অ ৰ্থনৈতিক উদাৰীকৰণ আৰু বিশ্বায়নে বৰ্তমানৰ যুৱ সমাজক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে, যাৰ ফলত জীৱন হৈ পৰিছে ভোগসৰ্বস্ব। যুৱসমাজৰ বাবে সহজ ধনৰ লোভ অপ্ৰতিৰোধ্য হৈ পৰিছে। সততা, নিষ্ঠা, আদৰ্শ, ত্যাগ, সহমমিৰ্তা আদিৰ বিপৰীতে গৈ যুৱসমাজে লাভ (profit)ৰ প্ৰতিযোগিতাত বহু দলৈকে সোমাই পৰিছে, য’ত তেওঁলোকে হেৰুৱাই পেলাইছে সামাজিক মূল্যবোধ আৰু ব্যক্তিগত নৈতিক চেতনা। স্কুলীয়া জীৱনত চৰিত্ৰ গঠনৰ ক্ষেত্ৰত শিক্ষাগুৰুসকলে প্ৰদান কৰা মানৱীয় অনুভূতিৰে সিক্ত জ্ঞানগৰ্ভ বাণীসমূহ যেন তেওঁলোকৰ বাবে হৈ পৰিছে অৰ্থৰহিত কিছুমান শব্দৰ সমষ্টি মাথোন!
বৰ্তমানৰ সমাজ ব্যৱস্থাক এক বিশ্লেষণাত্মক দৃষ্টিভংগীৰে চালে দেখা যায় যে প্ৰকৃততে এই অস্থিৰ পৰিৱৰ্তনে এক ভয়াবহ বিপদৰ সংকেতহে বহন কৰিছে। এই উচ্ছৃংখল সমাজৰ প্ৰত্যেক স্তৰতে দেখা গৈছে ব্যাপক অনিয়ম, হিংসা-দ্বেষ, অৰ্থ লাভৰ দুৰ্নিবাৰ হেঁপাহ। ক’বলৈ গলে প্ৰত্যেক মানুহেই দুৰ্বল মানুহক দমন-শোষণ কৰি আগুৱাই যাব বিচাৰিছে।
কৃষি প্ৰধান অসমত বৰ্তমানৰ সামাজিক ব্যৱস্থাই তুলি ধৰিছে এক অস্পষ্ট ভৱিষ্যতৰ চিত্ৰ। যুৱসমাজৰ কৰণীয় এই ক্ষেত্ৰত অপৰিসীম। যুগৰ লগত আগুৱাই যাবলৈ নতুনক আদৰাৰ মানসিকতা আমাৰ প্ৰত্যেকৰে থকা উচিত যদিও আমি নিজৰ কলা-সংস্কৃতি, সৌন্দৰ্যক পাহৰি যোৱাটো সমূলি অনুচিত। যুৱসমাজে পুঁজিবাদী অৰ্থনীতিত সম্পূৰ্ণৰূপে জাহ নগৈ সমাজৰ প্ৰত্যেক স্তৰৰ মানুহৰ উন্নতি কেনেকৈ সাধন কৰিব পাৰি, সেই সম্পৰ্কে গঠনমূলক চিন্তা-চৰ্চা তথা কাৰ্যপন্থা গ্ৰহণ কৰাটো উচিত। যুৱসমাজেই দেশৰ ভৱিষ্যৎ, গতিকে বস্তুবাদী নহৈ সমাজবাদী চিন্তা-চৰ্চাক প্ৰাধান্য দিয়াটো খুবেই প্ৰয়োজনীয়।
বৰ্তমান সমাজ দুই ভাগত বিভক্ত,— ধনী আৰু দুখীয়া অথবা শোষক আৰু শোষিত। সমাজৰ প্ৰথম শ্ৰেণীৰ লোকসকলে সদায় সুৰক্ষিত আৰু সুবিধাজনক অৱস্থাত থাকি দুৰ্বল শ্ৰেণীৰ লোকৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব বিচাৰে। ক্ষমতা (Power), সামাজিক স্থিতি (Position) আৰু পদমৰ্যাদা (Status)-ৰ লোভত তেওঁলোকে পাহৰি যায় মানুহ হোৱাৰ বাবে প্ৰয়োজনীয় ন্যূনতম কৰণীয়খিনি; এই ক্ষেত্ৰত মানৱ ধৰ্ম হৈ পৰে মূল্যহীন আৰু সকলো নামি পৰে এক অঘোষিত প্ৰতিযোগিতাত। বিষ্ণু-জ্যোতিৰ অসমখনত ৰঘুমলাৰ দৰে বিয়পি পৰা এইচাম সুবিধাবাদীৰ বাবেই আজি ঘূণে ধৰিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত শোষিতৰ ওপৰত শোষণৰ মাত্ৰা বাঢ়ি গৈ আছে আৰু এনেকৈয়ে বাঢ়ি গৈ আছে অৰাজকতা।
