নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

অৱনী চক্ৰৱৰ্তীৰ কবিতা: সতী

অৱনী চক্ৰৱৰ্তীৰ কবিতা: সতী

সতী

জীৱন যেতিয়া ইমান সুৰীয়া
নাভাবিবা মাখি হৈ গালত পৰিম
দেই যাব খুজিলে এনেকৈ কামুৰি দিম,
দাঁতবোৰ বিষালে এতিয়া

কন্দাৰ কাৰণে হাৰমনিয়ামৰ আঙুলি নালাগে
গানৰ আকাশত প্ৰদূষণ বাটৰ নাটৰ সংলাপ বিচাৰি
ৰৈ নাথাকিবা কবি
জুহালত ফুট ছাঁই
খৰি লুৰি ঘূৰা নাই ল’ৰা
নঙলাৰ বাঁহেৰে জুহাল জোৰা ভুৰুকাক হাতীয়ে খেদক

কন্দা নাই শ্বাবানাই
ছফদৰ হাছ্‌মিৰ তেজৰ ডোঙাত লিখা
জীৱন কবিতা শিল্পীৰ এই স্বাধীনতা

দগ্‌মগ্‌ উৰুকা
কবি তুমি হাত সেকা।

(বিশিষ্ট কবি অৱনী চক্ৰৱৰ্তীৰ এই কবিতাটি এখন আলোচনীত প্ৰকাশৰ বাবে অনা হৈছিল; কিন্তু আলোচনীখন প্ৰকাশ নোহোৱাত কবিতাটি অপ্ৰকাশিত হৈ ৰৈ গৈছিল। নিৰুদ্দিষ্ট কবিগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰে কবিতাটি নীলা চৰাইত প্ৰকাশ কৰা হ’ল। —সম্পাদক, নীলা চৰাই)

এই লেখকৰ সকলো লেখা চাওক →
অৱনী চক্ৰৱৰ্তীৰ কবিতা: সতী | অৱনী চক্ৰৱৰ্তী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...