ধূলিয়ৰী বাটৰ ছবি
একা-বেঁকা তৰাং নদী
আকাশো যে পলাশৰঙী
সৰা পাতৰ বননি
ফাগুন ফাগুন ফাগুন
মোৰ ফাগুন।
আকাশে অঁকা ছবি
তুলিকাৰ পৰশ চিকুণী
কাৰণো দুহাত লাৱণী
নিমাত দুচকুৰ কাজল সানি
লহিয়ালে ৰঙা বেলি।
নীলিমাৰে ভৰা নদী
সেউজী সজল ভূমি
একা-বেঁকা বাট পাৰ হৈ
দূৰণিৰ শিখৰ চুমি
পামগৈ তোমাৰে ঘৰ
চিকিমিকি তৰাৰে হাঁহি
আকাশে অঁকা ছবি।
❧ | আৰু পঢ়ক:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক