ভা ৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান হিচাপে জ্ঞানপীঠ বঁটা (Jnanpith Award) ‘ভাৰতীয় জ্ঞানপীঠ’-এ ১৯৬৫ চনৰ পৰা প্ৰদান কৰি আহিছে। ভাৰতীয় জ্ঞানপীঠ অনুষ্ঠানটি বিশিষ্ট উদ্যোগপতি সাহু শান্তি প্ৰসাদ জৈনে ১৯৪৪ চনত প্ৰতিষ্ঠা কৰিছিল।
ভাৰতীয় ২৩টা সংবিধান স্বীকৃত ভাষাৰ সাহিত্য-ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা লেখকক এই বঁটা প্ৰদান কৰা হয়। ১৯৮১ চনলৈকে লেখকৰ কোনো এখন গ্ৰন্থৰ বাবে এই বঁটা আগবঢ়োৱা হৈছিল যদিও পৰৱৰ্তী সময়ত লেখকৰ সামগ্ৰিক সাহিত্যিক অৱদানৰ ভিত্তিত জ্ঞানপীঠ বঁটা আগবঢ়োৱা পৰম্পৰা প্ৰচলন কৰা হয়।
জ্ঞানপীঠ বঁটাত মানপত্ৰ, নগদ অৰ্থমূল্য আৰু সৰস্বতীৰ এটি ব্ৰঞ্জৰ মূৰ্তি প্ৰদান কৰা হয়। বিভিন্ন সময়ত পুৰস্কাৰৰ অৰ্থমূল্য নতুনকৈ নিৰ্ধাৰিত কৰা হৈ অহা জ্ঞানপীঠ বঁটাৰ অৰ্থমূল্য ২০১৫ চনত ১১ লাখ টকালৈ বৃদ্ধি কৰা হয়।
২৩টা ভাষাৰ ভিতৰত এতিয়ালৈকে ১৬টা ভাষাৰ লেখকে জ্ঞানপীঠ বঁটা লাভ কৰিছে। অসমীয়া ভাষাৰ তিনিজন লেখকে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছে। তেখেতসকল হৈছে— বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৯৭৯), ড° ইন্দিৰা গোস্বামী (মামণি ৰয়ছম গোস্বামী) (২০০০) আৰু নীলমণি ফুকন (২০২০/ ঘোষণা ২০২১ চনত কৰা হয়)।
ভাষা ভিত্তিক জ্ঞানপীঠ পুৰস্কাৰৰ সংখ্যা:
ভাষা | জ্ঞানপীঠৰ সংখ্যা |
---|---|
হিন্দী | ১১ |
কন্নড় | ৮ |
মালায়ালম | ৬ |
বাংলা | ৬ |
গুজৰাটী | ৪ |
উৰ্দু | ৪ |
ওড়িয়া | ৪ |
মাৰাঠী | ৪ |
তেলুগু | ৩ |
অসমীয়া | ৩ |
তামিল | ২ |
পঞ্জাবী | ২ |
কোংকনি | ২ |
কাশ্মীৰি | ১ |
সংস্কৃত | ১ |
ইংৰাজী | ১ |
মুঠ | ৬২ |
জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিকসকল:
চন | সাহিত্যিকৰ নাম | ভাষা |
---|---|---|
১৯৬৫ | জি শঙ্কৰ কুৰুপ | মালয়ালম |
১৯৬৬ | তাৰাশঙ্কৰ বন্দ্যোপাধ্যায় | বাংলা |
১৯৬৭ | উমাশঙ্কৰ যোশী | গুজৰাটী |
১৯৬৭ | কে ভি পুট্টাপ্পা | কন্নড় |
১৯৬৮ | সুমিত্ৰানন্দন পন্ত | হিন্দী |
১৯৬৯ | ফিৰাক গোৰখপুৰী | উৰ্দু |
১৯৭০ | ভি সত্যনাৰায়ণ | তেলুগু |
১৯৭১ | বিষ্ণু দে | বাংলা |
১৯৭২ | আৰ এচ দিনকৰ | হিন্দী |
১৯৭৩ | দি আৰ বেন্দ্ৰে | কন্নড় |
১৯৭৩ | গোপীনাথ মোহান্তি | ওড়িয়া |
১৯৭৪ | ভি এচ খান্দেকাৰ | মাৰাঠী |
১৯৭৫ | পি ভি অকিলানডাম | তামিল |
১৯৭৬ | আশাপূৰ্ণা দেবী | বাংলা |
১৯৭৭ | কে এচ কাৰান্থ | কন্নড় |
১৯৭৮ | এচ এইছ ভি অজ্ঞেয় | হিন্দী |
১৯৭৯ | বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য | অসমীয়া |
১৯৮০ | এচ কে পোট্টেক্কাট্ট | মালয়ালম |
১৯৮১ | অমৃতা প্ৰীতম | পঞ্জাবী |
১৯৮২ | মহাদেৱী বৰ্মা | হিন্দী |
১৯৮৩ | মাস্তি ভি আয়েঙ্গাৰ | কন্নড় |
১৯৮৪ | থাকাজি এচ পিল্লাই | মালয়ালম |
১৯৮৫ | পান্নালাল পটেল | গুজৰাটী |
১৯৮৬ | সচ্চিদানন্দ ৰাউতৰয় | ওড়িয়া |
১৯৮৭ | ভি ভি এচ কুসুমাগ্ৰজ | মাৰাঠী |
১৯৮৮ | চি নাৰায়ণ ৰেড্ডী | তেলুগু |
১৯৮৯ | কুৰেটুলেন হাইদাৰ | উৰ্দু |
১৯৯০ | ভি কে গোকক | কন্নড় |
১৯৯১ | সুভাষ মুখোপাধ্যায় | বাংলা |
১৯৯২ | নৰেশ মেহতা | হিন্দী |
১৯৯৩ | সীতাকান্ত মহাপাত্ৰ | ওড়িয়া |
১৯৯৪ | ইউ আৰ অনন্তমূৰ্তি | কন্নড় |
১৯৯৫ | এম টি বাসুদেৱন নায়াৰ | মালয়ালম |
১৯৯৬ | মহাশ্বেতা দেৱী | বাংলা |
১৯৯৭ | আলি সৰদাৰ জাফ্ৰি | উৰ্দু |
১৯৯৮ | গিৰিশ কাৰ্ণাড | কন্নড় |
১৯৯৯ | নিৰ্মল বাৰ্মা | হিন্দী |
১৯৯৯ | গুৰদয়াল সিং | পঞ্জাবী |
২০০০ | ইন্দিৰা গোস্বামী (মামণি ৰয়ছম গোস্বামী) | অসমীয়া |
২০০১ | ৰাজেন্দ্ৰ শ্বাহ | গুজৰাটী |
২০০২ | ডি জয়কান্তন | তামিল |
২০০৩ | বিন্দা কৰন্দিকাৰ | মাৰাঠী |
২০০৪ | ৰহমান ৰাহি | কাশ্মীৰি |
২০০৫ | কুঁৱৰ নাৰায়ণ | হিন্দী |
২০০৬ | ৰবীন্দ্ৰ কেলেকাৰ | কোংকনি |
২০০৬ | সত্যব্ৰত শাস্ত্ৰী | সংস্কৃত |
২০০৭ | অ’ এন ভি কুৰুপ | মালয়ালম |
২০০৮ | শাহৰিয়াৰ | উৰ্দু |
২০০৯ | অমৰকান্ত | হিন্দী |
২০০৯ | শ্ৰীলাল শুক্লা | হিন্দী |
২০১০ | চন্দ্ৰশেখৰ কম্বাৰ | কন্নড় |
২০১১ | প্ৰতিভা ৰায় | ওড়িয়া |
২০১২ | ৰাভুৰি ভৰত্বাজ | তেলুগু |
২০১৩ | কেদাৰনাথ সিং | হিন্দী |
২০১৪ | ভালচন্দ্ৰ নেমাডে | মাৰাঠী |
২০১৫ | ৰঘুবীৰ চৌধৰী | গুজৰাটী |
২০১৬ | শংখ ঘোষ | বাংলা |
২০১৭ | কৃষ্ণা চোবতি | হিন্দী |
২০১৮ | অমিতাভ ঘোষ | ইংৰাজী |
২০১৯ | অক্কিতম | মালয়ালম |
২০২০ | নীলমণি ফুকন | অসমীয়া |
২০২১ | দামোদৰ মাওজো | কোংকনি |