পৃ থিৱীত প্ৰেম, কৰুণা, দয়া আছে বাবেই ই সুন্দৰ,— স্বৰ্গতুল্য। যাৰ জীৱনত এইখিনিৰ অভাৱ, সেই জীৱন বিহতুল্য। মহান নাট্যকাৰ শ্বেক্সপিয়েৰে কয়— “We live by love, hope and admiration”।
“সংসাৰৰ নৰ-নাৰী মাথোন আশাতে জীয়ে
ভালপোৱা আৰু শলাগনি,
নহ’লে ফুলনিডৰা খন্তেকতে জয় পৰা
নাই তাৰ একোকে মোহিনী।”
বিবেকানন্দই কয়— “Prema is love, it leads to heaven”। প্ৰেমেই ভালপোৱা আৰু ই স্বৰ্গলৈ অৰ্থাৎ মহাশান্তিৰ ৰাজ্যলৈ মানুহক বাট দেখুৱাই লৈ যায়। কেৱল কামনা-বাসনা যুক্ত প্ৰেম প্ৰকৃত প্ৰেম হ’ব নোৱাৰে। এনে প্ৰেম ক্ষণস্থায়ী, ই আত্মাক তৃপ্তিও দিব নোৱাৰে। সেয়ে সেই প্ৰেম সাধাৰণ নিকৃষ্ট মানুহৰ বাবেহে কাম্য। অৱশ্যে এইটো ঠিক যে দৈহিক প্ৰেমৰ মাজেদিয়েই স্বৰ্গীয় প্ৰেমৰ ৰাজ্যত প্ৰৱেশ কৰা যায়। মূৰ্খবিলাকে সেই ৰাজ্যৰ কামনা কৰিব নোৱাৰে। প্ৰখ্যাত দাৰ্শনিক পণ্ডিত উইল ডুৰাণ্টে কৈছে— “One touch of a woman’s hand can be a paradise, if it’s touch is not for too much”। নাৰীৰ কেৱল হাতৰ এটা স্পৰ্শই স্বৰ্গতুল্য আনন্দ দিব পাৰে, যদি সেই স্পৰ্শ বেছি দূৰ আগনাবাঢ়ে।
প্ৰেমৰ বাবেই মানুহ পশুতকৈ বেলেগে। আচলতে প্ৰকৃত প্ৰেমৰ অনুভূতি সকলো মানুহৰ বাবে সহজ নহয়। ই বৰ ৰহস্যৰে আবৃত। অন্যহাতে ই মানুহৰ এক সহজাত প্ৰবৃত্তি। সকলো প্ৰাণীৰ দেহত এই প্ৰেমৰ অনুভূতি অঙ্কুৰিত হয়। অনুভূতিৰ বীজ সঞ্চাৰ হৈ এদিন সি লহপহীয়া শস্যলৈ ৰূপান্তৰিত হয়। তেতিয়া মানুহৰ অন্তৰলৈ আহে বিশ্বখনকে আপোন বুলি আঁকোৱালি লোৱাৰ ভাব। মনলৈ আহে মমতা, সহানুভূতি আৰু মঙ্গলকামনা।
এগৰাকী লেখকে কৈছে— “প্ৰেম এক অলিখিত আন্তৰিক চুক্তি, সাংস্কৃতিক বিনিময়। হৃদয়ৰ সৰ্বোত্তম মানৱিক অনুভৱ। ডাল লগাই প্ৰেম নহয়। কথাৰ মহলা কিম্বা পত্ৰৰ শব্দ ক্ৰমেই সৰ্বস্ব নহয় প্ৰেমৰ। ইয়াৰ অৰ্থ খুবেই বিশাল। নিজকে আনৰ বাবে ত্যাগ কৰি দিয়া মনোভাব, নিৰ্মল বুজাবুজিৰে প্ৰেম এক বিশিষ্ট পৃথিৱী। তপস্যালব্ধ প্ৰজ্ঞাৰ পৰিধি বিশালৰ পৰা বিশালতৰ হয়, ওপৰলৈ উঠি গ’লে যিদৰে দিকবলয় চক্ৰ দূৰণিলৈ আৰু দূৰণিলৈ গুচি যায়, ঠিক তেনেদৰে এক সত্তাৰ সন্ধানত মানুহৰ হৃদয় পৰিধিৰ বিস্তৃতিয়েই প্ৰেম। প্ৰেম এক সুৰভিত সংলাপ, মৌনতাতো বাঙ্ময়, এন্ধাৰতো চিন্ময়, প্ৰেম এক পৰম বিস্ময়।”
যিসকল লোক কল্পনা প্ৰৱণ নহয়, তেওঁলোকৰ হিয়াত প্ৰকৃত প্ৰেম নাথাকে। মূৰ্খৰ বাবে প্ৰকৃত প্ৰেমৰ উপলব্ধি সম্ভৱ নহয়। সহজ-সৰল জীৱনৰ সাধাৰণ জনজাতীয় লোকৰ মাজত দেখা পোৱা যায় সেই অকৃত্ৰিম ভালপোৱা। উভয়ৰে উভয়ৰ প্ৰতি আত্মোৎসৰ্গৰ ভাব থাকে। মধ্যবিত্ত শ্ৰেণীৰ দৰে সস্তীয়া প্ৰেম তাত নাই। ক্ষুধা নিবাৰণৰ উপায় হিচাপেও প্ৰেমক গণ্য কৰা নাযায়।
সাধাৰণতে কবিসকলক প্ৰেমে আটাইতকৈ বেছি অনুপ্ৰাণিত কৰে। তাৰ উদাহৰণ কালিদাসৰ পৰা শ্বেলী, কীটছ্, ৱৰ্ডচৱৰ্থলৈকে দিব পৰা যায়।
আজিৰ সৰহভাগ প্ৰেমিক-প্ৰেমিকাই প্ৰকৃত প্ৰেম অনুভৱ কৰিব নোৱাৰে বা সেই ভাবৰ অধিকাৰী হ’ব নোৱাৰে। প্ৰকৃত প্ৰেম হৃদয়ৰ এনে এক শাশ্বত অনুভূতি, যাৰ এক আধ্যাত্মিক গুণ আছে। প্ৰত্যেক মানুহৰ অন্তৰতে চিৰন্তন প্ৰেমৰ এক সোঁত বৈ থাকে, যাৰ উপলব্ধি সকলোৰে বাবে সম্ভৱ নহয়। প্ৰেম আত্মাৰ পৰিপূৰকো— আধ্যাত্মিকতাৰ ভাবদাতা। প্ৰেমৰ এই দৰ্শনৰ মাজত কামনাৰ কোনো গোন্ধ নাথাকে। কিন্তু একৈশ শতিকাৰ হৃদয়হীন নৰ-নাৰীৰ অন্তৰত এই প্ৰেমে কেতিয়াও বিৰাজ কৰিব নোৱাৰে। তেওঁলোক জৈৱিক প্ৰেমত দেউলীয়া। হিয়া ক্ষত-বিক্ষত। একাধিক লোকৰ লগত একেজনী নাৰী প্ৰেমত পৰা মানে সেই প্ৰেম দেহজ আৰু বেপেৰুৱা, তাত সন্দেহ নাই। এই ক্ষেত্ৰত মনত পৰিছে বেকনৰ এষাৰ সুন্দৰ কথা— “Nuptial love maketh mankind, friendly love perfecteth it, but wonton love corrupteth and embaseth it”। সেই নাৰীয়ে প্ৰকৃত প্ৰেমৰ স্বাদ ল’ব নোৱাৰে। দেহদান কৰি কৰি শেষত দিবলৈ একোৱেই নাথাকেগৈ। কিন্তু প্ৰকৃত প্ৰেমিক বা প্ৰেমিকাৰ এজন পুৰুষ বা এগৰাকী নাৰীৰ প্ৰতি থকা গভীৰ ভালপোৱাই সমগ্ৰ মানৱ জাতিকে ভাল পাবলৈ অনুপ্ৰেৰণা যোগায়, লৈ যায় আধ্যাত্মিক জগতখনলৈ।
বহুতো প্ৰেমিক-প্ৰেমিকাই ভাল পাই বিবাহপাশত অৱদ্ধ হয় আৰু যদি সি আত্মজ হয়, তাৰ পৰা উভয়ৰ উপকাৰ সাধন হয়; কিন্তু সি যদি দেহজ হয়, তেন্তে খন্তেকতে সি থানবান হৈ জীৱন হয় বিষময়। বহুতে আকৌ আত্মহত্যা কৰাৰো উদাহৰণ দেখা যায়। মই ভাবোঁ, প্ৰকৃত হৃদয়ৰ প্ৰেম তেতিয়াহে প্ৰেম হৈ থাকে, যেতিয়া তাক বিয়াৰ ক্ষেত্ৰলৈ অনা নহয়। দুখে যেনেকৈ সংসাৰৰ বহু জ্ঞান দিয়ে, বিচ্ছেদেও প্ৰেমিক-প্ৰেমিকাক এখন সপোন ৰাজ্যত বিচৰণ কৰাব পাৰে, বন্দী কৰি ৰাখিব পাৰে এক অজান সুখ আৰু শান্তিৰ ৰাজ্যত। আৰু এটা কথা, ডাণ্টেৰ প্ৰেমৰ দৰে একোজনী নাৰীয়ে এজন পুৰুষৰ অন্তৰত বিৰাট তোলপাৰ লগাই তেওঁক এক সপোনপুৰীত বিচৰণ কৰাব পাৰে। সেয়া বাস্তৱিকতে ভাগ্যৰে কথা। একোজনী নাৰীয়ে পুৰুষৰ নৰকগামী মনটো ঘূৰাই স্বৰ্গলৈ লৈ যাব পাৰে।
যি প্ৰেমত স্বাৰ্থ নিহিত থাকে, সেই প্ৰেম খন্তেকতে ধূলিসাৎ হৈ যায়। বহু ক্ষেত্ৰত প্ৰেমৰ ৰাগিত প্ৰিয় বা প্ৰিয়াক বহু কথাই কোৱা নহয় বা ক’ব নোৱাৰি। প্ৰাণপাত্ৰ প্ৰেম-সুধাৰে ভৰি থাকে, গতিকে প্ৰিয় বা প্ৰিয়া বোবা হৈ যায়। হৃদয়ৰ কথা তেতিয়া বগা কাগজত নিগৰি ওলায়। প্ৰেমপত্ৰক বাদ দি বহু ক্ষেত্ৰত প্ৰেম হৈ পৰে আউঁসীৰ জোনটোৰ দৰেই। পত্ৰই প্ৰেমিক-প্ৰেমিকাক বহু দূৰতে ৰাখি এক বিশাল অনুভূতিৰ অধিকাৰী কৰি তোলে। বহুতৰ জীৱনত এই পত্ৰতে সকলো শেষ হৈ যায়, কিন্তু আৰম্ভ হয় আত্মাৰ এক নতুন অনুসন্ধান। দৈহিক কোনো সম্বন্ধ নোহোৱাকৈ এজন প্ৰেমিকক বা এগৰাকী প্ৰেমিকাক এক বহল হৃদয়ৰ অধিকাৰী কৰি তুলিব পাৰে আৰু কল্পনা কুঁৱৰীৰ সহায়ত স্বৰ্গীয় সৌন্দৰ্যৰ সন্ধান দিব পাৰে। বাস্তৱৰ প্ৰিয়াতকৈ কল্পনাৰ প্ৰিয়াই প্ৰেমিকক কি অমৃতকুম্ভৰ সন্ধান দিব পাৰে, সেই কথা প্ৰিয়াই গমকে নাপায়। প্ৰিয়াই ঘৃণা কৰিলেও প্ৰেমিক কল্পনাৰ ৰথত উঠি চিৰন্তন মধুযামিনী যাপন কৰিব পাৰে। তেতিয়া তেজ-মঙহৰ প্ৰিয়া ৰূপান্তৰিত হৈ যায় এক গোসাঁনীলৈ— ঈশ্বৰীলৈ। এই অনুভূতি আমাৰ কিমানৰ আছে? কামনাৰ ৰাগীত মছগুল হৈ থকা সকলে এই সৌৰভ নাপায়। বিদ্যাপতি বা ডাণ্টেই এই প্ৰেমৰ স্বাদ লাভ কৰি আধ্যাত্মিক জগতখনত ন ন ৰূপত অমৃতকণা পান কৰিছিল আৰু জগতবাসীক দি গৈছিল স্বৰ্গীয় প্ৰেমৰ নতুন বতৰা। এই প্ৰেম মোহনীয় আৰু সৌন্দৰ্যবৰ্ধক— আয়ুসবৰ্ধক। ইংলেণ্ডৰ মনোবৈজ্ঞানিক ঔষধ বিভাগৰ মুৰব্বী অধ্যাপক এন্থলী ক্লেয়াৰে এই বুলি অভিমত দিছে— “Love is vigorously portrayed as a force, a fuel, an elixir, a drug, a gift from God to remind man of divine love”।
বঙ্গৰ প্ৰখ্যাত সাহিত্যিক অন্নদাশঙ্কৰ ৰায়ে ৯০ বছৰ বয়সত তেখেতৰ সম্বৰ্ধনা উৎসৱত এইবুলি কৈছিল—
“কৰিনি জীৱনপাত অৰ্থেৰ সন্ধানে
কৰেছি জীৱনভৰ সত্যেৰ অন্বেষা
ৰমনীৰ প্ৰেম ছিল একমাত্ৰ নেশা
মধুৰ ৰসেৰ স্বাদ পেয়েছি সেখানে।”
বহুতৰ প্ৰেম নিবেদিত হয় মানৱৰ কল্যাণৰ ব্ৰতত। মানুহৰ সমাজত সুখ-আনন্দ বিলাই গোটেই জীৱন পাত কৰিবলৈ দুৰ্বাৰ আকাংক্ষা জাগি উঠে— জাগি উঠে দুখ-দৈন্যৰ মাজত সৃষ্টি কৰি লোৱা কল্পনা ৰাজ্যত বিৰাটৰ সুখ অনুভৱ কৰাৰ। সেৱাৰ মাজেৰেহে প্ৰকৃত প্ৰেম উজলি উঠে। প্ৰেমক মহৎ কৰে মহান ত্যাগে।
দেৱকান্ত বৰুৱাই কৈছিল—
“ভাল পাওঁ কিয় মই? কিমতে বুজাওঁ হেৰা
ভাল পাওঁ কিয়নো তোমাক?
বিশ্বৰ মাধুৰীৰাশি জীৱনৰ মৌকোঁহ
আছে দেখি লুকাই তোমাতে?”
প্ৰেম, জীৱন, যৌৱনকে অৱলম্বন কৰি জীৱনৰ সৈতে অক্ষয় সংগ্ৰাম কৰি দেৱকান্ত কলঙৰ পাৰত জীয়াই আছিল, জীয়াই থাকিবলৈ হেঁপাহ কৰিছিল।
ফ্ৰয়েডৰ মতে, মানুহে বাস্তৱ ক্ষেত্ৰত যি সন্তুষ্টি লাভ কৰে, তাৰে তেওঁৰ মনৰ পৰিপুষ্টি সাধন নহয়। এই চিৰন্তন সত্য প্ৰমাণিত হৈছে শ্বেলীৰ প্ৰণয়াচ্ছন্ন মোহৰ পৰিসমাপ্তিত। ছমাৰচেট মমে ক’ব বিচাৰে, প্ৰেম কল্পনাশ্ৰিত হ’লে কল্পনাৰ আলমতে তাৰ শ্ৰীবৃদ্ধি আৰু বিকাশ হয়। আনহাতে যৌনমিলনত ইয়াৰ চৰিতাৰ্থ ঘটিলে প্ৰকৃত প্ৰণয়ৰ মৃত্যু আৱশ্যম্ভাৱী।
শ্বেলীয়ে নাৰীসত্তাত দেখা পাইছিল অলৌকিক গুণৰ সমাবেশ। নাৰী সম্পৰ্কে তেওঁৰ ধাৰণা আছিল অলীক কল্পনা আৰু উচ্ছ আদৰ্শেৰে অনুপ্ৰাণিত। শ্বেলীয়ে নাৰীক বিচাৰিছিল অধিক বুদ্ধিমত্তা, ভাব গধুৰ অনুপ্ৰেৰণা আৰু দেহ-মনৰ সুচিতা ৰূপে, কিন্তু তেওঁ তেনে প্ৰেম নাপালে। প্ৰেমিকা হ্যেৰিয়েটৰ সম্পৰ্কত কৈছিল— “She whom I found was dear but false to me”। একে সুৰতে ভাৰতৰ এগৰাকী অপ্ৰতিদ্বন্দ্বী অভিনেত্ৰী মীনা কুমাৰীয়ে কৈছিল অতি দুখেৰে— “Many a time I thought that my destination was within my reach and I was going to get that love for which I was longing; but again and again I realised, though late, that I was running after a mirage.” (‘Meena Kumari’ by Vinod Mehta)। মীনা কুমাৰীয়ে প্ৰেমৰ সাগৰত উটি-বুৰি ফুৰি শেষত বুজি উঠিল যে তেওঁ এক মৰীচিকাৰ পাছে পাছেহে দৌৰি ফুৰিছিল। তেওঁ যি প্ৰেম পালে, সেই প্ৰেম তেওঁ বিচৰা প্ৰেম নাছিল— সেই প্ৰেম আছিল অনৰ্থক, মূল্যহীন।
মানৱ কল্যাণৰ কাৰণে প্লেটোৰ চিন্তা-চৰ্চাত প্ৰেম আছিল অন্যতম কেন্দ্ৰীয় বিষয়। তেওঁৰ মতে, প্ৰেম সকলো প্ৰকাৰ জ্ঞান উন্মেষকাৰী শক্তিস্বৰূপ। সঁচা প্ৰেমৰ দ্বাৰা মহৎ জীৱন সম্ভৱ হ’ব পাৰে। তেওঁৰ মতে জীৱনৰ সকলো পুণ্য আৰু সৎ কৰ্মৰ লগতে ধৰ্মৰ চালিকা শক্তি হ’ল প্ৰেম। তেওঁৰ দৃষ্টিত প্ৰেম স্বৰ্গীয় (Eros)। ই মানৱাত্মাৰ ঊধ্বৰ্মুখী দৃষ্টি, সৰ্বোত্তম পথলৈ যাত্ৰা কৰাৰ দুৱাৰ স্বৰূপ। মানৱৰ প্ৰকৃত প্ৰেমৰ দ্বাৰা পাৰ্থিৱ দৈহিক প্ৰেমৰ বন্ধন ছিঙি অমৰধামলৈ যোৱাত প্ৰেম অস্ত্ৰ স্বৰূপ। তেওঁৰ মতে, প্ৰেমৰ দ্বাৰাহে আদৰ্শৰ পৃথিৱীলৈ গতি কৰিব পৰা যায়। চক্ৰেটিছেও কৈছে যে একমাত্ৰ স্বৰ্গীয় প্ৰেমৰ জ্যোতিৰে জ্যোতিস্মান হ’লেহে দাৰ্শনিকসকলে বাহিৰৰ পৃথিৱীতো তাৰ কিৰণ বিচাৰি পায়।
প্লেটোৰ মতে, বিবাহ পুৰুষ-নাৰীৰ এক পূৰ্ণতা প্ৰাপ্তিৰ বিষয়। নাৰী-পুৰুষৰ প্ৰকৃত প্ৰেমে মনলৈ উৎসাহ, প্ৰেৰণা, উদ্যম আনে। দাৰ্শনিক প্লেটোৱে সেয়েহে কৈছে যে কোনোবা দেশৰ সৈনিকে যদি যুদ্ধক্ষেত্ৰত বিশেষ যশস্যা অৰ্জন কৰাত সফলতা লাভ কৰে আৰু যুদ্ধক্ষেত্ৰত থাকোঁতে যদি প্ৰিয় নাৰীক আলিঙ্গন বা চুমা খাব বিচাৰে, তেন্তে তাত অনুমোদন জনোৱা উচিত। কাৰণ সেই বীৰজনে সফলতাৰে যুদ্ধ কৰি সাহসিকতাৰ পৰিচয় দি যশস্যা আৰ্জিব পাৰে। নিজৰ প্ৰিয় নাৰীক যুদ্ধক্ষেত্ৰত পালে বীৰত্ব প্ৰদৰ্শন দুগুণে বৃদ্ধি পাব। নেপোলিয়নে যুদ্ধক্ষেত্ৰত প্ৰেয়সী জোচেফাইনৰ পৰা সদায় একোখন প্ৰেমপত্ৰ পাবই লাগিছিল, নহ’লে তেওঁ যুদ্ধক্ষেত্ৰত প্ৰেৰণা নাপাইছিল। এই নাৰীৰ মৰমৰ পৰা বঞ্চিতসকল পৃথিৱীত সঁচাকৈ অতি দুৰ্ভগীয়া জীৱ।
❧ | আৰু পঢ়ক: নাৰীৰ বিষয়ে কিছুমান সাহসী মন্তব্য
স্বামী বিবেকানন্দই কৈছে— “Love open the most impossible gates”। প্ৰেমৰ শক্তিয়ে জীৱনৰ অলঙ্ঘ্য বাধাৰ প্ৰাচীৰৰো পথ মুকলি কৰিব পাৰে। প্ৰেমৰ এই মহৎ গুণখিনিহে সকলোৱে এবাৰ গভীৰভাৱে চিন্তা কৰি চাব লাগে; কিন্তু দুখৰ কথা, এই চিন্তা হাজাৰৰ মাজত দুই-এজনেহে কৰে। সেই সকলৰ জীৱনহে ধন্য। “The great tragedy of life is not that men perish, but that they cease to love”— চমাৰছেট মমৰ এই কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ বুলি ভাবিব লাগে।