পোৱা-নোপোৱাৰ এই প্ৰতিযোগিতাত ভাগ লৈ আজি মানুহ হৈ পৰিছে নিঃসংগ। গাত শক্তিকণ থকালৈকে দৌৰিছে, মাথোঁ দৌৰিছে। কাৰোবাৰ বাবে এধানমান সময় ৰ’লেই যেন তেওঁলোক হাৰি যাব, তেওঁলোক যেন হৈ পৰিব ‘লুজাৰ’। প্ৰতিযোগিতাৰে ভৰা জীৱনত মানুহে ভয়-শংকাৰে প্ৰতি পল জীয়াই থাকি অৱশেষত আপোন মানুহৰ সাদৰৰ মাত এষাৰৰ বাবে হাহাকাৰ কৰি ফুৰে, কিন্তু সেই সময়ত হয়তো তেওঁৰ কাষত কোনো আত্মীয় নাথাকে, হৈ পৰে তেওঁ সম্পূৰ্ণ অকলশৰীয়া আৰু তেতিয়াই তেওঁৰ নিজৰ অহংকাৰ, গৰ্ব সকলো মষিমূৰ হৈ যায়; উপলব্ধি কৰে— আনক শোষণ কৰি নিজে আগবাঢ়ি যোৱা প্ৰতিযোগিতাৰ অন্তঃসাৰশূন্যতাৰ কথা। ৰৈ থায় মাথোঁ কিছুমান বেদনাগধুৰ স্মৃতি। আমাৰ ভূপেনদাই সেয়ে গাইছে—
“আকাশীগঙ্গা বিচৰা নাই
নাই বিচৰা স্বৰ্ণ অলংকাৰ
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত
বিচাৰো মৰমৰ মাত এষাৰ…”
গতিকে ক’বলৈ গ’লে প্ৰত্যেক মানুহেই বাস্তৱত জীয়াই থাকি আনৰ কোনো ক্ষয়-ক্ষতি নকৰাকৈ নিজৰ কৰণীয়খিনি সময়মতে নিয়াৰিকৈ আৰু সততাৰে কৰি গ’লে আমাৰ এই অস্থিৰ সমাজলৈ সুস্থিৰতা আহিব। ‘সততা’, ‘নিষ্ঠা’, ‘সহানুভূতি’, ‘দয়া’, ‘মমতা’ আদি শব্দবোৰৰ সুষম বাস্তৱিক প্ৰয়োগে যুৱ সমাজৰ মানসিকতালৈ এক ধনাত্মক চিন্তাৰ ঢল নমাব।
সুখৰ কথা এই যে বৰ্তমানৰ সমাজতো এচাম যুৱক আছে, যিসকলে প্ৰকৃত শান্তিৰ সন্ধানত নামি পৰিছে। কিন্তু উপযুক্ত পৰিৱেশ, দিক-দৰ্শক তথা উৎসাহদাতাৰ অভাৱত তেওঁলোকৰ এই সন্ধানৰ গতি স্থৱিৰ হৈ পৰিছে অথবা স্থৱিৰ হ’বলৈ বাধ্য হৈছে। গতিকে কাল্পনিক জগতৰ মায়া-মোহত নোসোমাই বাস্তৱৰ প্ৰকৃত সত্যক স্বীকাৰ কৰি প্ৰত্যেক মানুহেই প্ৰত্যেকৰে বাবে সদভাৱ, সন্মান, শ্ৰদ্ধা, সহায়ৰ মনোভাৱ ৰখাটো নিতান্তই প্ৰয়োজনীয়।
❧ | আৰু পঢ়ক: দেউতাৰ শাওণ, মোৰ শাওণ
সমাজত ভিন্নতা থকাটো স্বাভাৱিক, কিন্তু সেই ভিন্নতা আয় চাই হোৱাটো লজ্জাজনক। ধন-সম্পত্তিয়ে মানুহৰ ভিন্নতা আনিব নোৱাৰে, আনে মানুহৰ চিন্তা-ধাৰা, মানুহৰ ব্যৱহাৰ তথা মানসিকতাইহে। গতিকে এজন মানুহৰ আন মানুহৰ প্ৰতি যি মানসিকতা, চিন্তাধাৰা অথবা ব্যৱহাৰ সেয়া সদায় সৎ, শুদ্ধ, যুক্তিসংগত, সমভাৱাপন্ন হোৱাৰ লগতে মানৱীয় অনুভূতিৰে সিক্ত হোৱা উচিত। হীৰুদাৰ ভাষাৰে—
“…ৰণুৱা, বনুৱা, হালোৱা
এই সকলোৰে মাজত মই আছোঁ— মোৰ দেশৰ বাবে। অনৈক্যৰ
মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।…”