আমি প্ৰতিদিনে আইনাত আমাৰ হাঁহিটো পৰীক্ষা কৰোঁ,
আৰু কেতিয়াও নাজানো যে ই কালিতকৈ অধিক উজ্জ্বল
নে কাইলৈতকৈ শেঁতা
অথবা ই ইয়াৰ উৎপত্তিৰ পৰা কিমান ক্ষয় গৈছে

সেই সঠিক মুহূৰ্তত থিয় হৈ আছে প্ৰতিদিন,
আৰু প্ৰতিদিনেই
আমি বিচাৰি ফুৰোঁ
প্ৰতিবিম্বত বিলীন আমাৰ অস্তিত্বক

আইনাত আমাৰ ছাঁ গলি পৰে
বাৰে বাৰে আমি চুলিখিনি আগৰ দৰে ৰখাৰ পৰা
বিৰত থাকিব বিচাৰোঁ
কেতিয়াবা আমি থাকোঁও
কিন্তু ভিন্নতাৰ ব্যায়ামত আমাৰ ভাগৰ লাগে
আমি উভতি আহোঁ আমাৰ প্ৰতিবিম্বলৈ
আকৌ ব্যায়াম কৰোঁ
উভতি আহোঁ

যিটো প্ৰতিবিম্বক সকলোৱে চিনি পায়
যিটো প্ৰতিবিম্ব আইনাৰ বাহিৰত থাকিও
আবদ্ধ হৈ পৰে গতানুগতিক নিশ্চয়তা,
নিৰাপত্তা আৰু সান্ত্বনাৰ মাজত।

☘ | অধিক কবিতা:

আইনা | ৰিছাদ ভূঞা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: