বুদ্ধজায়া এক উপেক্ষিতা নাৰীৰ জীৱনগাথা

বুদ্ধজায়া এক উপেক্ষিতা নাৰীৰ জীৱনগাথা

হিন্দু ধৰ্মীয় মহাকাব্য, আখ্যান আৰু উপাখ্যানসমূহৰ পুৰাতন কিছু চৰিত্ৰ, যাক মূল কাহিনীত সাধাৰণতে অধিক গুৰুত্ব আৰোপ কৰা নাযায়, তেনে চৰিত্ৰক লৈ বহুকেইখন ভাৰতীয় উপন্যাস লিখা হৈছে। নিতান্তই কাহিনীৰ প্ৰয়োজনত বা অধ্যায় বিশেষে ভুমুকি মাৰি যোৱা এনে বহু চৰিত্ৰ থাকে, যাক অন্য দৃষ্টিকোণেৰে অৱলোকন কৰাৰ বহু অৱকাশ থাকি যায়। হিন্দু ধৰ্মীয় মহাকাব্যিক চৰিত্ৰসমূহৰ বাহিৰৰ আন এক বহু চৰ্চিত বিশ্বমানৱ চৰিত্ৰ, বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধৰ জীৱন সৰ্বদা চৰ্চিত; কিন্তু বিপৰীতে গৌতম বুদ্ধৰ পত্নী গোপাৰ জীৱন কাহিনী সমানেই উপেক্ষিত। এই স্বল্পচৰ্চিত, উপেক্ষিত চৰিত্ৰ গোপাৰ জীৱনগাথাৰ এক অগতানুগতিক অৱলোকন— ‘আঁকবাক’ (গুৱাহাটী)ৰ দ্বাৰা প্ৰকাশিত গীতালি বৰাৰ প্ৰথমখন উপন্যাস ‘বুদ্ধজায়া’।

সাম্প্ৰতিক সময়ৰ প্ৰতিষ্ঠিত গল্পকাৰ গীতালি বৰাৰ উপন্যাস ‘বুদ্ধজায়া’ এক অগতানুগতিক বিষয়বস্তু আৰু স্বকীয় উপস্থাপন শৈলীৰ বাবে সুখপাঠ্য হৈ উঠিছে। কাহিনীৰ ব্যাপ্তি আৰু সময়ৰ বিশালতাই কাহিনীভাগ আগুৰি ৰাখিছে। এক ধ্ৰুপদী সত্যক কিছু উপেক্ষিত চৰিত্ৰৰ দ্বাৰা পুনঃ অৱলোকন কৰোঁতে উপন্যাসৰ স্ৰষ্টাগৰাকী পূৰামাত্ৰাই সফল হৈছে। কাহিনীৰ মুখ্য চৰিত্ৰ গোপাৰ অন্তৰ্দ্বন্দ্ব আৰু মানসিক জগতখনৰ সৈতে লেখিকাই খুব সচেতনভাৱে পাঠকক মুখামুখি কৰি দিছে।

শাক্যবংশীয় নাৰীসকলৰ জীৱনগাথাক এক ভিন্ন দৃষ্টিভঙ্গীৰে অৱলোকন কৰাৰ বিপৰীতে যুগপুৰুষ বুদ্ধদেৱক এক সন্দেহৰ আৱৰ্তৰ মাজলৈ লেখিকাই আনি তাৰ প্ৰভাৱ পাঠকৰ মাজলৈ এৰি দিছে। এক যুগদ্ৰষ্টা, যুগনায়ক শাক্যবংশীয় ৰাজকুমাৰ গৌতমেই অৱশেষত শাক্যবংশ পতনৰ খলনায়ক হৈ উঠা নাইনে? শাক্যবংশৰ শেষ আশা গৌতম তনয় ৰাহুলক প্ৰব্ৰজা গ্ৰহণেৰে ভিক্ষুলৈ ৰূপান্তৰ কৰাৰ পাছতে শাক্যবংশৰ অন্তিম কিৰণখিনিও স্তিমিত হৈ পৰা নাইনে? তাৰ বাবে তেৱেঁই দায়বদ্ধ নহয়নে? এনে কিছু প্ৰশ্নই পাঠকৰ মনত হেন্দোলনি নোতোলাকৈ নাথাকে।

উপন্যাসখনৰ কাহিনীৰ গতি অতি সাৱলীল। কাহিনী উপস্থাপনৰ এক সুকীয়া ধাৰা আছে লেখিকাৰ। পৰিৱেশ সৃষ্টি আৰু বৰ্ণনাৰ ক্ষেত্ৰত লেখিকাৰ দখল অনৱদ্য। বৰ্ণনাৰ জৰিয়তে কাল্পনিক এক পৰিৱেশক সযত্নে পাঠকৰ মানসপটত তুলি ধৰাত লেখিকাই বিশেষ পাৰদৰ্শিতা দেখুৱাইছে।

শেষৰ দুটামান অধ্যায়ত কাহিনীভাগ সামৰাৰ তাড়নাত কিছু চমুৱাই অনা যেন অনুভৱ হ’ল। আভিধানিক শব্দৰ আধিক্যৰ বাবে কেতিয়াবা পঠনত সাময়িক ব্যাঘাত জন্মিলেও কাহিনীৰ পটভূমিয়ে সেয়া দাবী কৰে বুলি লেখিকাই আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগ আছে। কিছুমান শব্দক ঠাই ব্যতিৰেকে ভিন্ন ৰূপে ব্যৱহাৰ কৰা হৈছে, যিটো এৰাই চলিব পৰা গ’লহেঁতেন। বুৰঞ্জী অথবা বাস্তৱ চৰিত্ৰৰ আলমত গঢ় দিয়া এটা কাহিনীত লেখকৰ বহু সীমাবদ্ধতা থাকে। কল্পনাৰ পৰিধি কাহিনীৰ প্ৰয়োজনৰ অনুপাতে অথবা নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰতে বান্ধি ৰাখিব লগা হ’য়। কাল্পনিক কাহিনী বা কাল্পনিক চৰিত্ৰৰ ক্ষেত্ৰত ই শিথিল। সেয়ে বুৰঞ্জী অথবা বাস্তৱ চৰিত্ৰৰ আলমত গঢ় দিয়া এটা কাহিনীৰ ক্ষেত্ৰত প্ৰয়োজন হয় প্ৰচুৰ অধ্যয়ন আৰু মানসিক প্ৰস্তুতিৰ। ‘বুদ্ধজায়া’ৰ জৰিয়তে লেখিকাৰ সেই অধ্যয়ন আৰু চৰিত্ৰৰ মাজত তেওঁৰ বিচৰণ সুন্দৰভাৱে প্ৰতিভাত হৈছে।

image
বুদ্ধজায়া

একেআষাৰে কব পাৰি— ‘বুদ্ধজায়া’ক এক অগতানুগতিক বিষয়বস্তু আৰু স্বকীয় উপস্থাপন শৈলীৰ সুখপাঠ্য উপন্যাস ৰূপে গঢ়ি তোলাত লেখিকা গীতালি বৰা পূৰামাত্ৰাই সফল। এখন উপন্যাস অথবা কিতাপৰ জৰিয়তে লেখকৰ মনোজগততো বহু পৰিমাণে বিচৰণ কৰিব পৰা যায়, ‘বুদ্ধজায়া’ত লেখিকাই তেওঁৰ অভিজ্ঞ মনোজগতত পাঠকক বিচৰণ কৰোৱাৰ উপৰিও এক অনন্য পঠন অভিজ্ঞতা উপহাৰ দিছে।

বুদ্ধজায়া এক উপেক্ষিতা নাৰীৰ জীৱনগাথা | যামিনী অনুৰাগ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক