মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যবিধি

মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যবিধি

ধুনিক জীৱনশৈলীৰ ক্ৰমবৰ্ধমান ব্যস্ততা আৰু জটিলতাৰ মাজত শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ যত্ন লোৱা অতি জৰুৰী হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, মানসিক স্বাস্থ্য অবিহনে সম্পূৰ্ণ সু-স্বাস্থ্যৰ ধাৰণা অসম্ভৱ। মানসিক স্বাস্থ্য কেৱল মানসিক ৰোগৰ অনুপস্থিতি নহয়, বৰঞ্চ ই জীৱনৰ বিভিন্ন পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি ফলপ্ৰসূ, সন্তোষজনক আৰু সুষম জীৱন যাপন কৰাৰ ক্ষমতা। মানসিক স্বাস্থ্যবিধি হৈছে সেই নিয়মীয়া অভ্যাসসমূহৰ সমষ্টি, যিবোৰে মানসিক স্বাস্থ্যক সুৰক্ষিত কৰে আৰু মানসিক অসুস্থতা প্ৰতিৰোধ কৰে। শাৰীৰিক স্বাস্থ্যবিধিয়ে শৰীৰক পুষ্ট আৰু ৰোগমুক্ত কৰি ৰখাৰ দৰে মানসিক স্বাস্থ্যবিধিয়ে মনক চাপমুক্ত, শান্ত আৰু সুস্থ কৰি ৰখাত সহায় কৰে।

মানসিক স্বাস্থ্য হৈছে মনৰ সুস্থ আৰু সন্তুলিত অৱস্থা, য’ত ব্যক্তিয়ে নিজৰ আৱেগ, চিন্তা আৰু আচৰণক কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰিব পাৰে। মানসিকভাৱে সুস্থ ব্যক্তিয়ে জীৱনৰ বিভিন্ন চাপ, পৰিৱৰ্তন, সুখ-দুখ আৰু প্ৰত্যাহ্বানৰ সৈতে সহজে মোকাবিলা কৰিব পাৰে আৰু দৈনন্দিন কৰ্মত উৎসাহেৰে অংশগ্ৰহণ কৰে। ইয়াৰ প্ৰধান লক্ষণসমূহৰ ভিতৰত নিজৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী, আনৰ সৈতে সুস্থ আৰু সুষম সম্পৰ্ক ৰক্ষা কৰা, কৰ্মক্ষেত্ৰত উচ্চ উৎপাদনশীলতা আৰু চাপৰ সময়ত শান্ত মনৰে যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ কৰা আদি অন্তৰ্ভুক্ত হৈ আছে।

মানসিক স্বাস্থ্যবিধিৰ ধাৰণাটো বিংশ শতিকাৰ আৰম্ভণিতে আমেৰিকান মনোৰোগ বিশেষজ্ঞ ক্লিফৰ্ড বিয়াৰ্ছে প্ৰৱৰ্তন কৰিছিল। ই হৈছে মানসিক স্বাস্থ্যক দীৰ্ঘকালীনভাৱে সংৰক্ষণ কৰা আৰু সম্ভাৱ্য মানসিক সমস্যাৰ পৰা প্ৰতিৰোধ কৰাৰ বাবে নিয়মীয়া আৰু সচেতন অভ্যাসসমূহৰ সমষ্টি। ইয়াৰ গুৰুত্ব অপৰিসীম, কাৰণ ই কেৱল মানসিক ৰোগৰ প্ৰতিৰোধত সহায়ক, তেনে নহয়, বৰঞ্চ ই দৈনন্দিন জীৱনত মানসিক শান্তি আৰু সন্তোষ বৃদ্ধি কৰে, আন্তঃব্যক্তিগত সম্পৰ্কসমূহক অধিক মজবুত কৰে আৰু কৰ্মক্ষেত্ৰত উৎপাদনশীলতা বৃদ্ধি কৰে। তদুপৰি দীৰ্ঘদিনীয়া মানসিক চাপে উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ বা অনিদ্ৰাৰ দৰে শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে, সেয়েহে মানসিক স্বাস্থ্যবিধিয়ে পৰোক্ষভাৱে শাৰীৰিক স্বাস্থ্যৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলায়।

মানসিক স্বাস্থ্যবিধিৰ অনুশীলন অতি সৰল আৰু দৈনন্দিন জীৱনত সহজে অন্তৰ্ভুক্ত কৰিব পৰা যায়। প্ৰথমতে, প্ৰতিদিনে ৭–৮ ঘণ্টা গভীৰ আৰু পৰ্যাপ্ত টোপনি যোৱা আৰু ফল-মূল, শাক-পাচলি, গোটা শস্য আৰু প্ৰ’টিনেৰে সমৃদ্ধ সুষম খাদ্য গ্ৰহণ কৰা উচিত। ভাল টোপনিয়ে মনৰ কোষসমূহৰ পুনৰুদ্ধাৰ ঘটায় আৰু সুষম আহাৰে প্ৰয়োজনীয় পুষ্টি যোগাই মানসিক শক্তি বৃদ্ধি কৰে।

দ্বিতীয়তে, দৈনিক অন্ততঃ ৩০ মিনিট খোজ কঢ়া, যোগাসন, দৌৰ বা অন্যান্য শাৰীৰিক ব্যায়াম কৰা উচিত। নিয়মীয়া ব্যায়ামে এণ্ডৰ্ফিন আৰু চেৰ’ট’নিনৰ দৰে সুখদায়ক হৰম’ন নিৰ্গত কৰি মানসিক চাপ হ্ৰাস কৰে আৰু আত্মবিশ্বাস বৃদ্ধি কৰে।

তৃতীয়তে, প্ৰতিদিনে ১০–২০ মিনিট ধ্যান, মাইণ্ডফুলনেছ বা গভীৰ শ্বাস-প্ৰশ্বাসৰ ব্যায়াম কৰা উচিত। এই অভ্যাসসমূহে নেতিবাচক চিন্তাৰ ধাৰা ভাঙি বৰ্তমান মুহূৰ্তত মনোযোগ কেন্দ্ৰীভূত কৰাত সহায় কৰে আৰু মানসিক শান্তি প্ৰদান কৰে।

চতুৰ্থতে, পৰিয়াল, বন্ধু-বান্ধৱী আৰু সমাজৰ সৈতে নিয়মীয়া যোগাযোগ আৰু গভীৰ কথোপকথন ৰখা উচিত। সুস্থ সামাজিক সম্পৰ্কই আৱেগিক সমৰ্থন যোগায় আৰু একাকীত্বৰ অনুভৱ হ্ৰাস কৰে।

অন্যান্য গুৰুত্বপূৰ্ণ অভ্যাসসমূহৰ ভিতৰত সময়ৰ সঠিক ব্যৱস্থাপনা, অত্যধিক দায়িত্ব গ্ৰহণ নকৰা, ইতিবাচক চিন্তাধাৰাৰ বিকাশ, প্ৰকৃতিৰ মাজত সময় কটোৱা আৰু প্ৰয়োজনত পেচাদাৰী পৰামৰ্শ গ্ৰহণ কৰা অন্তৰ্ভুক্ত। প্ৰকৃতিৰ সান্নিধ্য, যেনে বনাঞ্চলত খোজ কঢ়া বা ‘ফৰেষ্ট বাথিং’ কৰাই মানক শান্তি আৰু সতেজতা প্ৰদান কৰে।

দীৰ্ঘদিনীয়া উদ্বেগ বা হতাশাৰ ক্ষেত্ৰত মনোৰোগ বিশেষজ্ঞ বা যোগ্য পৰামৰ্শদাতাৰ সৈতে যোগাযোগ কৰা উচিত, কিয়নো পেচাদাৰী সহায়ে সমস্যাৰ মূল কাৰণ চিনাক্ত কৰি কাৰ্যকৰী সমাধান প্ৰদান কৰে।

মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যবিধি ব্যক্তিগত, পাৰিবাৰিক আৰু সামাজিক জীৱনৰ অবিচ্ছেদ্য অংশ। এইবোৰৰ নিয়মীয়া যত্ন লোৱাৰ ফলত ব্যক্তিৰ জীৱন অধিক সুষম, উৎপাদনশীল আৰু অৰ্থপূৰ্ণ হৈ উঠে আৰু সমাজতো সুস্থ পৰিৱেশৰ সৃষ্টি হয়। উল্লিখিত অভ্যাসসমূহক জীৱনৰ অংশ কৰি তুলিলে মানসিক স্বাস্থ্য দীৰ্ঘকালীনভাৱে সুৰক্ষিত হৈ থাকে।

❧ | আৰু পঢ়ক:

মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যবিধি | নৱাব কুদ্ৰৎ উল্লাহ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক