াই গৈছে। বৃহত্তৰ গুৱাহাটীৰ সোণাপুৰ, পলাশবাৰী, মিৰ্জা, উত্তৰ গুৱাহাটী, চাংসাৰি বা নলবাৰী চহৰৰ দাঁতিকাষৰীয়া অঞ্চল আৰু উজনি অসমৰ প্ৰধান চহৰবোৰৰ কাষৰ ৰোৱতী মাটিবোৰৰ বৰ্তমানৰ অৱস্থালৈ মন কৰিলেই এই কথা বুজিব পাৰি। এই মাটিবোৰৰ খিলঞ্জীয়া গৰাকীবোৰ বৰ্তমানে দৰিদ্ৰতাৰ চৰম সীমাত উপনীত হৈছে আৰু জীয়াই থকাৰ আন কোনো উপায় নেদেখি তেওঁলোকে আগ-পিছ নুগুণি মাটিবোৰ বেচিবলৈ লৈছে আৰু এই সুযোগতে অসমীয়া মানুহে ভাবিব নোৱৰা দামত এইবোৰ মাটি হস্তগত কৰিছে এচাম অনা-অসমীয়া, বহিৰাগত বণিকে। এইখিনি দৰিদ্ৰ মানুহৰ মাটি বেচা কাহিনী এনে ধৰণৰ। পিছে আন এচাম অসমীয়াইও অনা-অসমীয়া বণিকক মাটি বিক্ৰী কৰিবলৈ লৈছে আৰু সেইচাম হৈছে ওপৰত কোৱাৰ দৰে বহিঃৰাজ্যত বা বিদেশত নিগাজীকৈ বাস কৰিবলৈ লোৱা মধ্যবিত্ত অসমীয়া।
শৈশৱ, কৈশোৰৰ এখিনি সোণোৱালী সময় পাৰ কৰি যোৱা অসমৰ সেই নিৰ্দিষ্ট ঠাইখিনিৰ প্ৰতি অকণো আবেগ নৰখাকৈ, সম্পূৰ্ণ দায়িত্বহীনভাৱে এইচাম অসমীয়াই নিজৰ পৈত্ৰিক সম্পত্তিখিনি কোনোবা অচিনাকি অনা-অসমীয়া বণিয়াক বিক্ৰী কৰি অসমৰ পৰা উধাও হৈছে আৰু শান্ত-সমাহিত অসমীয়া চুবুৰিবোৰত জাপি দি গৈছে অসামাজিক, চুবুৰীয়াৰ প্ৰতি অসহানুভুতিশীল এচাম অভব্য অনা-অসমীয়া। এনেদৰে দায়িত্বহীনভাৱে নিজৰ পৈত্ৰিক সম্পত্তিবোৰ বিক্ৰী কৰাৰ ফলত পূৰ্বৰ শান্ত, শৃংখলাবদ্ধ অসমীয়া চুবুৰি থকা তিনিচুকীয়া চহৰৰ বৰদলৈ নগৰে কেনে ৰূপ লৈছে এবাৰ চালেই হ’ল। কেৱল বৰদলৈ নগৰেই নহয়; গুৱাহাটীৰ বেলতলা, লখৰা, জি এছ ৰোড এলেকা; যোৰহাটৰ গড়আলি; ডিব্ৰুগড়ৰ মিলন নগৰ,খলিহামাৰীৰ দৰে এসময়ৰ বৃহত্তৰ অসমীয়া পৰিৱেশ থকা এলেকাবোৰৰ আজি এক ভাবিব নোৱৰা কৰুণ অৱস্থা!
❧ | আৰু পঢ়ক: ব’ল বোম: নব্য হিপ্পীবাদৰ উত্থান?
ওপৰত কোৱাৰ দৰে দৰিদ্ৰ অসমীয়াৰ মাটি বিক্ৰী নকৰিলে কোনো উপায় নাই, কাৰণ জীয়াই থাকিবই লাগিব; কিন্তু বহিঃৰাজ্য বা বিদেশত নিজৰ যোগ্যতাৰ বলত বসবাস কৰিবলৈ লোৱা, আৰ্থিকভাৱে সচ্ছল অসমীয়া সন্তানসকলে যধেমধে নিজৰ পৈত্ৰিক সম্পত্তিবোৰ অনা-অসমীয়া বণিকক বিক্ৰী নকৰিলে নহয়নে? বিক্ৰী যদি কৰিবই লাগে, তেনেহ’লে কোনোবা খিলঞ্জীয়াক বিক্ৰী কৰিব লাগে নতুবা তেওঁলোকে সেই ভূসম্পত্তিবোৰ মুকুল মহন্তৰ পুত্ৰই কৰাৰ দৰে কোনোবা সঠিক স্বেচ্ছাসেৱী সংগঠনক দান দিব লাগে, যাতে অসমত অসমীয়াৰ মাটিবোৰ অনা-অসমীয়া বহিৰাগতৰ হাতলৈ যোৱাত অলপ হ’লেও বাধা আহি পৰে। বিদেশত থিতাপি ল’লেও বা ভিনদেশী হৈ গ’লেও তেওঁলোক মূলতঃ অসমীয়াই, জাতিটোৰ স্বাৰ্থত তেওঁলোকৰ পৰা এইকণ ইতিবাচক চিন্তা আৰু কাৰ্যব্যৱস্থা আমি আশা কৰিব পাৰোঁনে? এই কথা অতি বাস্তৱ যে মাটি থাকিলেহে জাতি থাকিব!