প ৰিৱৰ্তনৰ জখলাডালেৰে বগাই বগাই আমি আজি এনে এটা বিন্দুত উপনীত হৈছোঁহি, য’ত আমি বৰ ব্যস্ত! বৰ যান্ত্ৰিক! আত্মকেন্দ্ৰিকতাৰ শিপাডাল যেন বৰ গভীৰলৈ শিপাইছে। সামাজিকতাৰ সংজ্ঞা পাহৰি স্বাৰ্থান্বেষত মগ্ন এখন নতুন পৃথিৱী। আমি আজি এনে এখন সমাজৰ বাসিন্দা, য’ত কেৱল চাৰিওফালে সকলোৰে দৌৰ। সকলোবোৰতে যেন দৌৰৰ অঘোষিত প্রতিযোগিতা চলিছে। কোনে কিমান বেগাই দৌৰিব পাৰে! তীব্রৰ পৰা তীব্ৰতৰ হৈ পৰা প্রতিযোগিতাৰ যুঁজখনে এই দৌৰৰ গতিবেগ ভাবিব নোৱৰাকৈ বঢ়াই লৈ গৈ আছে— পিছলৈ ঘূৰি চোৱাৰ অৱকাশ নথকাকৈ। সপোনবোৰ পূৰাবলৈকে আমি দৌৰি থাকোঁ। সপোনবোৰ বাঢ়ি গৈ থাকে। উচ্চাকাংক্ষাবোৰ আৰু উচ্চ হৈ গৈ থাকে। সমানুপাতিকভাৱে দৌৰৰ গতিবেগো বাঢ়ি গৈ থাকে। আমি যেন কোনো পিছ পৰি থাকিব নিবিচাৰোঁ। সকলোৰে শীৰ্ষত থাকিবলৈ লাগে আমাৰ সকলোকে। সেয়ে কাৰো সময় নাই। নহ’লে পিছ পৰি যোৱাৰ ভয়ত আক্রান্ত সকলো।
যন্ত্ৰৰ সহায়ত সকলো কাম কৰি কৰি সমগ্ৰ পৃথিৱীখনকে কেতিয়াবা যন্ত্ৰ যেন লাগে। যন্ত্ৰৰ দৰে দৌৰোঁতে দৌৰোঁতে আমি নিজৰ ওচৰত নিজেই অপৰিচিত হৈ যোৱা নাইনে? অন্তৰৰ মিঠা তাগিদাবোৰৰ পৰা নিজকে আতঁৰাই অনা নাইনে? জোনাক নিশা তৰাৰে বুটাবচা নীলা আকাশখনলৈ মূৰ তুলি চাই সেই উদাৰতাখিনি, সেই বিশালতাখিনি উজাই ল’বলৈ আমাৰ আহৰি নাই। দৌৰৰ গতিত আমাৰ স্বকীয়তাখিনি অলপ অলপকৈ হেৰুৱাই আমি নিঃস্ব হৈ যোৱা নাইনে? অনুভৱ হয়, আমি যেন বিৰাট শূন্য এটাৰ পিছত দৌৰি আছোঁ। আমি নিজেই নাজানো আমি কি বিচাৰোঁ।

এশ এবুৰি সমাধানহীন সমস্যাই আমাক ঘেৰি ৰখাৰ সময়তে উত্তৰবিহীন প্রশ্নবোৰে চিন্তিত কৰি তোলে। কিহৰ বাবে এই দৌৰ? নিজকে চিনি নোপোৱা আমি কাক চিনি পাবলৈ দৌৰি আছোঁ? এই দৌৰ শেষ হোৱালৈকে আমি— আমি হৈ থাকিমনে? সংকটৰ এই সময়খিনিত এখন বৌদ্ধিক দৌৰৰ বৰ প্রয়োজন। কভিদ মহামাৰীয়ে ইজনৰ পাছত সিজনকৈ কেইবাজনো বৰেণ্য ব্যক্তিক আমাৰ মাজৰ পৰা কাঢ়ি নিয়াৰ এই গভীৰ সংকটৰ সময়ত আমি নিজে নিজৰ পথ-প্রদৰ্শক হৈ ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে দৌৰিব লাগিব। এই দৌৰ হৈ উঠক এখন শক্তিশালী বৌদ্ধিক দৌৰ, অস্তিত্ব ৰক্ষাৰ দৌৰ। অন্যথা আমাৰ ‘ৰাজহাড় নাই বুলি বিশ্বই বৰকৈ হাঁহিব’!
❧ | আৰু পঢ়ক:
- চিকিৎসকৰ দিনলিপি: অসুখৰ অভিনয়
- বণ্ড, জেমচ বণ্ড
- অনুৰাধা শৰ্মা পূজাৰীৰ উক্তি: ‘ইয়াত এখন অৰণ্য আছিল’ৰ বাছকবনীয়া উদ্ধৃতি
- গীতৰ আঁৰৰ গদ্য: শৰতৰ শেৱালিৰ নতুন নিয়ৰে
- প্ৰেম, প্ৰকৃতি, উন্নয়ন, মহামাৰী ইত্যাদি
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক