পু থিখন ১৯৫৫ চনতে কলিয়াবৰৰ আঁহতগুৰি সত্ৰ (গোন্ধামৰা)ৰ সত্ৰাধিকাৰ মোহন চন্দ্র গোস্বামীৰ পৰা অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকালয়ে নকল লৈ সংৰক্ষণ কৰিছিল। তেতিয়াৰ পৰা এই তিনি কুৰি বছৰত পণ্ডিতসকলৰ আলোচনাত এই পুথিৰ বিষয়ে চর্চা কৰা দেখা নগ’ল। অগোচৰে থকা এই গুৰুত্বপূর্ণ চৰিত পুথিখন সাঁচিপাত/ তুলাপাতৰ পৰা ছপা আখৰত সম্পাদিত ৰূপত নিজৰ গাঁঠিৰ ধন ভাঙি প্রকাশ কৰিছে ড° গকুল গোস্বামীয়ে। পুথিখনৰ নাম হ’ল— ‘গদাধৰ কৃত গুৰু চৰিতত উপলব্ধ ইটো-সিটো’।
ড° গকুল গোস্বামী বিদ্বৎ সমাজৰ এটি পৰিচিত নাম। এগৰাকী প্রসিদ্ধ বিজ্ঞানী যদিও তেখেতে চিন্তামূলক প্রবন্ধ, বিজ্ঞান বিষয়ক ৰচনা আৰু শিশু সাহিত্যলৈকো বিশেষ বৰঙণি আগবঢ়াইছে। সুদূৰ বেংগালুৰুত থাকিওতো বৈষ্ণৱ সাহিত্যৰ চর্চা অব্যাহত ৰাখিছে।
আলোচ্য পুথিখনিৰ প্ৰকাশৰ গুৰি আছিল তেখেতৰ পিতৃ খগেশ্বৰ গোস্বামী। অসমত সমবায় আন্দোলনৰ কাণ্ডাৰী, কলিয়াবৰৰ আধুনিক সময়ৰ জ্ঞান মন্দিৰৰ প্রাতঃকালৰ অন্যতম পূজাৰী তথা সংগঠক খগেশ্বৰ গোস্বামীয়ে এই পুথিখনৰ ‘বিশ্লেষণাত্মক’ অধ্যয়ন আৰম্ভ কৰিছিল। তেখেতৰ বৈকুণ্ঠ প্রয়াণ হোৱাত পুথিখন পাণ্ডুলিপি অৱস্থাতে থাকি যায়। মহাপুৰুষ দুজনাৰ বিষয়ে ইতিমধ্যে প্রকাশিত চৰিত পুথিসমূহৰ সময়ে সময়ে পণ্ডিত-গৱেষকসকলে আলোচনা কৰিছে। প্রাচ্যতত্ত্ববিদ ড° মহেশ্বৰ নেওগে লিখিছে— ‘অসমীয়া ভাষাত গুৰু চৰিতৰ অনুশীলন এক বিচিত্র কার্য। শঙ্কৰদেৱ-মাধৱদেৱৰ জীৱন বৃত্তৰেই এই ধাৰাৰ সাহিত্য (মৌখিক আৰু লিখিত) আৰম্ভ হয়। ধাৰা নিছিগা সোঁতে সি বৈ থাকে।’ বর্তমান সম্পাদিত ৰূপত প্রকাশ পোৱা এই চৰিত পুথিখন এই ধাৰা নিছিগা সোঁতৰে এধাৰি পুণ্য সলিলা। ড° নেওগে গুৰু চৰিতসমূহ দুটা ভাগত ভাগ কৰিছে। প্রথম পর্যায়ত দৈতাৰি ঠাকুৰ, ভূষণ দ্বিজ, ৰামানন্দ দ্বিজ, বৈকুণ্ঠ দ্বিজ আৰু অনিৰুদ্ধ দাস, দ্বিতীয় পর্যায়ত ৰামচৰণ ঠাকুৰৰ ভনিতাৰ শঙ্কৰ চৰিত, বৰদোৱা গুৰু চৰিত, গুৰু চৰিত কথা, অন্যান্য পদ্য আৰু কথাচৰিত সামৰিছে বুলি উল্লেখ কৰিছে।
এই পুথিখনৰ গ্রন্থকাৰ সম্পৰ্কত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকৰ পৰা দিয়া টোকাত এনে দৰে লিখিছে— Gurucharit, life of Mahapurusha Sankardeva and Madhabdeva by Ram Das of Harakuchi also known as Gayapani and Gadapani. Gayapani was the husband of Urbashi, sister of Madhabdeva. পুথিখনৰ সম্পাদক ড° গোস্বামীয়ে এই আটাইকেইটা নাম সন্দেহবহির্ভূত নহয় বুলি কৈছে। আনহাতে, পুথিখনৰ সংগ্রাহক, শিক্ষাবিদ খগেশ্বৰ গোস্বামীদেৱে— ‘কহে গদাধৰ’ বাক্যাংশ ‘সাঁচিপাত চুৰুকি এৰুৱাই নতুনকৈ লিখা আছে’ বুলি উল্লেখ কৰিছে। এনে ক্ষেত্ৰত ‘গদাধৰ কৃত’ বুলি লিখা চৰিত পুথিখনৰ গদাধৰ আচলতে কোন ? ৰচক গদাপাণি, গঞাপানি বা গদাধৰ মাধৱদেৱৰ ভনী জোঁৱায়েক ৰামদাস একেজন নেকি? এটা কথা মন কৰিবলগীয়া, ৰামদাসৰ বিষয়ে পুথিখনৰ কেইবাঠাইতো উল্লেখ আছে যদিও কোনো ঠাইতে গ্রন্থকাৰে প্রথম পুৰুষত নিজ বক্তব্য দাঙি ধৰাৰ ইংগিত নাই। সেয়ে ৰামদাসে গদাধৰ নাম ল’লেও দুয়োটা নামৰ মাজত কিবা ফাক থাকিব পাৰে নেকি? এই পুথিৰ প্রকাশে এনে প্রশ্নৰ প্রকৃত সম্ভেদ গৱেষকসকলক উদঘাটন কৰিবলৈ এক সুযোগ দিছে।
পুথিখনিৰ সম্পাদক ড° গোস্বামীয়ে উল্লেখ কৰিছে— পুথিখনি ইতিমধ্যে ৰচনা হোৱা চৰিত পুথিৰ “তিনি চাৰিখন অধ্যয়ন কৰি তাৰ বিষয়ত সত্যাসত্য বিচাৰ কৰি প্ৰস্তুত কৰা গ্রন্থ, সেয়ে “অধিক নির্ভৰযোগ্য বুলি বিবেচিত হ’ব পাৰে।”
সম্পাদকীয় টোকাত (১) শঙ্কৰদেৱ আৰু দামোদৰ দেৱৰ গুৰু-শিষ্য সম্পর্কে সুস্পষ্ট ধাৰণা আছে। আৰু (২) “শঙ্কৰক তোৰাসবে অসূয়া এৰিবা। আজিবধি মহাপুৰুষ বুলিয়া মাতিবা।।”— শ্ৰীমন্ত শংকৰদেৱক মহাপুৰুষ বুলি প্রথম উল্লেখ কৰা সম্পৰ্কত তেখেতৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীয়ে প্রথম কৈছিল বুলি লেখকে লিখিছে। এই দুয়োটা কথাই গ্রন্থকাৰৰ সত্য বিচাৰৰ এক বিশেষ উদাহৰণ।
পুথিখনত শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ চৰিত সুকীয়া সুকীয়াকৈ লিখিছে। গ্রন্থকাৰৰ কাব্যিক প্রতিভাৰ স্বাক্ষৰ মাধৱ প্রশস্তিত দেখিবলৈ পোৱা যায়।
প্রসন্ন বদন = মধুৰ বচন = মুকুতা পান্তি দশন।
নাসা তিলফুল = ভ্ৰুৱ ধনু তুণ = আয়ত পদ্ম নয়ন॥
হৃদয় বহল = দীর্ঘ কম্বুগণ = বাহুযুগ সুবলিত।
শিৰ ছত্র প্রায় = গৌড় বর্ণ কায় = পৰম দয়ালু চিত্ত॥ ২০৪৬॥
গহীন গম্ভীৰ = গজ গতি ধীৰ = চৰণ দুই কমল।
শুক্ল বস্ত্র গাৱে = বিভুষিত ভাৱে = সুন্দৰ উৰু যুগল॥
গুণেৰ সাগৰ = মহা যশধৰ = কহিবো মহিমা কত।
তান সঙ্গ পাই = অজ্ঞান গুছই = শুদ্ধ হৱে লোক যত॥ ২০৪৭॥
ইয়াৰ উপৰি সৰু সৰু কিছু ঘটনাৰ বিৱৰণ সন্নিৱিষ্ট কৰিছে। যেনে— গাৰোৰ গোবিন্দই ‘তই বুলি সম্বোধন কৰাত আন ভকতসকলে গোবিন্দ আতৈক ‘আপুনি/তুমি’ ক’বলৈ কওঁতে, গোবিন্দ আতৈয়ে ভুলকৈ সম্বোধন কৰা বুলি অনুতপ্ত হৈ মাধৱদেৱৰ ওচৰত ক্ষমা বিচাৰোঁতে মাধৱদেৱে ক’লে— ‘তই বোলন্তেই তুষ্ট ভৈলো তোমাত’। আন এটা ঘটনা, বাৰানসীৰ মহাপণ্ডিত ব্রহ্মানন্দ সন্ন্যাসীয়ে কণ্ঠভূষণ নামৰ ছাত্ৰজনৰ মুখত সুললিত ভাগৱত শুনি স্তম্ভিত হৈছিল আৰু কৈছিল— যি দিশত আছা মহাপুৰুষ শঙ্কৰ। সি দিশক লাগি কৰিলোহো নমস্কাৰ।।
চৰিত পুথিখনৰ অন্তিম ভনিতাত লিখিছে— ‘শঙ্কৰ মাধৱ দুইৰো চৰিত্র কথন। যাৰ ইচ্ছা আছে আক কৰিয়ো শ্ৰৱণ॥’
গদাধৰ কৃত গুৰু চৰিত পুথিৰ উপসংহাৰত সম্পাদকে “আচহুৱা যেন অনুভৱ হোৱা কিছু সংখ্যক প্ৰসংগৰ বিষয়ে একোটা চমু ব্যাখ্যা” দিছে। এই কার্যই পুথিখন বুজাত সাধাৰণ পাঠকক সহায় কৰিব।
ড° গকুল গোস্বামীৰ এই পুথিখন প্রকাশ তেওঁৰ পিতৃৰ দিনৰ পৰা কৰা প্ৰচেষ্টাৰ এক সফল ৰূপায়ণ, এককভাৱেই কৰিছে। বৈষ্ণৱ সাহিত্যৰ সকলো পাঠক-গৱেষক তেখেতৰ ওচৰত কৃতজ্ঞ হ’ব। আশা কৰোঁ, কোনো প্রকাশকে ড° গোস্বামীৰ এই সম্পাদিত গ্রন্থখনত নথকা অংশও সম্পূর্ণ ৰূপে প্রকাশ কৰি ভৱিষ্যৎ চৰিত পুথিৰ তুলনামূলক অধ্যয়নত বিশেষ অৰিহণা যোগাব।
❧ | আৰু পঢ়ক: চৈয়দ আব্দুল মালিকৰ ‘প্ৰেম অমৃতৰ নদী’ উপন্যাসত প্ৰকৃতি চিত্ৰণ
গদাধৰ কৃত গুৰু চৰিতত উপলব্ধ ইটো-সিটো
সম্পাদনা: ড° গকুল গোস্বামী (+৯১ ৯৯০২৭ ৬৪৮৪১)
প্ৰকাশক: প্ৰাঞ্জল গোস্বামী
প্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০১৮
মূল্য: ১৫০ টকা