নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

পৃথিৱীৰ সৈতে তেওঁৰ সংলাপ অহৰহ
সহস্ৰ আঙুলিয়ে তেওঁক চিনে
মই চিনো মাত্ৰ এখন উকা চকীৰ ৰূপত

অচিনাকিৰ হাঁহিত তেওঁ হাঁহে,
মোৰ চকুলো
তেওঁৰ নোটিফিকেচনত নাহে

নোটিফিকেচন আহে
নোটিফিকেচন নোহোৱা হয়
তেওঁৰ হৃদয়ত সকলোৰে প্ৰৱেশ—
কেৱল আইৰ মাতহে বাকী থাকে
পেণ্ডিং পেণ্ডিং পেণ্ডিং
চিৰদিনলৈ পেণ্ডিং

নায়ং গচ্ছতি ন আগচ্ছতি—
আছে সৰ্বত্ৰ, তথাপি নাই
আৰু ‘আছে’ৰ ভিতৰতে মোৰ মৃত্যু

তেওঁৰ বাবে ডাইনিং টেবুলত
সাজি থোৱা ভাতসাঁজ
এটা পৰত সেৰেকা হয়
ৱাই-ফাই কেতিয়াও সেৰেকা নহয়—
আজি মই তেওঁৰ বাবে ডে’ড জ’ন

আৰু পঢ়ক
সোণাৰুৰ হাঁহি

সোণাৰুৰ হাঁহি

সত্যজিৎ গগৈ

মোক আচলতে কি লাগে

মোক আচলতে কি লাগে

আৰমান হাজৰিকা

স্বীকাৰোক্তি

স্বীকাৰোক্তি

হিৰেন কুমাৰ দেৱ শৰ্মা

দুটা কোৰিয়ান কবিতা

দুটা কোৰিয়ান কবিতা

পল্লৱপ্ৰাণ গোস্বামী

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: