নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

একপক্ষীয় প্ৰেম: গোপন সুৰৰ অনুৰণন

একপক্ষীয় প্ৰেম: গোপন সুৰৰ অনুৰণন

তেওঁ নজনাকৈ তেওঁৰ হোৱাৰ মাদকতা সুকীয়া। তেওঁ নেদেখাকৈ তেওঁলৈ চোৱাৰ মজা সুকীয়া। এই প্ৰেমত প্ৰাপ্তিৰ বাবে মাৰাথন পৰিশ্ৰম নাথাকে, থাকে মাথোঁ তেওঁ সুখী হোৱাৰ এগালমান শুভকামনা। কিছুমান প্ৰেম এনেকুৱাই, আনৰ হৈয়ো নিজৰ যেন অনুভৱ হয়। এই প্ৰেমে প্ৰতিদান নিবিচাৰে, সেয়ে ই চিৰকাল নিৰ্মল— যেন পাহাৰৰ শিলাময় বুকুৱেদি নীৰৱে বৈ অহা এটা স্বচ্ছ নিজৰা, যি কাৰোবাৰ বাবে ৰৈ নাথাকে, কেৱল বৈ যায় নিজৰ গতিৰে। একপক্ষীয় প্ৰেম হৈছে এটা নীৰৱ সুৰ, যি নিজৰ বুকুৰ মাজতে গুঞ্জৰিত হয় আৰু নিজৰ বুকুতে বিলীন হৈ মাৰ যায়। এই প্ৰেম বকুৰ মাজত পোখা মেলা সেইজোপা ফুল, যি নিজৰ বাবে ফুলে আৰু তাৰ সুবাসে আপোনাৰ হৃদয়াৰণ্য ওপচাই তোলে।

একপক্ষীয় প্ৰেম এটা উকা স্বপ্নৰ দৰে, যাৰ ঠিকনা আপোনাৰ হৃদয়ে জানে। কিন্তু বাস্তৱে সেই সপোনৰ উপস্থিতি নিবিচাৰে। নীলিম আকাশৰ আচলত জিলিকা জোনটোৰ দৰে এই প্ৰেম, যি আপোনাৰ বাবে দিগন্তত জিলিকে, আপুনি তাক পোৱাৰ হেঁপাহ নকৰে, বৰং দূৰৰ পৰাই আস্বাদন কৰে ইয়াৰ সৌন্দৰ্য। এই সৌন্দৰ্যৰ গভীৰ আৱেষ্টনীত বিলীন হৈ পৰে মনৰ অস্থিৰতা। নহয়নে?

এই প্ৰেম এটা আধৰুৱা সুৰ, যি নিজৰ বুকুতে বাজে আৰু তাৰ শ্ৰোতা আপুনি নিজেই। এই প্ৰেম শৰতৰ সেইটো জোন, যি আপোনাৰ বাবে জ্বলে আৰু পোহৰ বিলায় আন কৰোবাৰ বাবে। এই জোনৰ সাৰ্থকতা কেৱল আপোনাৰ অনুভৱৰ মাজতেই সীমাবদ্ধ।

কিছুমান প্ৰেম এনেকুৱাই,— না প্ৰাপ্তিৰ কিবা আকাংক্ষা, না হেৰুৱাৰ কিবা যন্ত্ৰণা। প্ৰাপ্তিৰ তীব্ৰ ইপ্সা ইয়াত নাথাকে বাবেই এই প্ৰেম বৰ ধুনীয়া। একপক্ষীয় প্ৰেম চিৰদিন বুকুতে সামৰি ৰাখিব পৰা এক মধুৰ স্মৃতি, যিয়ে যন্ত্ৰণা নহয়, মনক এক সুকীয়া আনন্দৰে আন্দোলিত কৰিব পাৰে।

এই নীৰৱ ভালপোৱা আচলতে গভীৰ বুকুত জ্বলি থকা এটা গোপন জোনবাই, যিয়ে মনটোক এক স্নিগ্ধ জোনাকৰ আৱেশত বুৰাই ৰাখে। এই গোপন ভালপোৱা হৈছে নিশাৰ উচুপনিৰ দৰে, যি আনৰ কাণত নপৰিলেও আপোনাৰ সমস্ত সত্তাক এক মধুৰ অনুভৱেৰে সেমেকাই তোলে। এই প্ৰেমেই আমাক শিকায় যে সম্পৰ্কৰ সফলতা প্ৰাপ্তিত নহয়, বৰং গভীৰ অনুভৱত নিহিত হৈ থাকে।

আপোনাৰ হৃদয়ে কঢ়িয়াই ফুৰা এই গোপন সুৰৰ অনুৰণন চিৰদিন বাজি থাকক।

আৰু পঢ়িব পাৰে
প্ৰেমৰ স্বৰূপ

প্ৰেমৰ স্বৰূপ

লীলাধৰ বৰা

এই লেখকৰ সকলো লেখা চাওক →
একপক্ষীয় প্ৰেম: গোপন সুৰৰ অনুৰণন | দেৱজীৎ বৰা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...