‘১৫ মিনিট শিক্ষা’ (15 Minit Xikhya) ইউটিউবত থকা অনলাইন শিক্ষাৰ এখন মঞ্চ। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ বিভিন্ন ঠাইত থকা অসম মূলৰ এমুঠি লোকৰ প্ৰচেষ্টাত ২০২১ বৰ্ষত গঢ় লৈ উঠা এই মঞ্চখনে অসমৰ শিক্ষাৰ্থীসকলৰ কামত আহিব পৰা বিভিন্ন অধ্যয়ন ক্ষেত্ৰৰ বিদ্যায়তনিক বিষয়ৰ বক্তৃতা, বৃত্তি আৰু উচ্চশিক্ষাৰ সুবিধা সম্পৰ্কীয় আলচ, প্ৰতিবন্ধকতা আৰু প্ৰত্যাহ্বান নেওচি সফলতা লাভৰ কাহিনী আৰু গুৰুত্বপূৰ্ণ সমসাময়িক ঘটনাপ্ৰৱাহৰ আলোচনা নিয়মীয়াকৈ অনলাইন বক্তৃতাৰ যোগেদি আয়োজন কৰি আহিছে। বিশ্বৰ বিভিন্ন ঠাইত থকা বিভিন্ন ক্ষেত্ৰৰ অসম মূলৰ বিশেষজ্ঞ আৰু সফল ব্যক্তিসকলৰ অংশগ্ৰহণে এই অনুষ্ঠানক তথ্যসমৃদ্ধ কৰাৰ লগতে গাঁৱে-ভূঞে, চহৰে-নগৰে বিভিন্ন প্ৰত্যাহ্বানৰ সৈতে যুঁজি থকা নতুন প্ৰজন্মৰ মাজত আশা আৰু প্ৰেৰণাৰ সঞ্চাৰ কৰিছে। তেনে এলানি অনলাইন বক্তৃতাৰ মাজৰ পৰা নিৰ্বাচিত কুৰিটা বক্তৃতাক প্ৰবন্ধাকাৰে ‘পাখি মেলা সপোন’ নামেৰে সংকলন কৰা হৈছে। ভিডিঅ’ৰ পৰা গদ্যৰূপ দিয়া এইখনেই কিজানি অসমীয়া ভাষাৰ প্ৰথম গ্ৰন্থ হ’ব। সংকলন কৰিছে মুনিন্দ্ৰ বৈশ্যই।
প্ৰথমতে যোৱা ক’ভিডৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত হোৱা শিক্ষাৰ্থীসকলৰ (বিশেষকৈ অসমৰ মহাবিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ) সহায় হোৱাকৈ অনলাইন প্লেটফৰ্মৰ যোগেদি দেওবাৰে পষেকত এদিনকৈ শিক্ষা বিষয়ক অনুষ্ঠান এটাৰ আয়োজনৰ সিদ্ধান্ত লৈছিল আয়োজকসকলে। ইয়াৰ বাবে পৃথিৱীৰ বিভিন্ন প্ৰান্তত কাৰ্যনিৰ্বাহ কৰি থকা শিক্ষাৰ লগত জড়িত বিশেষজ্ঞ ব্যক্তিক আমন্ত্ৰণ জনোৱা হ’ল বক্তৃতা প্ৰদান কৰিবলৈ। অনুষ্ঠানটো সম্প্ৰচাৰ হোৱাৰ কিছুদিন আগতেই ইতিমধ্যে বাছনি কৰা বিষয়টোৰ ওপৰত পোন্ধৰ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’ এটা আনুষ্ঠানিক ৱেবচাইটত প্ৰকাশ কৰা হয়। সেইবাবেই অনুষ্ঠানটোৰ নাম হ’ল— ১৫ মিনিট শিক্ষা। নিৰ্দিষ্ট দিনৰ অনুষ্ঠানটোত সেই বিষয়টোৰ ওপৰতেই বিস্তৃত আলোচনা কৰা হয়। ইয়াৰ পৰা শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হয়। কাৰণ তেওঁলোকে ভিডিঅ’টো আগতেই চাই ল’ব পাৰে আৰু মূল অনুষ্ঠানৰ সময়ত তেওঁলোকৰ মনলৈ অহা প্ৰশ্নসমূহ অৱতাৰণা কৰি খুতি-নাটি মাৰি শিকিব পাৰে।
এজন নাট্যবোদ্ধাৰ জীৱন কথা
সপোনজ্যোতি ঠাকুৰ
এইদৰে ২০২১ চনৰ ২১ ফেব্ৰুৱাৰীৰ দিনা ‘১৫ মিনিট শিক্ষা’ৰ বিশ্বমুখী যাত্ৰা আৰম্ভ হ’ল অধ্যাপক ড° হিৰণ্য কুমাৰ নাথে প্ৰদান কৰা অৰ্থনীতি বিষয়ৰ শৈক্ষিক বক্তৃতাটোৰ যোগেদি। অনুষ্ঠানটোৱে শিক্ষাৰ্থীসকলৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিলে। বিশেষকৈ শংকা আৰু সংশয়ৰ সাগৰত বুৰ গৈ থকা অসমৰ শিক্ষাৰ্থীসকলে যেন পাৰলৈ উঠাৰ এডাল জখলা বিচাৰি পালে। অসমৰ বিভিন্ন কলেজৰ অসংখ্য শিক্ষকেও অংশগ্ৰহণ কৰি অনুষ্ঠানটো প্ৰাণচঞ্চল কৰি তুলিলে। অংশগ্ৰহণকাৰীৰ সঁহাৰিৰ প্ৰতি সন্মান জনাই উদ্যোক্তাসকলে পৰৱৰ্তী সময়ত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, ইংৰাজী, সাংবাদিকতা আদি বিষয়ো অন্তৰ্ভুক্ত কৰিলে। বক্তৃতা দিবলৈ আমন্ত্ৰণ কৰি অনা হ’ল ‘মোৰো এটা সপোন আছে’খ্যাত বিশিষ্ট বিজ্ঞানী ড° ৰুবুল মাউত, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাহিত্যিক ড° আৰুণি কাশ্যপ, আইআইটি গুৱাহাটীৰ ৰসায়ন বিভাগৰ সহযোগী অধ্যাপক ড° কল্যাণ ৰাইদঙীয়া, প্ৰসিদ্ধ কেঞ্চাৰ ৰোগ বিশেষজ্ঞ তথা অসম বৈভৱ বঁটাৰে সন্মানিত ডাঃ তপন কুমাৰ শইকীয়া, কেলিফৰ্ণিয়াৰ Riot Games কোম্পানীৰ টিফিনী হিউ, জৰ্জিয়াৰ কেনেশ্ব’ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ মায়া হলৱাৰ্ড, এমআইটিৰ ব্ৰায়ান কুপাৰাইডাৰ, নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ ড° এইমীৰেপকিউয়িজৰ দৰে দেশী-বিদেশী প্ৰজ্ঞাৰ সাধকসকলক।
‘১৫ মিনিট শিক্ষা’ৰ উদ্যোক্তাসকল হ’ল— আমেৰিকাৰ ছেম হিউষ্টন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড° হিৰণ্য কুমাৰ নাথ, পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ সেই সময়ৰ সহকাৰী অধ্যাপক ডাঃ ৰিফাত মান্নান (বৰ্তমান কেলিফৰ্ণিয়াৰ চিটী অৱ হ’প নেচনেল মেডিকেল চেণ্টাৰৰ পেথ’লজি বিভাগৰ সহযোগী অধ্যাপক), ব্লু অৰিজিন কোম্পানীৰ গৱেষক ড° সংঘমিত্ৰা গোস্বামী, কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° পৱন কুমাৰ চহৰীয়া, গুৱাহাটীৰ ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজ ইন ছায়েন্স এণ্ড টেকন’লজিৰ সহযোগী অধ্যাপক ড° মুনিমা বৰা চহৰীয়া, গুৱাহাটী আইআইটিৰ অংকশাস্ত্ৰৰ অধ্যাপক তথা কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ একমাত্ৰ অসমীয়া ৰেংগলাৰ ড° অনুপম শইকীয়া, মেকানিকেল ইঞ্জিনীয়াৰিঙৰ সহকাৰী অধ্যাপক ড° প্ৰসেনজিৎ খনিকৰ, আইআইটি ধাৰৱাৰৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° নীলকমল মহন্ত, বহুজাতিক কোম্পানীৰ বিষয়া চৈয়দা তামান্না জেৰিন, আমেৰিকাৰ জৰ্জিয়াস্থ কেনেশ্ব’ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ কনফ্লিক্ট মেনেজমেণ্টৰ সহকাৰী অধ্যাপক ড° উদ্দীপনা গোস্বামী আৰু আইআইটি গুৱাহাটীৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক ড° কল্যাণ ৰাইদঙীয়া।
‘১৫ মিনিটৰ শিক্ষা’ই ইতিমধ্যে চাৰি বছৰ অতিক্ৰম কৰিলে। এই চাৰি বছৰত এতিয়ালৈকে সৰ্বমুঠ তিনি কুৰিৰো অধিক বক্তৃতা প্ৰদান কৰা হৈছে। তেনে এলানি বক্তৃতাৰ মাজৰ পৰা নিৰ্বাচিত কুৰিটা বক্তৃতাৰ সংকলনেই ‘পাখি মেলা সপোন’। গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটীৰ ষ্টুডেণ্টচ্ ষ্ট’ৰচ্-এ।
গ্ৰন্থখনত সংকলিত হোৱা বক্তৃতাকেইটা:
১. বিশিষ্ট বিজ্ঞানী ড° ৰুবুল মাউতৰ মনৰ কথা
২. আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাহিত্যিক আৰুণি কাশ্যপৰ সফলতাৰ আঁৰৰ মন্ত্ৰ
৩. ময়ূৰ বৰাৰ দৃষ্টিৰে এক্সপেৰিমেণ্টিং উইথ লাইফ
৪. গৌৰাংগলাল দাস: উদাৰ শিক্ষাই যাৰ জীৱন সলনি কৰি পেলাইছিল
৫. কেঞ্চাৰ মানেই মৃত্যু নহয়: ডাঃ তপন কুমাৰ শইকীয়া
৬. ডাঃ সুৰজিৎ গিৰিৰ মনৰ কথা
৭. শান্তিস্বৰূপ ভাটনগৰ বঁটা প্ৰাপক বিশিষ্ট বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়া
৮. বিগ বেং তত্ত্বক প্ৰত্যাহ্বান জনোৱা প্ৰখ্যাত ভাৰতীয় বিজ্ঞানী ড° জয়ন্ত নাৰ্লিকাৰ
৯. কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত জীৱিকা হিচাপে সাংবাদিকতা
১০. পুষ্পধৰ দাস: আই আই এমৰ পৰা খেতিপথাৰলৈ সফল যাত্ৰা
১১. হাড়গিলা আৰ্মী খ্যাত ড° পূৰ্ণিমা দেৱী বৰ্মনৰ সফলতাৰ আঁৰৰ কাহিনী
১২. সৰগৰ পাৰিজাত মৰতলৈ নমাই আনিছে উত্তম টেৰণে
১৩. UPSC পৰীক্ষাত পঞ্চম স্থান লাভেৰে জিলিকি উঠা ডাঃ ময়ূৰ হাজৰিকা
১৪. ২০২৩ বৰ্ষৰ অসম আৰক্ষী সেৱাত প্ৰথম স্থান প্ৰাপক পাৰ্থপ্ৰতিম শৰ্মা
১৫. প্ৰেৰণাৰ আন এটি নাম ৰূপশিখা নাথ
১৬. ড° জুৰিটি ৰাজবংশী: দেওমৰণৈৰ পৰা আমেৰিকালৈ বৌদ্ধিক যাত্ৰা
১৭. প্ৰত্যাহ্বান নেওচি জ্যোতিষ্মান হোৱা জ্যোতিষ ৰঞ্জন ডেকা
১৮. সপোনৰ স্ৰষ্টা আৰু দ্ৰষ্টা নীলাক্ষি দেৱী
১৯. দৰিদ্ৰতাৰ নিষ্ঠুৰ আঘাত নেওচি জীৱন জয় কৰা ড° পিংকি দেৱীৰ জীৱনগাথা
২০. উচ্চ শিক্ষা লাভৰ উদ্দেশ্য বিদেশলৈ যোৱাৰ আগতে জানিবলগীয়া কিছু কথা

‘১৫ মিনিট শিক্ষা’ অনলাইন মঞ্চত পাখি মেলা সপোন
- গ্ৰন্থকাৰ: মুনিন্দ্ৰ বৈশ্য
- প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, পাণবজাৰ, গুৱাহাটী
- প্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০২৫
- পৃষ্ঠা: ২০৮
- মূল্য: ২৫০ টকা
- ISBN: 978-93-49068-94-0

ৰাজেন্দ্ৰনাথ বৰদলৈ: এগৰাকী মানৱিক চেতনাসম্পন্ন কবি
প্ৰকল্প ৰঞ্জন ভাগৱতী

গদাধৰ কৃত গুৰু চৰিতত উপলব্ধ ইটো-সিটো
গুণীন হাজৰিকা
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক



