নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

ধূলিয়ৰী বাটৰ ছবি
একা-বেঁকা তৰাং নদী
আকাশো যে পলাশৰঙী
সৰা পাতৰ বননি
ফাগুন ফাগুন ফাগুন
মোৰ ফাগুন।

আকাশে অঁকা ছবি
তুলিকাৰ পৰশ চিকুণী
কাৰণো দুহাত লাৱণী
নিমাত দুচকুৰ কাজল সানি
লহিয়ালে ৰঙা বেলি।

নীলিমাৰে ভৰা নদী
সেউজী সজল ভূমি
একা-বেঁকা বাট পাৰ হৈ
দূৰণিৰ শিখৰ চুমি
পামগৈ তোমাৰে ঘৰ
চিকিমিকি তৰাৰে হাঁহি
আকাশে অঁকা ছবি।

❧ | আৰু পঢ়ক:

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

নিমখীয়া কবিতা
  • কবিতা
    • স্বপ্নালী কলিতা, উৰ্মি জুলি শইকীয়া, জুনু নাথ বৰগোহাঞি

নিমখীয়া কবিতা