সোৱাদ সুগন্ধি তোমাৰ ফাগুনে
নিশাহৰ উমে আলোড়িত তাপে
ওঁঠ আঙুলিৰ মহা বৈভৱে
সিক্ত সজল বিদেহে দেহে
মনৰ কুঁৱলি
দেহৰ শীত
দূৰ-দূৰণিলে উৰুৱাই নিয়ে…
মহুৱা ৰহণে মৌসনা মাতে
দেহেৰে দেহত মৃদুল পৰশে
নিটোল বুকুত হাঁহিৰ দোলনে
গলাই পমাই পুহৰ ক্লেশ
গীত-উৰুলিৰে সাবটি ধৰে…
তোমাৰ ফাগুনে মোৰ ব’হাগক
নিচেই কাষলে চপাই আনে।
❧ | আৰু পঢ়ক:
- এই বাটেৰেই ফাগুন আহে
- ফাগুনৰ ভ্ৰমণসূচী
- হীৰেন ভট্টাচাৰ্যৰ কবিতা: ফাগুনৰ গান
- ফাগুন নামি আহে মোৰ বুকুয়েদি
- বৈ আহে সোৱঁৰণী ফাগুনী